চিকাৰ কাহিনী/মিকিৰৰ লগত দুৰাতি—অৱশ্যে হাতী বিচাৰি
[ ৫৯ ]
মিকিৰৰ লগত দুৰাতি—অৱশ্যে হাতী বিচাৰি
খুজিলে মাজে-সময়ে কামৰূপৰ ডেপুটি কমিশ্যনাৰ চাহাবে চৰকাৰী হাতীজনী প্ৰায়ে দিয়ে। হাতীজনী দেখোঁতে যেনেকুৱা শোভন, সুন্দৰ আৰু সুঠাম, কামতো সেইদৰেই আচল কোমোৰা বান্ধৰ হাতী। পাছৰ ভৰি দুখন চুটি, পেট ডাঙৰ, নেজ দীঘল; কিন্তু মাটি চুচৰি নাযায়। মাটি চুচৰি যোৱাক ঝাড়ুডুমা বোলে। তেনেকুৱা হলে অলক্ষী বুলি কয়, গৃহস্থৰ সম্পত্তি উলিয়াই নিয়ে, কিন্তু ৰাশিছাৰ মানুহ হলে আকৌ আনৰ সম্পত্তি ঘৰলৈ অনা প্ৰবাদ আৰু প্ৰমাণে৷ পোৱা যায়। নেজৰ অন্তত সৰহ নোম, সৰু বিচনীৰ দৰে বহল। গাৰ ছাল ডাঠ আৰু কোৰপটা-কোৰপটি, মূৰ ডাঙৰ আৰু যাওঁতে মূৰ দাঙি যায়। তালু বগা। তালু ক’লা হাতীয়ে মানুহ মৰা প্ৰবাদ আছে আৰু সেইকাৰণে তালু ক'লা হাতী গৃহস্থই ৰাখিব নোখোজে আৰু সদাগৰে কিনিলেও দাম বহুতো কম দিয়ে। হাতীজনীৰ এটা মাত্ৰ লক্ষণ বেয়া আছে—তাইৰ নখ ১৬ টা। সাধাৰণতে নখ ১২ টা হোৱা উচিত। ১৬ নখী হাতী প্ৰায়েই পলায়; কিন্তু এই হাতী- জনীয়ে প্ৰবাদৰ অসত্যতা প্ৰমাণ কৰিছে। কাৰণ, পৰ্বতত এৰি দিলেও এৰি দিয়া ঠাইতে খাই থাকে, কিন্তু পলাবৰ চেষ্টা নকৰে। এনেকুৱা ধুনীয়া আৰু সৰ্বগুণী হাতী মই কমেই দেখিছোঁ।
সাহ থকা ভাল চিকাৰীৰো সময়ত বুকু কঁপি উঠে, কিন্তু মৌহনমালাই ভয় কৰাৰ প্ৰমাণ আজিলৈকে পোৱা নাই৷ এতিয়া মানে বয়স ৭০ বছৰ পাৰ নহলেও নিচেই ওচৰ তাত সন্দেহ নাই। আজিও থিয় পৰ্বতত উঠা দেখিলে আচৰিত হব লাগে। বনৰীয়া আৰু ঘৰচীয়া দঁতাল, মখনা, মাথুন্দী, কোমোৰ৷ বান্ধৰ, [ ৬০ ] মিবিগা বান্ধৰ অলেখ প্ৰকাৰৰ হাতী দেখিছোঁ; কিন্তু এনেকুৱা সুন্দৰ আৰু সৰ্বগুণী হাতী সৰহ দেখা নাই বুলিয়েই তাইৰ বিষয়ে ইমান লিখিলোঁ। মোহনমালা আৰু মোৰ জয়বাহাদুৰ ( মখন৷ ) দুয়োকো আগেয়ে পঠিয়াই দিলোঁ চকৰদলৈ। আজৰালৈ গলো মটৰেৰে, তাতে হাতী ৰৈ আছিল; মাল-বস্তু সমন্বিতে গৈ ৰাতি চকৰদতে থাকিলোঁ। চিকাৰীৰ স্বৰ্গ চকৰদ এই সময়ত চিকাৰ শূন্য। এটি টিপচী চৰায়ো দেখিবলৈ নাই। পুৱা ৬ বজাত লগত আৰু কেজন- মান চকৰদৰে মানুহ লৈ সাজে-সন্ধ্যায় ৰাণী পালোগৈ। ৰাতি তাতে থাকিলোঁ। পিচদিনা পূবে পোহৰ দিওঁতেই তাৰপৰা খোজ ললো, অৰ্থাৎ মই হাতীৰে আৰু লগৰ মানুহক খোজ কঢ়ালো। অলপদূৰ যোৱাৰ পিচতে পৰ্বত পালে৷; বাট থিয় আৰু চেপা ওপৰৰপৰা মহে কাঠ টানে, তাক “জুৱা” টন৷ বোলে। মহ আঁতৰাই অতি সাৱধানে হাতী নিনিলে হাতী, মহ, মানুহ সকলোৰে মৃত্যুৰ সংশয় থাকে।
ঘণ্টাত এমাইল হিচাপে হাতী চলিছিল। মোৰ হাতীটো পাতল, তাক ধৰাৰ দুবছৰ পূৰ হোৱা নাই, খচমচ কৰি উঠি যায়, কিন্তু মোহনমাল৷ ভাৰী আৰু বুঢ়ী। ইখোজৰপৰা সিখোজলৈ চাই-চিতি অতি সাৱধানে চলিবলগীয়া হৈছিল। ঠায়ে ঠায়ে পৰ্বত বৰ থিয়; মিকিৰে উঠা-নমাৰ কাৰণে সৰু সৰু খটখটীৰ দৰে খাপ কাটি লৈছে, সেই খটখটীৰে এখোজ এখোজকৈ যাব লাগে। নেদেখিলে অনুমান কৰিব নোৱাৰি উঠা কিমান টান আৰু হাতী উঠ৷ নেদেখিলে মানুহে বিশ্বাস কৰিবলৈ টান পাব যে সেই বাটেৰে হাতী উঠিব পাৰে। উঠা-নমা কৰি সেইদৰে ওৰেদিনটে৷ গলো—বনৰীয়া হাতীৰ খবৰ লৈ লৈ। সাজবেলিকা পৰ্বতৰ টিঙত এগিৰি মিকিৰৰ ঘৰত আলহী হলোগৈ। মিকিৰৰ ঘৰ নৌ পাওঁতেই পৰ্বতৰ তলত নৈৰ পাৰত এমখা মানুহ লগ পালোঁ—ল’ৰা, বুঢ়া, ডেকা। ঢোল আৰু পেঁপা বজাই নাচ-বাগ কৰি আছে। নৈৰপৰা অলপ ওপৰত দুখন চাঙিত [ ৬১ ] দুট৷ মৰাশৰ দৰে দেখিলোঁ ৷ বিহ-ঢেকীয়া আৰু চিৰিলা-চিৰিলি পাতেৰে ঢকা আৰু এখন ন বগা কাপোৰেৰে টোপোলা এটা বুকৰ ওপৰতে বন্ধা আছিল । অলপ ওচৰলৈ গৈ চাওঁ যে শ দুট৷ ভালদৰে দেখা নাযায় ; তমালৰ ছাটনি, তলত ঢেকীয়া পাতেৰে ঢকা ; আৰু লেকেটা কোমল দীঘল বাঁহৰ লেজু দুডাল দুয়োফালে বন্ধা, অথচ তুলিবলৈ একো সঞ্জুক নাই। ভালদৰে জুমি চাই দেখিলোঁ, মৰাশ নহয়, দুখন চাঙিত দুটা শিল ৷ যি ঘৰত লোক মৰে তাৰ দুৱাৰমুখত শিল থিয়কৈ পোতা নিয়ম । শিল ডাঙৰ গতিকেই গাঁৱৰ সকলো মানুহে গোট খাই সেইদৰে টানি ওপৰলৈ অৰ্থাৎ ঘৰৰ দুৱাৰমুখলৈ নিয়ে। তাতে থিয়কৈ পুতি নাচ-বাগ কৰি শ্ৰাদ্ধৰ ভোজ খায় ৷ গাঁৱৰ সকলোৰে পৰম আনন্দ ; কিন্তু দেখিলোঁ, এজনী বুঢ়ীয়ে শিলডোখৰত সেৱা কৰি চকুলো টুকি ফুৰিছে। অনুমান কৰিলোঁ, নিশ্চয় তাইৰ ল'ৰা ঢুকাইছে। বুজিলোঁ, মাতৃৰ শোক সবাতোকৈ অধিক । অজ্ঞান অশিক্ষাই মাতৃ-হৃদয় কঠুৱা আৰু মমতামুন্য কৰিব নোৱাৰে ৷ শিক্ষায়ে৷ কোমল নকৰে । ওৰে ৰাতি ঢোলৰ কোবত, চিঞৰ-বাখৰত আমাৰ টোপনিতে৷ নাহিলেই, হাতী দুটায়ে৷ শুব নোৱাৰিলে। সকলোৱে নিঃপালি মাৰিলেহে হাতীয়ে শোৱে ৷ হাতী বাগৰি শোৱে, কিন্তু অলপ সহাৰি পালেই ঘপৰাই উঠে। মিকিৰৰ নাচ ইংৰাজৰ নাচৰ দৰে, ঢোলৰ ছেৱে ছেৱে ঘূৰি ঘূৰি ঠেও লগাই নাচে। দেখি বৰ ভাল লাগিল । কোনোব৷ উদয়শঙ্কৰে পোৱা হলে অলপ সালসলনি কৰি আধুনিক ধৰণৰ কৰি আমেৰিক৷ আদি ঠাইত প্ৰচাৰ কৰি ধন্যবাদো পালেহেঁতেন আৰু টকাও ঘটিলে- হেঁতেন । থাকিও নথকা দুর্কপলীয়৷ অসমীয়াৰ বৰ্তমান দুৰৱস্থাৰ ইয়ো এটা নমুনা ৷ পৰ্বতীয়া মিকিৰে অসমীয়৷ নাজানে বুলিলেই হয়। “বাঙঠাই” অর্থাৎ গাঁওবুঢ়াই অলপ জানে ৷
থকা ঠাই পৰ্বতৰ টিঙত, এডাল তৃণ নোহোৱাকৈ পৰিষ্কাৰ কৰি ৰাখে, তাত বা ওচৰত খেতি নকৰে। কিছু দূৰৈত সৰু সৰু পৰ্বত [ ৬২ ] পৰিষ্কাৰ কৰি তাতে এবছৰ বা দুবছৰ খেতি কৰে। খেতিৰ বাবে বস্তুৰ কাৰণে এটকা আৰু খেতিৰ কাৰণে ঘৰেপতি এটকা চৰকাৰী খাজনা দিয়ে। কপাহ, কচু, লাও, কোমোৰা আৰু বিশেষকৈ ধানৰ খেতি কৰে ৷ আহু, শালি, দুয়োবিধ খেতি কৰে। “ঘনকৈ দিবা আলি, পর্বততো ৰুবা শালি”—ডাকৰ এই সাৰুৱা বচনকো আওকাণ কৰি আলি নিদিয়াকৈ পৰ্বতত শালি ৰোৱা দেখিলোঁ মিকিৰে ৷ বাখ্যু বা সৰু কোদালেৰে সকলো খেতি চলায়। কেতিয়াব৷ এটা দুটা পহু মাৰি খায় । ভৈয়ামৰপৰা শুকান মাছ নিয়ে, তাত মাছ পাবলৈ নাই ৷ সুধি-পুছি জানিলে৷ যে সিহঁতে সাধাৰণতে নিৰামিষ খায় ৷ পূজা দিলে গাহৰি বা কুকুৰ৷ উছৰ্গ৷ কৰি প্ৰসাদ লয়। মিকিৰে গছত উঠাত বান্দৰকো চেৰ পেলায়। হাতীৰ ঘাঁহ নাপাই এডাল সৰু পাকৰী গছৰ ঠানি কাটিবলৈ এটা মিকিৰক কলোঁ। সি পাত-ঠানি বগোৱা দেখি মই চাই থাকিব নোৱাৰা হলো। এই সময়ত অৰ্থাৎ ধান কটাৰ পিচত খেতিৰ নাম নাই ৷ তেতিয়া ন পর্বত জুৰি মুনিহ আৰু তিৰোতাই বাঁহখৰি আনে। শাৰী শাৰীকৈ গোটা বাঁহ পৰ্বত সমানকৈ থৈছে, কেৱল জুই ধৰিবৰ কাৰণে। কাঠখৰি যথেষ্ট পৰিমাণে পালেও নানে, বাঁহেৰেই চলায় ; কাৰণ, বাঁহ অনা তিৰোতাৰ পক্ষে সহজ। ঘৰ-দুৱাৰ অতিশয় পৰিষ্কাৰ কৰি ৰাখে। চোতালত ফু মাৰি ভাত খাব পাৰি । ঘৰৰ ভিতৰত সোমাই চাই এটি বিশেষত্ব দেখিলোঁ, সিহঁতে শুবৰ কাৰণে আন আন পৰ্বতীয়৷ জাতিৰ দৰে চাং পাতি নলয় । মজিয়াত ঢাৰি পাৰি শোৱে, দিনত তুলি থয় ।
মুনিহ, তিৰোতা সমানে দীঘল ডাঙৰ আৰু শকত-আৱত । ভৈয়ামৰ মানুহৰ দৰে দুখৰ কথা প্ৰচাৰ নকৰে ৷ যি আছে, যি নাই, তাতেই সন্তুষ্ট হৈ চলা দেখিলোঁ ৷ হাতী দেখি তিৰোতাবিলাকৰ আনন্দৰ সীম৷ নাই ৷ মই আশ্বাস দি মাতিলত ওচৰ চাপি বেঢ়ি ধৰিলেহি ।'হাতীত' উঠিবলৈ কোৱাত মুখত কাপোৰ ‘দি হাঁহি [ ৬৩ ] পলাল । সন্তোষেই যদি সুখ হয়, সিহঁতৰ সুখৰ অভাৱ নাই ৷ সুস্থ শৰীৰ, নিৰুদ্বেগ মন, অতি অকাতৰ চিত্ত। ল'ৰা পিঠিত লৈ ওৰে দিনটে৷ পৰ্বতে-ভৈয়ামে কাম কৰি ফুৰে। অৱসৰ সময়ত সমনীয়াৰ লগত হাঁহি-খিকিন্দালি কৰি আনন্দ উৎসৱ কৰে । সময়ে সময়ে ঘৰতে মদ কৰি খায় আৰু নাচ-বাগ কৰে; কিন্তু গৃহ-কার্য অৱহেলা কৰা দেখা নাযায়। নৰিয়া হলে পূজা দিয়ে, জৰা-ফুক৷ কৰে আৰু গছপাতেৰে দৰবো দিয়ে। বেমাৰত সহৰকৈ মৰিলে ঘৰ-দুৱাৰ এৰি ঠাই সলায় ৷ নিঝৰাৰ পৰিষ্কাৰ পানী খায় আৰু খায় খেতিৰ ন ন শাক, কচু ; থাকে সৰহভাগ মুকলি পথাৰত । সেইবাবেই বেমাৰ কম আৰু দীর্ঘজীৱী হয় সিহঁত; কিন্তু সভ্যতাৰ কোবত আমি যি দুদিন জীয়াই থাকেঁ৷ তাতো যম-যন্ত্রণা ভুঞ্জি মৰে৷ ; শিক্ষাভিমানী ডাক্তৰ-কবিৰাজে ৰোগ নিৰ্ণয় কৰি, চিকিৎসা কৰি ৰক্ষাৰ হেতু উলিয়াব নোৱাৰে৷ বৰ্তমান শিক্ষাই প্রকৃত সত্যৰ স্বৰূপ কিমানদূৰ প্ৰকাশ কৰিব পাৰিছে তাক নিঃসন্দেহে কোৱ৷ টান । মোব বিশ্বাস, শিক্ষাই অশিক্ষাই এয়েই জীৱন ৷ দিনৰ পিচত দিন যাব, যুগৰ পিচত যুগ যাব—সুখ-দুখৰ সমাবেশত জীৱন চলিয়েই থাকিব। মনৰ গতিয়েই সুখ-দুখ নিৰাকৰণ কৰে, সুখ দুখৰ স্ৰজন, পালন আৰু সংহৰণ কৰে ৷ সেই চঞ্চল মনক সংযত কৰাৰ উপায় অর্জুনে সোধাত শ্রীকৃষ্ণই গীতাত অলপ কথাতে উত্তৰ দিছিল—
“অসংশয়ং মহাবাহে৷ মনোদুর্নি গ্রহং চলম্ ;
অভ্যাসেন তু কৌন্তেয় বৈৰাগ্যেন চ সৃহ্যতে।”
মন অতি চঞ্চল, তাক বান্ধিবৰ দুটা প্ৰকৃত উপায় আছে। এটা হৈছে অভ্যাস পৰমযোগ আৰু দ্বিতীয় হৈছে বৈৰাগ্য, অর্থাৎ নিত্যা- নিত্যজ্ঞান, প্রকৃষ্ট জ্ঞান । পৰম জ্ঞানী আছিল ব্যাসদেৱ ; কিন্তু সুখ- দুখৰ অতীত পৰম আনন্দময় বৈৰাগ্য যোগসিদ্ধ জ্ঞানী মহাপুৰুষ আছিল শুকদেৱ ৷ [ ৬৪ ] হাতী চিকাৰৰপৰা তত্ত্বজ্ঞানৰ আলোচনাত পৰিলোহি, মনৰ বেগত । মনৰ গতি কেনি যায় আৰু কি কাৰ্যত প্ৰবৃত্ত কৰায় তাক অনুমান কৰা টান । সেইদেখিয়েই অৰ্জুনে কৈছিলঃ
“তৎ কিং কর্মণি ঘোৰে মাং নিয়োজয়সি কেশৱ !”
প্রকৃতিক সংযত কৰি নিবৃত্তি মাৰ্গেৰে চলোৱা সাধনাৰ কাৰ্য,
সিও এটা কঠিন যোগ । “অভ্যাসযোগযুক্তেন চেতসা নান্য গামিনা”
বুলি গীতাত কৈছে ।
ভালুকমৰা, ভালুকপাম, মাতাংপুং, গড়ভাঙা, লখৰা, বেতকুছি আদি পৰ্বত-ভৈয়াম পাৰ হৈ হৈ ঘৰ পাই প্ৰমাণ কৰিলোঁ, পৃথিৱী ঘুৰণীয়া। মাতাংপুঙত হাতী ওচৰতে থকা খবৰ পালো, কিন্তু কেতিয়াব৷ দাতাই দিলেও বিধাতাই নিদিয়ে। এটা মিকিৰ লৰি- ঢাপৰি হঠাতে ওলালহি। তাক দেখা পাই ভাবিলোঁ, হাতী ওলালেই ; কিন্তু ক্ষন্তেক ৰৈ জেপত হাত দি এখন কাগজ উলিয়াই দিলত ভাবিলোঁ, লোকেলবোৰ্ডৰ দানবে পালে। চাওঁ বিজনী ৰজাৰ গ্ৰেপ্তাৰী পৰোৱানা ৷ য'ৰে হাতী ত’তে এৰি সুৰ সুৰ কৰে ঘৰৰ পিনে বাট ললোঁ। হাতীক মনে মনে আশীৰ্বাদ কৰিলো— ভগবন্তে তহঁতক শক্তিমন্ত কৰি নিৰ্ভয়চিত্তে বিচৰণ কৰিবৰ প্রবৃত্তি দিয়ক—কেতিয়াবা সাক্ষাৎ পাম। সম্প্রতি আমিও অন্ন-বস্ত্ৰ সংগ্ৰহলৈ মন মেলিলোঁ ।