গৰ্ভ কৰতি

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
বৰ-কৰতি
গৰ্ভ কৰতি
শ্ৰীকৃষ্ণায় নমঃ


১) ওল্টা পিঙ্গটা চুৰকাটি সবে চুৰশাটী কৰো নষ্টি। চুৰভাঙ্গো চুৰভাঙ্গো চৌষষ্টি চুৰভাঙ্গি পানীকৃত্য কৰো। হাতছাগল, বাটছগল বিকল মেলিলো চুৰচণ্ড চৌদিশ বিকল। ভাঙ্গো ইটা ভাঙ্গো মাটি ভাঙ্গো চুৰচণ্ড গাঁঠি। যতকুল মুকলি হ'ল, বেদচুৰ, মানুহচুৰ মুকলি হল। শিলা চুৰ, বায়ুচুৰ মেলি আছো চাই। হাতচণ্ড হাতে ভাঙ্গো মাথচণ্ড মাথে ভাঙ্গো, চেঙ্গাচণ্ড, দেখচণ্ড, উশাসচণ্ড, নিশ্বাসচণ্ড দেৱচণ্ড মানুষচণ্ড, চৌষষ্টিচণ্ড পানীকৃত্য কৰিবো। ভাঙ্গো ইটা, ভাঙ্গো মাটি, ভাঙ্গো চুৰচণ্ড গাঁঠি। হাটছাগল, বাটছাগল বাট দীঘল মেলিলো চুৰচণ্ড চৌদিশ মোকল। মেলিলো চুৰচণ্ড মেলিলো লুকি, মেলিলো চণ্ড মেলিচণ্ড আপোনাৰ দেশ। ভৱলেঙ্গক কৰিলা পানী চৌষষ্টি চুৰচণ্ড দিলো মেলানি। পূৰ্বৰ পূৰণ ঈশানবীৰ যি কৰিব যাই। চৌষষ্টি চুৰচণ্ড মেলি আছো চাই।। আঙ্কৰিগাইচু শিঙ্গা মাটি চৌষষ্টি চুৰচণ্ড যাওক ফাটি। গাঁঠি, গাঁঠি, ভাঙ্গিলো মুঠি ভাঙ্গিলো তাহাৰ শিকল সাতমোন লোহাৰ শিকলি। ভাঙ্গিলো চুৰচণ্ড ছাৰি নিব ত্ৰিদশ কোটি দেৱে বোলে হৰি হৰি। মেলিলো চুৰচণ্ড পানীকৃত্য কৰি।।*।। ফুমাৰা।

২) পানী আদি পানীমূল ব্ৰহ্মা, বিষ্ণু মেলিলা শূলক হনুমন্ত হাউ আলে ভীমক মৰাবৰ দিনে মুকুল মূৰাৰি বিষ্ণুৰ আজ্ঞায়ে মেলিলো। মনসাই যেৱে সপত সমুদ্ৰ চন্দ্ৰ, উদিত, সূৰ্য্য মুকুল, মেলিলো চুৰচণ্ড বাৰে নিকল, ত্ৰিদশ কোটি দেৱে বোলে হৰি হৰি। মেলিলো চুৰচণ্ড পানীকৃত্য কৰি।।*।।

৩) উশাহ মেলিলো, নিশাহ মেলিলো, মেলিলো চৌদিশ উশাহ নিশাহ মেলিলো, মেলিলো গুৰুৰ শিশ্য চণ্ড মুকলধৰণী মুকুল মেলিলো হাতচণ্ড বাটচণ্ড চকুচণ্ড দেখাচণ্ড দেৱচণ্ড মানুষচণ্ড চৌদিক নিকাল। একতাল আজৰাত্ৰ কন্দাল বিঝাৰা একভাগ গুখুৰৰ ফুল ভাঙ্গিলো ধৰণী মেলিলো চুৰ। আমুকীলৈ পানী জাৰী দিলো নামি আসোক গৰ্ভশূল। আগে গুটি পাচে ফুল গুটিয়ে ফুলে জপাই বুল ভুতলা তুবলী লোহিতৰ পানী ধৰণী মেলি মনে আছো চাই হনুমন্তে মহাদেৱ ত্যজিলো ধৰণী, ধৰণীক কৰে পানী গুৰুক সুমৰি ধৰণীক ভাঙ্গো ধৰণীক কৰো চুৰ। যত বাণ কুজ্ঞান সবাকে কৰে দূৰ। অংস্বহা স্বহা স্মৰিলো বেদ ধৰিলো চুৰ আমুকাৰ অঙ্গে কুজ্ঞান কুমন্ত্ৰ মহাজ্ঞান যত কুজ্ঞান হো নিৰ্বাণ, স্বহায় অগ্নি স্বহায় তাৰৰাকাষ্ট সমিধৰি তুমি প্ৰমাণ ধৰিলে অগনি হানি বাণ ওঁ অং স্বহায় স্বহা।। পদ্ম পদ্মাসনে ব্ৰহ্মা বসিয়া আছন্ত। উপজিলা কৰতি দিশক চান্ত।। পক্ষীত পৱন মুখত কাল। কৰতি মন্তৰ হেন বিশাল। একচিত মনে কৰতি জাপো হেলায় কাটো মই দেৱতাৰ কাপ। ডাকিনী কাটিলো যক্ষিণী কাটো হেলে। সাতখান সাগৰে থৰথৰি কাম্পে কৰতি মন্ত্ৰ বলে।। ব্ৰহ্মা কৰতি ধৰ যাই। কুমন্ত্ৰ কুজ্ঞান ভাগি পলাই।। সিদ্ধ যোগীৰ হুঙ্কাৰ। অমৃত পানী কুটি কোটিৰ ধাৰ। যাৱে দৈৱজ্ঞ লঙ্কাৰ পাৰ।। যি মাৰিলো মোৰ পঞ্চবাণ। উলটিয়া যা উলটাওঁ তাৰ প্ৰাণ।। লৰো চক্ৰ যে মাৰে মাৰিলো বাণ। বেদে তাৰ আছৈকৈ জ্ঞান।। আমি ধৰ্মৰ আজ্ঞা সৃষ্টিকৰৰ বৰ। যি মোৰে মাৰিলে বাণ বেদে তাৰ ধৰিল যেৱে ছলে ফিৰিয়া যা তাৰাবুকু কাটি খা। শীঘ্ৰে তোৰা যা শ্ৰীৰামৰ আজ্ঞায়ে কালিকাৰ আজ্ঞায়ে লাগ লাগ লাগ। যি ফালে বোলে কালিকাৰ আজ্ঞায়ে সি ফালে লাগ। কৰতি কৰতি মহাকৰতি। হাতে কাটো বাটে কাটো। হাচণ্ড হুচণ্ড দান্তচণ্ড চৌষষ্টি চুৰদণ্ড ভাঙ্গোক হৰ বিষ হৰ দুৰ্গা কালিকাৰ বৰ।।*।। ফু মাৰা।
৪) কালি কালি যোত্ৰ গুৰুৰ কালি। সোণাৰ পুখুৰী ৰূপৰ আলি।। মই পানী জাৰো আমুকীৰ হাটিক দেখিয়া কৰিলো বাওঁ। মইনা গুৰিক যাওঁতে লৰ হাটিক শৰাৰ ওপৰ আমুকী গাৱত জনম ধৰিলি লুলে চুলে লগে সৰি পৰ।।*।।


গৰ্ভ কৰতি সমাপ্ত