গোধুলি গোধন বান্ধি নাৰায়ণ
।।ৰাগঃ সিন্দুৰা।। তালঃ পৰি।।
ধ্ৰুং।। গোধূলি গোধন বান্ধি নাৰায়ণ
স্নানিয়া শীতল জলে।
ক্ষীৰ দধি অন্ন কৰিয়া ভোজন
অঙ্গ ৰঞ্জি পৰিমলে।।
পদ।। কৰ্পূৰ তাম্বুল ভুঞ্জি, সুৰভি ফুল
মালতী বকুল মালা।
সুৰঙ্গ বসন ৰতন ভূষণ
ভূষিত হইয়া কালা।।
কেশ মনোহৰ মঞ্জীৰ ৰতন
চৰণ পঙ্কজ শোহে।
বাইৰ হুয়া পাড়া বহু ৰসে খেড়া
খেলাইতে ভুৱন মোহে।।
ৰুদ্ৰকবিলাস বিপঞ্চী ৰবাৱ
শাৰোদ-স্বৰ মণ্ডলে।
মধুৰ মৃদঙ্গ মন্দিৰা উপাঙ্গ
বহু বাদ্য সুমংগলে।।
নানা ৰসে লাসে কেহো নাচে হাঁসে
কেহো বায়ে কোহো গায়।
ৰাম নাৰায়ণ সঙ্গে শিশুগণ
শোহে বিদ্যাধৰ প্ৰায়।.
নগৰে নগৰে ৰাম দামোদৰে
ফিৰে আনন্দিত মনে।
হুয়া বিমোহিত তেজি গৃহকৃত্য
চাহে গোপ-গোপীগণে।।
শ্যাম শৰীৰৰ কান্তি মনোহৰ
গোপপুৰ পৰকাশে।
অনন্ত ৰসেৰ ঠাকুৰ খেলায়
কহয় মাধৱ দাসে।।