গু-কৰতি বা বিষ জাৰা মন্ত্ৰ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
বৰ-কৰতি
দ্বাদশ খণ্ড
গু-কৰতি বা বিষ জাৰা মন্ত্ৰ
শ্ৰীকৃষ্ণায় নমঃ

একেশ্বৰে আছোঁ মই আদি নিৰঞ্জন। সৃষিটি নাহি আমাক নকৰে শোভন। এই বুলি গোসাঞিৰ মন ভৈলা। নাভি কমলত ব্ৰহ্মা উপজাইলা।। সৃষ্টি কৰিবাক তিনিকো আদেশিলা। আজ্ঞা পায়া সৃষ্টি তেখনে কৰিলা।। চৈধ্যতাল পৃথিৱীৰ যাৰ যেনে কৰ্ম। তেতিক্ষণে সৃষ্টি কৰিলা নিয়ম।। ব্ৰহ্মায়ে স্ৰজন্ত, বিষ্ণুৱে পালন্ত, ৰুদ্ৰে সংহাৰন্ত। চৈধ্যতাল পৃথিৱীৰ, সৰহৰা কমৰা ব্যাধিগণ দৈত্য, দানৱ, ভূত, প্ৰেত, পিশাচ, যক্ষ, গুলৈগণ, উপাক পাক গাঁঠিগণ, বেদৰ বাহিৰ ক্ষেত্ৰ খেতৰী, একঠাই হুই মাৰে চুৰচণ্ড গাঁঠি মুঠি বান্ধ চাট, বেদৰ বাহিৰ গাঁঠি সৱে একটাই হুই খাই মাৰে মনুষ্যক হাড়ৰ ভিতৰে, নাভিৰ ভিতৰে সৰ্বগাৱে খাই, সন্ন্যাসীৰ বেশ ধৰি আছে মহেশ্বৰ, সেহিবেলা ধন্বন্তৰী গৈলা মহেশৰ টাই, তাঙ্ক দেখি ধ্যান ভঙ্গ ভৈল, বৈদ্য ধন্বন্তৰীক মাতি সুধিবাক গৈলা। মহেশ্বৰে বোলে বৈদ্য ধন্বন্তৰীক, কি কাৰ্য্যে আসিলা আমাৰ ঠাই। বৈদ্য বোলে শুনা মোৰ যি কাৰ্য্য। নৰ মনুষ্যক হিংসা কৰে দেৱে দৈত্যে একেঠাই হুই।। আৰু এক কথা ভৈলা শুনা তাক কওঁ, সৰহৰা মন্দকৰা বেদৰ বাহিৰ চুৰচণ্ড বাণ, কোৰাণ কিতাপৰ গাঁঠি স্ৰজিলা কোন ঠাই।। তাক শুনি মহাদেৱে ব্ৰহ্মাৰ পাশে গৈলা, মহেশক দেখি সুধিবাক লৈলা। মহেশ্বৰে বোলে বেদৰ বাহিৰ গাঁঠি স্ৰজিলা কোন ঠাই, ব্ৰহ্মা বোলে চাৰি বেদ জানো মই। ইহাৰ বাহিৰে গাঁঠি নাজানো মই। আলচিয়া দুয়ো বিষ্ণুৰ পাশে গৈলা ব্ৰহ্মা হৰক দেখি আসন দিয়াইলা। তাত বসি দুয়োজন কহিবাক লৈলা। হে বিষ্ণু ভগৱন্ত জগতৰ অধিকাৰী। চৈধ্যতাল পৃথিৱীৰ সমস্ত আছা জানি। নানা বিধ ব্যাধি বিষ, প্ৰেত-পিশাচ দৈত্য-দানৱ বেদৰ বাহিৰ গাঁঠি যত, ইসবে মনুষ্যক মাৰে নানা মত। বিষ্ণু বোলে দুইকো চাই ইসব গাঁঠিক নাজানোহো মই। আলচিয়া তিনিজন উত্তৰ দিশে গৈলা, লোকালোক এৰাইলা। চক্ৰ মাৰি গৈলা পাচে, জলখান পাইল। বসি আসি পূৰ্ণব্ৰহ্মা অনন্ত শয্যাত। হাজাৰ স্তম্ভ প্ৰকাশে ফটিকৰ উচ্ছ্ৰিত বহল ঘৰ জ্বলে সুৱৰ্ণৰ। ব্যাল্লিশ কোটি চন্দ্ৰতাপ আঁৰি আছে ওপৰত। জিলিমিলি পেচন্দাৰ দেখিতে সুন্দৰ। যেন ৰূপ আছে বেদে অন্তক নাপাই। পাচে কৰযোৰে বহি আছে তিনিজন, দেখি ভগৱন্তে সুধিবাক লৈলা। হে ব্ৰহ্মা, বিষ্ণু,হৰ কি কাৰ্য্যে আসিলা আমাৰ ঠাই। পাছে তিনিজনে কহিবাক লৈলা। হে পিতৃ অধিকাৰী পাতিলা আমাক ৰাখিতে নপাৰে সৃষ্টি সবাকো বিচাৰ এৰি আইলো, পৃথিৱীৰ মনুষ্যক ৰাখিতে নপাৰো। বেদৰ বাহিৰ গাঁঠি স্ৰজিলা কোন ঠাই। বেদৰ বাহিৰ অৰীতিয়া গাঁঠি, উপাক পাক সবে মাৰে খাই। আমাক নকৰে মান, বেদক নুশুনে, স্ৰজিলা বৈদ্য ধন্বন্তৰী নামে মনুষ্যক অথৰ্ব্ব বেদ দিলো তাৰ হাতে। গুৰু সুমৰি সিদ্ধ মন্ত্ৰ গাই। তথাপিতো গাঁঠিৰ ভ্ৰূভঙ্গ নাই। ঈশ্বৰে বোলে শুনিয়ো কাহিনী। তিনিজনে সৃষ্টি কৰিলা যৈসানি চাৰি সন্নাসী আসি মোত মাগি নিল। চাৰি হাজাৰ হৰা, তিনিহাজাৰ কৰমা, পঞ্চ হাজাৰ চুৰ, নিখৰ্ব্ব হাজাৰ শৰ, নৱ কোটি ওৰাণ, ব্যাল্লিশ কোটি গাঁঠি, চল্লিশ কোটি মুঠি, ত্ৰিংশ কোটি চুৰ, বত্ৰিশ কোটি হাজাৰ চণ্ড, সতৰ হাজাৰ বায়ু, এই খানি নিয়া দিল মনুষ্যৰ হাতত ওৰাণ কোৰাণ কিতাপৰ গাঁঠি অসংখ্য, এহি বুলি ঈশ্বৰে নমাতিয়া ৰৈলা, তিনিজনে প্ৰণাম কৰি কহিবাক লৈলা, নযাওঁ সত্যে সত্যে সৃষ্টিত নাহি কাৰ্য্য। বেদৰ বাহিৰ গাঁঠি আমাক কৰে লাজ। হেন শুনি ঈশ্বৰৰ মহা ক্ৰোধ ভৈল, গু-গু-গু বুলি তিনি বেলি ডাক দিলা। তন্ত্ৰ মন্ত্ৰ বেদৰ বাহিৰ গাঁঠি মুঠি আমুকাৰ গাৱৰ সবে গু হুয়া থাক*।। বিষ্ঠা কৰো ভস্ম কৰো গু কৰো গাঁঠিগণ। তিনিকো বুলিলা প্ৰভু বচন। বিশেষ আমাৰ আমোঘ বাক্য খলিত নহয়। সবেও গু হইবে সত্য কৰিলো নিশ্চয়। হেন বাক্য শুনি ৰঙ্গ ভৈলা তিনিজন। গুৰুক প্ৰণামি মন্ত্ৰখানি লৈলা শিখি, ওভোতা কৰতি গু নাম ভৈলা। সমস্তৰে গাঁঠি গু কৰি থৈলা। গুৰুক প্ৰণামি উঠিলা তিনিজন। ভগৱন্তে বোলে হোৱা অজৰ। তিনিজনে আজ্ঞা লৈয়া চলি গৈলা। আঠ দিকে দিগগজৰ ফণা বিচাৰিলা। আসুৰিক গাঁঠি পাইলা যত। সাত পাতালৰ শৰ গু কৰি থৈলা। হৰ বিষ্ণু হৰ নৰ-মনুষ্যৰ গাঁঠি মুঠি ওৰাণ কোৰাণ কিতাপৰ হৰ, কৰমা চুৰ চণ্ড অমুকাৰ গাৱৰ গু হুয়া পৰ।।*।। এহি মন্ত্ৰখান সত্য যুগে গুপ্ত হৈয়া ৰৈলা, দ্বাপৰ যুগত ৰাম অৱতাৰ ভৈলা। এহি মন্ত্ৰখানি উচ্চাৰিল। ৰামৰ আজ্ঞা, লক্ষ্মণৰ আজ্ঞা, সীতা দেৱীৰ আজ্ঞা, বিভীষণৰ আজ্ঞা, হনুমন্তৰ আজ্ঞা, চাৰি সিদ্ধৰ আজ্ঞা, সন্ন্যাসীৰ আজ্ঞা, ব্ৰহ্মাৰ আজ্ঞা, বিষ্ণুৰ আজ্ঞা, মহেশ্বৰ আজ্ঞা, অমুকাৰ আঠ অঙ্গ দশ দিক জুৰি, গাঁঠি মুঠি কাটি গু কৰো। বেদৰ বাহিৰ ব্ৰহ্ম গু কৰতি জাপ্য কৰো নৰ মনুষ্যৰ গাঁঠি। একো বেদ কৰতিয়ে মেলিবে নোৱাৰয় সিসব গাঁঠি কাটি গু কৰি থৈলা সেহিসে কাৰণে গু-কৰতি প্ৰখ্যাত ভৈলা। ৰাম গৈলা বৈকুণ্ঠে কলিযুগ ভৈলা। অসুৰে দেৱে দৈত্যে পীড়া কৰিবাক লৈলা। এহি মন্ত্ৰখানি গুপ্ত হৈয়া ৰৈলা। ঈশ্বৰৰ পাশে গৈলা। তেতিক্ষণে মনুষ্যক অধৰ্মে জুৰিলা। ব্ৰহ্মাৰ স্তুতিত ঈশ্বৰ তুষ্ট ভৈলা। পাচে আসি কৃষ্ণ অৱতাৰ ভৈলা। অসংখ্য অসুৰ সংহৰি পেলাইলা। সবাকো নিৰ্য্যাণ কৰি বৈকুণ্ঠে চলিলা। পুনৰ্বাৰ আসি পাচে অধৰ্মে জুৰিলা। পাচে যোগধাৰী ন্ন্যাসী আছয় তপ কৰি, সেহিবেলা শৰহৰা মন্দকৰা চুৰ চণ্ড গাঁঠি মুঠি ওৰাণ কোৰাণ কিতাপৰ গাঁঠি, উপাক পাক গাঁঠি, ধনুবাণ গুৰু ভকতৰ পাক বেণুৰ চাক চুৰ ইসবে ফুৰে মনুষ্যক মাৰি। যোগবলে ৰামগিৰি গু কৰতি পাই, সকলোকে কাটি কাটি কৰিলা ঠাই। নাৰী চুৰ চণ্ড গাঁঠি কাটি খণ্ড খণ্ড কৈলা। পাচে তিনিজন পৃথিৱীক পাইলা। বৈদ্য ধন্বন্তৰীক মন্ত্ৰ শিৰে তুলি ধৰি ওলটা পালটা গাঁঠি কাটিবাক লৈলা। সাতো পাতালৰ মাটি। নৰহৰি কুমাৰে আনিলে কোৰেৰে মাটি। খচি গুলি দিলে চাকত। কলস ভৈলা ব্ৰহ্মাৰ পাকত। সেই কলসত জাৰিলো পানী। চৌষষ্ঠি গাঁঠি খৰ্ব কোটি ব্যাধি, নিখৰ্ব কোৰ, ত্ৰিশ চুৰ দণ্ড কাটি কৰিলো পানী। হৰ গাঁঠি হৰ, আমুকাৰ কাটিলো গু হুয়া পৰ। নাভিৰ ভিতৰে, হাতৰ ভিতৰে, মগজুৰ ভিতৰে, গৰ্ভৰ ভিতৰে, খাই মাৰে মনুষ্যক, দেখি ৰামগিৰি সন্ন্যাসীৰ মহা ক্ৰোধ ভৈলা। গু-কৰতি মন্ত্ৰেৰে জাৰিবাক লৈলা। হাতচুৰ কাটো, বাটচুৰ কাটো গৰ্ভচুৰ গাঁঠি কাটো, ওভতাচুৰ গাঁঠি কাটো; উপাকচুৰ গাঁঠি কাটো, চাকচুৰ গাঁঠি কাটো, চুলিচুৰ গাঁঠি কাটো, লোমচুৰ গাঁঠি কাটো, খটীচুৰ গাঁঠি কাটো, ববছাৰচৰু গাঁঠি কাটো, দুবৰিচুৰ গাঁঠি কাটো, বিড়িনা পাতৰ চুৰ গাঁঠি কাটো, বাপচৰু গাঁঠি কাটো, তেলচুৰ গাঁঠি কাটো, জলচুৰ গাঁঠি কাটো, থলচুৰ গাঁঠি কাটো, দেশচুৰ গাঁঠি কাটো, শকনিচুৰ গাঁঠি কাটো, ঘৰচুৰ গাঁঠি কাটো, শীলাচুৰ গাঁঠি কাটো, টুটচুৰ গাঁঠি কাটো, দেখাচুৰ গাঁঠি কাটো, নেদেখাচুৰ গাঁঠি কাটো, চেঙ্গাচুৰ গাঁঠি কাটো, চেলেঙ্গীচুৰ গাঁঠি কাটো, অগ্নিচুৰ গাঁঠি কাটো, ওভোতাচুৰ গাঁঠি কাটো, বেদচুৰ গাঁঠি কাটো, মন্ত্ৰচুৰ কাটো, সান্ন্যাসীচুৰ কাটো, সন্ন্যাসীয়ে চকু পকাইলা। তন্ত্ৰ মন্ত্ৰ ঔষধ ব্যাধি, ওৰাণ কোৰাণ কিতাপৰ গাঁঠি মুঠি হৰা কৰমা মন্দকৰা চুৰদণ্ড শৰবাণ গু-কৰতিয়ে কৰিলে খণ্ড খণ্ড। ফিৰিঙ্গিৰ বাণ গাঁঠি কাটো,বঙ্গালৰ বাণ গাঁঠি কাটো, গাৰোৰ বাণ গাঁঠি কাটো, মালেৰি বাণ গাঁঠি কাটো, সোণাৰীৰ বাণ গাঁঠি কাটো, গৰীয়াৰ বাণ গাঁঠি কাটো, আহোমৰ বাণ গাঁঠি কাটো, হাৰীৰ বাণ গাঁঠি কাটো, ভোটৰ বাণ গাঁঠি কাটো, ডফলাৰ বাণ গাঁঠি কাটো, মিৰিৰ বাণ গাঁঠি কাটো, মিচিমিৰ বাণ গাঁঠি কাটো, মোগলৰ বাণ গাঁঠি কাটো, মুলুঙ্গৰ বাণ গাঁঠি কাটো, নগাৰ বাণ গাঁঠি কাটো, নৰাৰ বাণ গাঁঠি কাটো, গাৰোৰ বাণ গাঁঠি কাটো, যুগিৰ বাণ গাঁঠি কাটো. জয়ন্তাৰ বাণ গাঁঠি কাটো,কেওটৰ বাণ গাঁঠি কাটো, কলিতাৰ বাণ গাঁঠি কাটো, কায়স্থৰ বাণ গাঁঠি কাটো, নটৰ বাণ গাঁঠি কাটো, চমাৰৰ বাণ গাঁঠি কাটো, ধোবাৰ বাণ গাঁঠি কাটো,গণকৰ বাণ গাঁঠি কাটো,কমাৰৰ বাণ গাঁঠি কাটো, কুমাৰৰ বাণ গাঁঠি কাটো, বামুণৰ বাণ গাঁঠি কাটো, ক্ষত্ৰিয়ৰ বাণ গাঁঠি কাটো, বৈশ্যৰ বাণ গাঁঠি কাটো, শূদ্ৰৰ বাণ গাঁঠি কাটো, বেদৰ বাহিৰে ওভোতা কৰতি জাপ্য কৰো। আসুৰীয়া অৰীতিয়া গাঁঠি কাটি অমুকাৰ গু কৰো। আওপাক গাঁঠি দিছিলি তই, অমুকাৰ গাৱৰ সোঁও পাকে গু কৰো মই। গৰ্ভশূল, নাভিশূল, কোথশূল, পীতশূল, হৃদিশূল, জ্বৰলেঙ্গ, সোপালেঙ্গ, বায়ুলেঙ্গ, ওঠাৰ জাতি লেঙ্গ ব্যাধি জাৰি গু কৰো। হৰ বিষ হৰ সকলো গাঁঠি মুঠি ভস্ম হুয়া পৰ।।*।। আমুকাৰ গাৱত বিষগণে আছে ধৰি। কাটিলো বিষ খণ্ড খম্ড কৰি। শিৰ শিৰিষা বাত, আসুৰি বাত, একাঙ্গী বাত, পানী মঙ্গলি, ভৈৰবী, চৌৰঙ্গী, কোৱখুতি, ঝকঝকি, বজ্ৰমুখী, নিসাৰী, নিচুকি, ব্ৰহ্মলুকী, সবে ৰোগ জাৰি গু কৰো। নৱভনী, সাতভনী, বাৰভনী কথা কওঁ। হৰ বিষ হৰ। জাৰিলো সমস্তে গাঁটি মুঠি গু হুয়া পৰ। ইসৰ পাতিলে মেলা গু মন্ত্ৰ শুনি ভাগিল মেলা। অৰে অৰে বিষ কৈস লোৱা ঠাই, চৌপন্থা বাটত আছিলি খেড়ি খেলাই। খেড়ি খেলান্তে বিষক পাই, গু মন্ত্ৰে কাটি কৰিল ঠাই। হৰ বিষ হৰ আমুকাৰ গাৱৰ তন্ত্ৰ-মন্ত্ৰ ঔষধ ব্যাধি সবে গু হুয়া পৰা।।*।।

                সমাপ্ত