গোলাপ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
গোলাপ
লেখক ৰঘুনাথ চৌধাৰী

<poem> কাৰ পৰশত ফুলিলি বান্ধৈ অ’ মোৰ সাদৰী ফুলাম পাহি ? শ্যামলী পাতৰ ওৰণি গুচাই কাৰ ফালে চাই মাৰিলি হাঁহি ?

কোন নন্দনত লগালি চমক, নাচিছে য’ত পৰি বুলবুল, অভিশপ্ত হৈ বিলাস-কুঞ্জত প্ৰেম-মদিৰাত যেন মচগুল ?

হাছনা্হানাৰ তীব্ৰ গন্ধত সপোন-বিভোৰ মাধবী নিশা, তোৰ পৰশত বিৰহী জোনৰ পলালনে প্ৰিয়ে প্ৰাণৰ তৃষা ?

আৰব-পিয়াৰী বছৰা ৰাণীৰ গুল-বদন পেলালি জুৰ, ভাঁহি ফুৰে তোৰ ৰূপ-তৰঙ্গত পাপিয়াৰ স্নিগ্ধ কৰুণ-সুৰ ?

ফুলিলি যিদিনা মৰু উদ্যানত উৰিল সৌৰভ জগত জুৰি, গগণ্চুম্বী কলোছাছে তোৰ পান কৰিলে ৰূপ-মাধুৰী !

আছিলিনে প্ৰিয়ে বেবিলনৰ গুল-বাগানত ফুলৰ ৰাণী ? স্বৰ্গৰ নন্দন সাজিলি শূন্যত, কবিৰ মুখৰ অমৰ বাণী |

ৰূপ ৰস গন্ধ পৰশ প্ৰেমত জিনিলি পিয়াৰা হিন্দুস্তান, বাদছাি হেৰেম কৰি গুলজাৰ দিল-দৰিয়াত তুলিলি বান |

তোৰ ই ৰূপ জগতৰ বিভোল ঢালিলি প্ৰেমৰ বিমল ধাৰা , দিল্লী বেগম নুৰজাহানৰ আছিলিনে তয়ে দিলবাহাৰা ?

কোন সুন্দৰীৰ নিমজ গালত ফুটাই তুলিলি চিকণ কাজ ? উঠিল প্ৰেমিক ছাহজাহানৰ ভুৱনবিজয়ী মৰ্ম্মৰ তাজ !

কত কাব্য-গাথা, অতীতৰ স্মৃতি, উদাস প্ৰেমৰ মূৰ্ত্ত বিকাশ, বিজড়িত তোৰ কোমল বুকুত কত বিৰহীৰ হা-হুতাশ !

ফুলিবিনে মোৰ মানস-কুঞ্জত অ’ মোৰ দৰদী ফুলাম পাহি ? উঠিবনে বাজি প্ৰিয়া পাপিয়াৰ পুলক-ভৰা মিলন-বাঁহী ?