গোকুলে আজু গোপাল বিনে আন্ধিয়াৰি
অৱয়ব
।।ৰাগ-শ্ৰী।।-পৰিতাল।।
ধ্ৰুং||গোকুলে আজু গোপাল বিনে ভয়ো আন্ধিয়াৰি|
উগত সুৰ দূৰ গয়োৰে মুৰাৰী||
পদ-হামাৰি জীৱন দূৰ গয়োৰে গোবিন্দ|
নয়নে নেদেখো আৰ পদ অৰবিন্দ||
ৰবি বিনে দিন নোহে জল বিনে মীন|
হৰি বিনে গোপীৰ জীৱন ভৈল ক্ষীণ||
ধৰণী লুটিয়া গোপী ফোকাৰে সঘন|
কহয় মাধৱ গতি নন্দেৰ নন্দন||