চিৰ চেনেহী মোৰ ভাষা জননী

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

চিৰ চেনেহী মোৰ ভাষা জননী।
ধন্যে পুণ্যে হৃত-পাৱনী, আই॥

প্ৰকৃতি পৰশ-ৰসে অমল কমল
চঞ্চল হৃদি জলে ঢালে পৰিমল
কোমল চম্পাৰ কলি
ঢৌৱে ঢৌৱে ঢৌৱে তুলি
ৰিণিকি ৰিণিকি কোনে তোলে ৰাগিণী॥

সংসাৰ গুৰুভাৰে অৱশ পৰাণ
হিয়াত বিলীন হয় হিয়াভৰা গান
কাৰ নিচুকনি শুনা
শুনি বাণী ব্যথা পমা
চকুতে চকুৰ নীৰে লয় জিৰণি॥

জীৱনে মৰণে ৰণে লহৰী সুধাৰ
বসনা শিতানে বহি সিঁচা শতধাৰ
হে মোৰ মধুৰাননা মাগিছোঁ মাধুৰী কণা,
দিয়া দিয়া দিয়া আই মধুৰ-ভাষিণী॥