গোবিন্দ আৱে ভূৱন ভূলায়
।। ৰাগঃ ধনশ্ৰী।। তালঃ পৰি।।
ধ্ৰুং।। গোৱিন্দ আৱে ভুৱন ভুলায়।
বালক সঙ্গে ৰঙ্গে যদু-নন্দন, গোধন আগু চলায়।।
ধ্ৰুং।। গোধূলি ধূসৰ তনু শ্যামসুন্দৰ বৰ
চঞ্চল নয়ন ডোলাৱে।
শাৰদ-চান্দ কোটি বয়ন বিৰাজিত
সুমধুৰ মূৰাৰী বোলাৱে।।
অঙ্গে পৰিমল গেৰুৱা চৰাৱে
ময়ূৰ মুকুট শিৰে বনিয়ে।
বনজ কুসুম কহোঁ মালা ডোলত
ব্ৰজ ভুলত বেণু ধ্বনিয়ে।।
শিৱ চতুৰমুহ যো পদত সেৱত
যোগী যাহাকু ধিয়াই।
সোহি কৃপাল ব্ৰজহি ৰাখোৱাল
দীন মাধৱে গুণ গায়।।