খোবা-খুবী

ৱিকিউৎসৰ পৰা
খোবা-খুবী , translated by লোকেন্দ্ৰ নাথ ভট্টাচাৰ্য্য
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.

<poem>

                                  শ্ৰীশ্ৰীহৰগৌৰীভ্যাং নমঃ
                                    কাৰ্ত্তিকেয় উবাচ।
                  ক্ষোভক্ষুভীতি নাম্না যৰ্দ্ধেধৃশৈলনিবাসিনোঃ।
                  শ্ৰোতুমিচ্ছাম্যুপাখ্যানং যদি তেহস্তি কৃপা ময়ি।।
                                     নাৰদ উবাচ।
                  তাত তে শৈশবে কালে ত্বন্মাতুৰ্ম্মানসসুতৌ।
                  তাবুদ্ভুতৌ দুৰাত্মানৌ যথা তত্ কথয়ামি তে।।
                  কৈলাসশিখৰে শুভ্ৰে নানাৰত্নবিনিৰ্ম্মিতে।
                  সৰ্ব্বৰ্তুকুসুমাকীৰ্ণে সৰ্ব্বৰ্তুফলশোভিতে।।
                  অপ্সৰোভঃ পৰিবৃতে নৃত্যন্তিভিৰিতস্ততঃ।
                  দেৱদানৱগন্ধৰ্ব্বসিদ্ধচাৰণসম্বতে।।
                  পৰম্বহ্মস্বৰূপঃ শ্ৰীপাৰ্ব্বত্যাঃ সহ শঙ্কৰঃ।
                  ভিক্ষুত্বেন ব্ৰতনোপবসীহ চিৰং হৰঃ।।
                  একদা কমলা দেবী বিচৰন্তী ত্বিতস্ততঃ।
                  কৈলাসস্থানমগমদ্ভৱানীং দ্ৰষ্টু মিচ্ছায়া।।
                  গতে শূলিনি ভিক্ষাৰ্থ মাগতাং কমলাং শিবা।
                  দৃষ্টা দত্বাসনন্তস্যৈ সাদৰন্তামপুজয়ত্।।
                  অথোময়া যথা ন্যায়ং পূজিতা সা হৰিপ্ৰিয়া।
                  সুখাসীনা পৰ্য্যপৃচ্ছত্ সুখং বাৰ্ত্তাঞ্চ শূলিনঃ।।
                  ভিক্ষুঃ কুত্ৰ বলেৰ্ম্মখে পশুপতিৰ্দ্দ ষ্টোন কিং গোকোলে,
                  মুগ্ধে পন্নগভুষণোস্তি কুলটে শেতেচ শেষোপৰি,
                  আৰ্য্যে মুঞ্চ ৰিযদিমাশু কমলে নাহং প্ৰকৃত্যাচলা,
                  ইত্যুৰ্ব্বীধৰৰাজসিন্ধুসুতয়োৰ্ব্বাগড়ম্বৰোভুত্তদা।
                  ততো গত্বাতু সা দেৱী কমলা হৰিবল্লভা।।
                  গোবিন্দে পৰমানন্দে সৰ্ব্বামকথয়ত্ কথাং।
                  ভিক্ষুঃ কুত্ৰ ইতি শ্ৰিয়ো বদনতঃ শ্ৰুত্বা তু সা পাৰ্ব্বতী
                  মিথ্যামোহবশাত্তদুত্তৰমদাত্ শ্লেষেণ লজ্জ্বাৱতী,
                  তদ্ভৰ্ত্তা কিলযোগাৰাশীমভজদ্ভ ত্যৈব বাতস্য কিং,
                  কিন্ত্বীশঃ কুৰুতং জগদ্ধব কৃতৌ বাচা প্ৰিয়ায়াঃ কৃষিং,
                  বিষ্ণুৰিত্থং পৰামৃৰ্য্যাদিদেশ চতুৰো মুনীন
                  ভিক্ষাথং যাত কৈলাসং সনকাদ্যা বুভূক্ষিতাঃ।।
                  ভিক্ষাথং প্ৰস্থিতে শম্ভৌ সিদ্ধাঃ কৈলাসমাগতাঃ।
                  ভিক্ষাং দেহীতি পাৰ্ব্বত্যাং মুনয়স্তে যযাচিৰে।
                  নাস্তীহ তণ্ডুলকণোতি মদীয়গেহে।
                  কিন্ত্বি দদামি মুনয়ো বদতাশু ময্যং।।
                  যদ্বন্যবস্তু শলমুলমিদংগৃহ্যাতাম্।
                  ত্যাকৰ্ণ্য বাক্যমধুৰন্ত্তত দেৱনীতং।।
                  ততো লজ্জ্বাম্বিতা দেৱী চিন্তয়ন্তীতি পাৰ্ব্বতী।
                  কৃষ্যাৰ্থং বৰ্ত্তয়িস্যামি হৰস্যেচ্ছাং প্ৰযত্নতঃ।।
                  ভক্ষাবসানসময়ে শঙ্কৰে গৃহমাগতে।
                  তস্থৌ সা দ্বাৰমাৰুধ্যাভ্যন্তৰে পাৰ্ব্বতী তদা।
                  দিবসান্তে যদা শম্বূৰাগতো দ্বাৰাম্মুখে।
                  দ্বাৰন্তথাবিধং দৃষ্টা কিমসাবিতি চাব্ৰৰ্বীত্।।
                  শ্লোষেণ পাৰ্ব্বত্যুৰাচ
                  কস্তং শূলী প্ৰবিশ ভিষজং বেশ্ম নৈবাত্ৰ বৈদ্ঃ
                  স্তানুৰ্ভন্দ্ৰে ন ৰদতি তৰুৰ্ণ্ণীলকণ্ঠঃ প্ৰমুগ্ধে,
                  কেকামেকৰচত্বং পশুপতিৰবলে নৈবদৃষ্টিৰ্ব্বিষাণে,
                  ইত্যেং শৈলপুত্ৰীপ্ৰতিবচনজড়োহভুত্তদা শূলপাণিঃ।
                  ইত্থং শ্ৰীনীলকণ্ঠং নগপতিতনয়োবাচ মৃত্যুঞ্জয়ত্বং,
                  ভিক্ষাপ্ৰাপ্তঞ্চ বস্তুত্যজ গৃহ বাসতাং লাঘৱং কৰ্ম্ম লোকে,
                  মুগ্ধে ত্বং যুক্তবাক্যং প্ৰবদসি যদি বা দেহবৃত্তিঃ কথংস্যা
                  দেতত্তে শঙ্কনীয়ং ভবতি যদি কৃষৌ নাথকানাস্তি সিদ্ধিঃ।
                  শম্ভোগৰ্হিত ভিক্ষয়াত্বিতীবিতো কিন্তেহস্তিবা গেৰ
                  ৰম্মুঢ়ৈঃ পৰমেশ্বৰে কথয়তে নিন্দাৰ্থষ্যাকোন বৈ,
                  তদ্ধিত্বেতবকৰ্ম্মলক্ষণযুতং ভূতেশ্বৰোমেশ্বৰ,
                  মদ্বাক্যং যদি মন্যসে কুৰু কৃষিং বিশ্বাভিৰামঞ্চয়ত্।।
                                     শিব উৱাচ।

                  দুৰ্গহংঃ ভস্মিলিপ্তাঙ্গো দিগ্বাসা সৰ্পভুষণঃ।
                  প্ৰবৰ্ত্তেচ কথং তত্ৰ কৃষিৰপ্যতি দুস্কৰং।।
                                     দেব্যুবাচ।
                  শক্ৰাদ যাচৰ মেদিনীং ধনপতেবীৰ্য্যং বলাল্লাঙ্গলং
                  ভুতেশান্মহিষং তৰাস্তি বৃষভ ফালং ত্ৰিশূলং তব,
                  শক্তাহং তৰ পাকসিদ্ধকৰণে স্কন্দোহস্তি গোৰক্ষণে,
                  দগ্ধহং তৰ ভিক্ষায়া কুৰু কৃষিং গৌৰীতি বাচোব্ৰবীত্
                  বৰুণাদ্বিষ্ণুতঃ পাশং যোতংশ্চক্ৰং যুগাদিকং।
                  এবঞ্চ নিজকাৰ্ম্মেদং সাধয়ন্তি দবৌকসঃ
                  শ্ৰুত্বা দেব্যা গিৰং দেবৈস্তত্তথানুষ্ঠিতে সতি।
                  দদুঃ শক্ৰাদয়ঃ কামং কুৱেৰান্ত্বদমব্ৰবীত্।।
                  নিয়তাং তহনীপাত্ৰং সবীজমিদক্ষয়ং।
                  কিন্তু নাধোমুখং কাৰ্য্যং তদাস্যা নিস্ফলাকৃষিঃ।
                  পত্নত্যাভাষণমাত্মসম্ভবমিদং চাকৰ্ণ্য শ্ৰীশ্ৰীশঙ্কৰঃ।
                  ক্ষেত্ৰাথং গমনেচ্ছয়া ভগৱতা সংগৃহ্য শূলং ততঃ।
                  চক্ৰে যড় দশসংখ্যযোজনমিতং শষ্যং বৰং ভূষিতং
                  শুদ্বং পক্কবিপক্কশষ্যমভবচ্চাশ্চৰ্য্যৰূপেণ তত্।।
                  কৃষ্যাশক্তে ভগৱতো যদা ভোক্তূমন্নং ন যাতে।
                  সিদ্ধে পাকে নগপতিসুতা ক্ৰোধযুক্তা বভূৰ।।
                  তঞ্চানেতুং শশধৰধৰং দংশকাদীন্সসৰ্জ্জু।
                  নানোপাযৈস্তুদাপ ন গতস্তান্নিবাৰ্যোব শম্ভুঃ
                  ভৰ্ত্তূৰ্নাগমনে প্ৰগত্যহি শিবা দৃষ্টাম্ভুতং মেনিৰে,
                  তদ্বাক্ত্ৰদ্ভবচণ্ডৰোচিষযুগঃ সৰ্ব্বাং কৃষিং প্ৰদাহত্,
                  তৌ হস্তুং কৃষিদাহকৌ সমূদিতৌ ক্ষোভ ক্ষোভী
                                                     নামকৌ,
                  শূলং গৃহ্য হৰঃ প্ৰধাবতি ৰুষা জাজ্জ্বল্যমানস্তবদা।।
                  ক্ষোভ ক্ষোভী প্ৰাণবিনাশশঙ্কয়া নিবেদয়তে
                                                প্ৰণিপত্য শম্ভূং।
                  তৱপ্ৰিয়ায়া মুখপঙ্কজোদ্ভবৌ হন্ত্তং প্ৰভোৰ্ন্নাহ সি
                                                  নো প্ৰসীদ।
                  বুদ্ধা স্বীয়সুতাবুভৌ স ভগৱান্ত্যক্তশ্ব শূলন্তত-
                  স্ত্যত্ত্বা ক্ষেত্ৰমিদং প্ৰষাভমবদদ্ধেধৃত্ গৌৰিম্বামিতি।।
                  ইত্থং বাক্যমবাপ্য শঙ্কৰমুখাত্তৌ দ্বৌস্তুতঃ শঙ্কৰং।
                  গত্বা তত্ৰ তবাজ্ঞায়া ভগবতো ভোক্ষাবহে কিঞ্চনৌ।।
                  এতি বিবিধৰচোভিৰ্ভক্তিভাবেন তুষ্টে
                  নবশশধৰমৌলি বাক্যমেতজ্জগাদ।
                  কুজশনিৰবিবাৰে কুক্ষণে যোহভিজাত।।
                  স্তদমলকমলা স্যাম্ভক্ষণস্থঃ সদাস্যাত্।
                  ইতি ব্ৰুবাণং গিৰিশং প্ৰণিপত্য দুৰাশয়ৌ।।
                  তদ্বাৰজাত জস্তুনাং মুখে তদবধি স্তিতৌ।।
                  ক্ষোভ ক্ষোভী দন্ধধান্য ৰাশস্ত্বাসবোভবন।
                  দন্ধাবশেষঃ সৰ্ব্বত্ৰ শালী নাম্না প্ৰগীয়তে।।
                  একদা হনুমত্ক্ষিপ্তং ৰাঘৱঃ পৰ্ব্বতং মুদা।
                  দধাৰ যাবত্ কৃপয়স্তাবদুচুস্তদদ্ভুতং।।
                  তত্ৰ স্থিতৌ তুতৌ ৰামৌ বামাঙ্গুষ্ঠবিহিং সনৌ।
                  দৃষ্টা হন্ত্তং তদা ৰামঃ শৰং জগ্ৰাহ কোপনঃ।।
                  তভোভীতে বিনিৰ্গম্য প্ৰনিপত্য দুৰাশয়ৌ।
                  চিন্তায়ামাস তু ৰামচৰণৌ দুঃখমোচনো।।
                  ৰাম ৰাম কৃপাৰাম ৰঘুনাথ জগত্পতে।
                  কৰুণাং কুৰু নৌ দেৱ প্ৰসীদ পুৰুষোত্তম।।
                  এবম্বহুৱৈস্তোত্ৰৈস্তুষ্টো ৰামোহব্ৰবীত্ স্বয়ং।
                  কৌ যুবাং কথমুত্পন্নৌ কুৰুতাং কুতঃ।।
                  ক্ষোভাক্ষুভী তথা শ্ৰুত্বা ভীতৌ পাবকসন্নিভৌ।
                  শ্ৰাবয়ামাসতু ৰামং প্ৰণিপথ্য পুৰাকৃতং।।
                  প্ৰাৰ্থয়ামাসতু স্থানং ভক্ষঞ্চাপ্যতিকাৰতং।
                  ৰামেন প্ৰেষিতে তৌ তু সমভুমিং প্ৰজগ্মতুঃ।।
                  বৰকন্যাবিবাহান্তে চোচ্ছিষ্টপিষ্টকাদিকং।
                  ভুক্তা পুৰ্ব্ব কথাং শ্ৰুত্বা তুষ্টো স্যাতং মমাজ্ঞয়া।।
                  ইমাং পূৰ্ব্বাকথাং দিব্যাং ৰুৰ্ক্মীণ্যুদ্বাহকালতঃ।
                  ত্ৰিতীয়েহ্নি সভাৰাত্ৰৌ কথয়ামাস গৰ্গকঃ।।
                  ইতি তবজনকস্যাশ্চৰ্য্যৰূপং চৰিত্ৰং।
                  কৃষিকৰণবিহাৰং ক্ষোভকক্ষোভীজতিং।।
                  উপষমদিবসাত্ ত্ৰাহিকে ৰাত্ৰিকালে।
                  শ্ৰৰণপঠনযোগাত্ সুশ্ৰিয়ং যান্তি লোকঃ।।
                  ইতি নন্দিসংহিতায়ং ষট্ পঞ্চাশদধ্যায়ঃ।
                             ক্ষোভাক্ষুভীৰ বৃত্তান্ত।
                                 পদ।
                 প্ৰথমে প্ৰণামো গগনাথ গজানন।
                 কৃষ্ণৰ চৰণ নমো ভকত তাৰণ।।
                 হৰৰ চৰণ নমো নমো ভগৱতী।
                 হৰিৰ ভাৰ্য্যাক নমো লক্ষ্মী সৰস্বতী।।
                 হনুমান ৰামচন্দ্ৰ ৰাৱণনিধম।
                 কৰযোড়ে প্ৰণামোহো দুয়োৰে চৰণ।।
                 ত্ৰেতাযুগে খোবা-খুবী দুই ভৈলা জাত।
                 দেৱৰ্ষি নাৰদ হন্তে ভৈলন্ত প্ৰখ্যাত।।
                 পৰম দুৰ্ব্বাৰ তাৰা উমাৰ তনয়।
                 অগ্নিসম দুইজন প্ৰাণীক দহয়।।
                 বৈকুণ্ঠ থানত মুনি নাৰদ আছিলা।
                 কতা প্ৰসঙ্গে তাঙ্ক কাৰ্ত্তিকে পুছিলা।।
                 খোবা-খুবী নাম দেব মই আছো শুনি।
                 ৰাক্ষস দানব কিম্বা দেব নৰ মুনি।।
                 কিবা ৰূপ বেশ আৰু থাকে কোন ঠাই।
                 বিস্তাৰি কহিয়ো মোত তুমি মুনি ৰাই।
                 এহি শুনি কাৰ্ত্তিকত নাৰদ বদতি।
                 শুনা মন দিয়া তাক কহিবো সম্প্ৰতি।।
                 যাৰ কথা শুনি দেৱতাৰো লাগে ভয়।
                 তথাপি তোমাত আজি কহিৰো নিশ্চয়।।
                 তোমাৰ মাতাৰ দুয়ো মানসতনয়।
                 শান্ত নোহে দুই জন অতি দুৰাশয়।.
                 শিশুকাল আছিল তোমাৰ যেতিক্ষণ।
                 তযু মাতৃ হন্তে জনমিল দুয়ো জন।.
                 তোমাত কহিবো সবে কথা বিবৰিয়া।
                 যিহেতু পৰ্ব্বতে বাসা লভিল জন্মিয়া।।
                 কৈলাস পৰ্ব্বত শুক্ল বণ মনোহৰ। 
                 নানাৰত্নে বিনিৰ্ম্মিত অতি শোভাকৰ।।
                 ছয় ঋতু থাকে তাত কাল গতি কৰি।
                 অনেক সুগন্ধি ফুল আছে ডাল ভৰি।।
                 গুঞ্জ গুঞ্জ কৰি থাকে সদায়ে ভ্ৰমৰ।
                 জাতিকাৰ থানে সিতো পৰম সুন্দৰ।।
                 অপেস্বৰাগণ আছে কৰি গান ৰোল।
                 কুহু কুহু কৰি তাত থাকই কোকিল।।
                 এহিৰুপ কৈলাস পৰ্ব্বত মনোহৰ।
                 তাহাত অৰ্পণা শিৰে কৰি আছে ঘৰ।।
                 ৰত্নৰ মন্দিৰচয় অতি শোভাকৰ।
                 ভিক্ষাৰূপে অদ্যাপিয়ো আচন্ত শঙ্কৰ।।
                 এক দিনা লক্ষ্মী দেৱী ভ্ৰমিতে ভ্ৰমিতে।
                 কৈলাস পৰ্ব্বতে গৈলা উমাক দেখিতে।।
                 ভিক্ষাক গৈলন্ত শিৱ শিবা আছেৰ্ঘৰে।
                 লক্ষ্মীক দেখিয়া দেৱী পৰম সাদৰে।।
                 সিংহাসন পাৰি দিয়া তাম্বুলক আনি।
                 ভক্তিভাবে পুজিলন্ত নিজে ঠাকুৰাণী।।
                 সখীৰূপে লক্ষ্মীদেৱী পুছিলন্ত ৰাণী।
                 গৃহৰ বাৰ্ত্তাক মোত কোৱা ঠাকুৰাণী।.
                 অৰ্পনাক লক্ষ্মীদেৱী যতেক সুধিলা।
                 নিন্দাৰূপে পাৰ্ব্বতীয়ে লক্ষ্মীক বুলিলা।।
                 প্ৰথমে সুধিলা লক্ষ্মী ভিক্ষু কৈত গৈল।
                 গৌৰী বোলে বলিৰাজা যঞ্জত বহিল।।
                 লক্ষ্মী বোলে পশুপতি গৈল কোন ঠাই।
                 দুৰ্গা বোলে গৰু কৃষ্ণে আছন্ত চৰাই।।
                 লক্ষ্মী বোলে সৰ্পৰ ভুষণ ঘৰে নাই।
                 গৌৰী বোলে তোৰো পতি অনন্ত শয্যাই।।
                 বিষাদ কৰিয়া ৰৈল ভাৰিয়া কমলা।
                 উমা বোলে নোহো আমি প্ৰকৃতি চঞ্চলা।।
                 যিহেতু প্ৰথমে লক্ষ্মী ভিক্ষু উচ্চৰিলা।
                 সিকাৰণে লাজে উমা খেনিক কৰিলা।।
                 তাত পৰে লক্ষ্মীদেৱী বৈকুণ্ঠক গৈলা।
                 সমস্তে কথাক পাছে বিষ্ণুত কহিলা।।
                 লক্ষ্মীৰ বৃতান্ত শুনি প্ৰভু যদুৰাই।
                 কহিলা মুখত হস্ত পঙ্কজ ফুৰাই।।
                 তোমাক বিশ্লেষ কৰে উমা লাজ পায়া।
                 মিছা অপমান ভাবে নিজে মহামায়া।।
                 উপায় কৰিবো উমা লজ্জা পাৱে আৰ।
                 যেহিৰূপে সংসাৰত হোৱে কৃষিকাৰ।।
                 কৃষি হলে হব সুখা পৃথিৱী অখিল।
                 বিষ্ণু এই ভাৰি চাৰি সিদ্ধক মাতিল।।
                 সনক সনন্দ সনাতন মুনিবৰ।
                 সনতকুমাৰ শুনা আমাৰ উত্তৰ।।
                 ভিক্ষা কৰা চাৰি সিদ্ধে কৈলাসত যায়া।
                 ভিক্ষা কিছু দিতে নপাৰিবে মহামায়া।।
                 লজ্জা পায়া পাৰ্ব্বতীয়ে কব শঙ্কৰত।
                 শঙ্কৰো উমাৰ বাক্যে হুব কৃষিগত।।
                 কৃষি হলে পৃথিৱীত উপকাৰ হব।
                 সকলো জন্তুৱে খাব আমাকো পুজিব।।
                 এহি আজ্ঞা পায়া সিদ্ধ মুনি চাৰি জনে।
                 কৈলাসে ভিক্ষাক গৈলা বিষ্ণু স্মৰি মনে।।
                 দেখন্ত ভিক্ষাক গৈলা দেৱ শূলপানী।
                 অকলে আছয় ঘৰে উমা ঠাকুৰাণী।।
                 ক্ষুধায়ে পীড়িত মুনি চাৰিবো বদন।
                 ভিক্ষা দিয়া মাতৃ বুলি মাতে ঘনে ঘন।।
                 দেখিয়া ভিক্ষুক উমা ভাবিয়া বিমন।
                 দিবলৈকো ঘৰে নাই তণ্ডুলৰ কণ।।
                 বুলিবে লাগিলা উমা ভিক্ষু সব ঠাই।
                 শঙ্কৰ আমাৰ পতি ভিক্ষা মাগী খাই।।
                 ভিক্ষা মাগি সন্ধ্যাকালে আসন্ত গোঁসাই।
                 তোমাসাক দিবলৈকো ঘৰে কিছু নাই।।
                 যদি ফুলমূল লাগে কোৱাঁ মুনিবৰ।
                 তাক দিব পাৰো মই বিচাৰী বাৰীৰ।।
                 হেন শুনি মুনিগণে বুলিলন্ত বাক।
                 ভোকে মৰো তাক আনি দিয়া আমাসাক।।
                 ফলমূল আনি দেবী মুনিসবে দিলা।।
                 সকলো ভূজিয়া পাচে বৈকুণ্ঠে চলিলা।
                 আতপৰে উমা মনে বিষাদ কৰিয়া।
                 অভ্যন্তৰে বহি আছে দুৱাৰ মাৰিয়া।।
                 সন্ধ্যাকলে আসি শিৱে দুৱাৰক দেখি।
                 গৃহৰ চৌপাশে আছে চাহান্ত নিৰিখি।।
                 বুলিবে লাগিলা শিৱে বহি আছে দ্বাৰে।
                 দ্বাৰ মেলি দেহ শীঘ্ৰে কোন আছ ঘৰে।।
                 বিশ্লেষ কৰিয়া অৰে সোধে কোন বুলি।
                 ভবানীৰ বাক্য শুনি শিৱে বোলে শূলি।।
                 উমা বোলে শূলা ৰোগী কেনে ইঠাৱত।
                 সত্বৰে চলিয়ো তুমি বৈদ্যৰ ঘৰত।।
                 শিৱে বোলে থানু আমি দেখাহা সাক্ষাতে।
                 উমায় বোলয় নউ শুনো বৃক্ষে মাতে।।
                 নীলকণ্ঠ নাম মোৰ শিৱে বোলে পাছে।
                 কান্তা বোলে নাম ইতো ময়ুৰৰো আছে।।
                 কেঞো মেঞো কৰা তুমি বনৰ ভিতৰ।
                 দেৱতাৰ ইতো নাম শুনিছো অদ্ভুত।।
                 শিৱে বোলে আজি তুমি ভুলিছা অপৰ্ণা।
                 দ্বাৰ মেলি চাহা তুমি মঞি পশুপতি।।
                 গৃহিনী বোলয় পশুপতি বৃষ হই।
                 কি কাৰণে তোমাৰ মুণ্ডত শিঙ নাই।।
                 এহিৰূপে শিৱক তবধ কৰি নাৰী।
                 দুৱাৰ মেলিয়া পাছে নিলন্ত সাদৰি।।
                 নন্দি-পূৰাণৰ কথা অতি বিতোপন।
                 পঢ়িলে শুনিলে হোৱে পাপ বিনাশন।।
                 কৃষ্ণৰ কিঙ্কৰে ভণে এড়ি আন কাম।
                 সভাসদে ডাকি বোলা শিৱ ৰাম ৰাম।।
                                 -০-
                       কৃষিৰ প্ৰতি শিৱক নিযুক্তি।
                                দুলড়ী।


অপৰ্ণা বদতি       শঙ্কৰৰ প্ৰতি,
শুনা প্ৰভু মৃতুঞ্জয়।
তোমাৰ ভিক্ষাই,       পূজ্যৱতা নাই,
ইহাতে নাহি সংশয়।।
তুমি গৃহবাসী       কৈলাস-নিবাসি,
গৃহিণী কৰিছা মোক।
ভিক্ষাৰী আহিলে,        ভিক্ষাক নিমিলে,
পায় আছো বড় শোক।।
যদি যুক্তি ধৰা,       দেহ বৃত্তি কৰা,
কহো কিছু কথা মই।
অতি মুঢ় লোকে,       ঈশ্বৰকো নিন্দে,
ভিক্ষুক দেখি নিশ্চই।।
ইতো ভিক্ষা কৰ্ম্ম,       নিমিলান্ত ধৰ্ম্ম,
ইহাত তোমাৰ দুখ।
শুন কামোৰাই,       শিশু দলিয়াই,
কতো নাহিকয় সুখ।।
যিহোক সিহোক,       খণ্ডা মোৰ শোক,
তুমি প্ৰভু ত্ৰিপুৰাৰী।
ভিক্ষা কৰ্ম্ম এড়ি,       কৃষি কৰ্ম্ম ধৰি,
থাকা কৈলাস উপৰি।।
শুনি পশুপতি,       পাৰ্ব্বতিক প্ৰতি,
সাদৰে বুলি বচন।।
তম্মমাত্ৰ গায়,       বস্ত্ৰ নাহি কয়,
সৰ্পৰ কৰো ভূষণ।।
গুটি কৈত পায়,       ভাল মাটি নাই,
কিৰা মতে কৃষি হই।
কৃষি কৰ্ম্ম বৰ,       অতি যে দুস্কৰ,
হাল ফাল ঘৰে নাই।।
শুনিয়া অৰ্পনা         হাসিয়া বদিত,
ইহাৰ আছে উপায়।
তুমি বিশম্ভৰ,       জগত ঈশ্বৰ,
বৈত খোজা তৈতে পায়।।
ইন্দ্ৰ নিকটে,       গৈয়া অকপটে,
মাটি খুজি আনা যত।
কঠিয়া কুবেৰে,       দিৰন্ত সাদৰে
নাঙল পাবা বলোত।।
পাশ বৰুণৰ,       যোঁত মনোহৰ
বিষ্ণুৰ চক্ৰে যুঁৱলি।।
ৰাসুকিক আউন্ধ,       কুৰিবাহা বন্ধ,
আত তই থাক বুলি।।
যমৰ মহিষ,       আছে তযু বৃষ,
ত্ৰিশূল হৈবন্ত ফাল।
কৈলোহোঁ যুগুটি,       কৰিছো কাকুতি,
কৰা কৃষি হৈব ভাল।.
ৰান্ধনিৰ কৰ্ম্ম,       আমাৰ সে ধৰ্ম্ম
তযু চৰণৰ বৰে।
গোৰক্ষ কাৰণ,       আছে যড়ানন,
বালক তোমাৰ ঘৰে।।
শিৱে শুনি পাছে,       উমা যিতো কৈছে,
ভাবি দেখে কথা হয়।
নন্দি পুৰাণৰ,       কথা মনোহৰ
শুনিলে পাপা গুছয়।।
কৃষ্ণৰ চৰণে        ধ্যান কৰি মনে,
দ্বিজ ভায়ৰামে তণে।
সভাসদ যত,       হৈয়া নিশবদ,
শুনিয়োক এক মনে।।
                                 -
                       শিৱৰ কৃষিকৰ্ম্ম আয়োজন
পাছে দেব শূলপাণি,       ভাৰ্য্যাৰ বচন শুনি
মনে আতি আনন্দিত ভৈল।
সবে দেৱতাৰ ঘৰে,       খুজিয়া আনিল হৰে
কুবেৰ গৃহক পাছে গৈল।।
কুবেৰে দেখিয়া দেৱ,       পাৱে পৰি কৰি সেৱ
পূজিলন্ত আসন যোগাই।
শঙ্কৰে বুলিলা বাক,       কঠিয়া দিয়া আমাক
শুনি কুবেৰ তাক দেই।।
কঠিয়া অপাৰ মাগে,       নিয়া যত চুঙা লাগে
কৃষি কৰা হৈবন্ত বিশেষ।
পাত্ৰ কৈলে অধোমুখ,       কৃষিত নুহুব সুখ,
পাত্ৰত আছয় এহি শেষ।।
তুমি প্ৰভু শূলপাণি,       সকলোকে আছা জানি,
সকলৰ তুমি সে কাৰণ।
পাছে দেব শূলপাণি,       কঠিয়া চুঙাক আনি
হাতে লৈয়া কৰিলা গমন।।
ভাৰ্য্যাক সাদৰি ঘনে,       কৃষি কৰিবাক মনে
পাছে শিৱ পথাৰে চলিলা।
পথাৰ পাইল গই,       ভাল মাটি বাছি লই
তেবে হৰে হালক যুড়িলা।।
যোড়শ যোজন পথ,       কৃষি হৈল মনোৰথ
আগবাঢ়ি যান্ত পশুপতি।
পাছক নচাই হৰে,       ভালমতে কৃষি কৰে
মনত বিশেষ হুয়া ৰতি।।
পাছ হৈতে কৃষিচয়,       গেৰেলি ফুলৰি হয়
কতো পকা কতোবা নপকা।
দেখিতে আশ্চৰ্য্য লাগে,       কৃষিকৰে মহাভাগে,
নানাবিধ ধানৰ পতকা।।
ৰান্ধি অন্ন থালে তুলি,       শঙ্কৰ আসোক বুলি
বাটচাই আছন্ত সুন্দৰী।
কৃষিত আসক্ত হৰ,       কৈত বাৰী কৈত ঘৰ,
ভূলিলা ভঙুৱা পশুপতি।।
ক্ষুধাতৃষা এৰি হৰে,       কৃষিতে হে মন কৰে
নাসয় গৃহক মহেশ্বৰ।
শঙ্কৰৰ মনে ৰঙ,       তাক দেখি ভৈল খঙ
আদ্যাশক্তি পৰ্ব্বত ঝীৱৰ।।
গান্ধি ডাঁশ কেতুকুৰি,       সৃজিলন্ত ভূৰি ভূৰি,
কৃষি নষ্ট কৰিবাক মনে।
দেখি প্ৰভু শূলপাণি,       জুমুধি বাধিয়া আনি,
নাঙল কুটিত বান্ধে ঘনে।।
নাসিবাৰ দেখি পতি,       পুনৰপি সৃজে সতী,
কেঁচু বিছা বৰল ফৰিঙ।
চহৰা গোঁঞাহি মহ,       নষ্ট কৰিবাক সহ
কুমটি ইন্দুৰ উচ্ছৰিঙ।।
জোক পোক আদি কৰি,       সৃজন কৰিলা দেবী
আদেশিলা সবাকো গোঁসানি।
সকলে চলিয়া যাস,       শস্য সব কৰ নাশ
তেহে কিবা আশে শূলপাণি।।
আজ্ঞামতে সবে গই,       কৃষিৰ ওচৰ পাই,
ধৰিলন্ত উতপাত কৰি।
শঙ্কৰে দেখিয়া পাছে,       কৃষি নষ্ট কৰি আছে,
খেদিলন্ত হাতে শূল ধাৰ।।
শস্যৰ অনেক অৰি,       দেখিলন্ত মন্ত্ৰ কৰি,
অনন্ত মহিমা আছে যাৰ।
তাথাপি নাসয় পতি,       খঙ হুয়া ভগৱতী,
বেগে যান্ত কৃষি দেখিবাৰ।।
কৃষি দেখি ভগৱতী,       বিস্ময় মানিল অতি,
মুখ হন্তে ভলন্ত উদিত।
অগ্নিবৰ্ণ কলেবৰ,       দেখি অতি ভয়ঙ্কৰ
খোবা খুবী শস্য পুৰি যান্ত।।
বিশ্বম্ভৰ পশুপতি,       কৃষি কৰ্ম্মে হুয়া ৰতি,
পাছক নচায়া আগে ধান্ত।।
অগ্নিৰ শব্দ শুনি,       পাছ চায়া শূলপাণি
কৃষিত দেখিল দুই জন।
দেখি হৰে ক্ৰোধ হৈল,       হাতে শূল তুলি লৈল,
খোবা খুবী মাৰিবাক মন।।
                                 -
                      ক্ষোভাক্ষোভীৰ প্ৰতি শিৱৰ কোপ।
                                 পদ
                 পাছে খোবা-খুবী দুয়ো দেখে চিন্তে মাৰ।
                 দণ্ডৱতে নমিলন্ত চৰণে হৰৰ।।
                 কৰযোড় হুয়া দুয়ো কৰিলা মিনতি।
                 নমাৰিয়া ৰাখা প্ৰভু কৰিয়ো কাকুতি।।
                 তোমাৰ ভাৰ্য্যাৰ মুখে উপজিলো আমি।
                 প্ৰাণ ৰক্ষা কৰা প্ৰভু ত্ৰৈলোক্যৰ স্বামী।।
                 উমাৰ মানসসুত আমি দুই জন।
                 বুঝি চোৱা প্ৰভু আমি লৈলোহো শৰণ।।
                 মাতা উমা পিতা তুমি দেৱ পশুপতি।
                 কিবা অপৰাধে প্ৰভু মৰণৰ গতি।।
                 মাতৃৰ আজ্ঞায়ে প্ৰভু কৃষি কৈলো নষ্ট।
                 আমাক ৰাখিয়ো আজি ক্ষেমিয়োক কষ্ট।।
                 পুত্ৰক বধিতে কোনো শাস্ত্ৰে নিলিখই।
                 আমাসাৰ হন্তে আজি ক্ষেমিয়োক দাই।।
                 পাছে দেৱ পশুপতি মনে ভাবি চালে।
                 আপন মানসসুত হেন বুঝি পালে।।
                 বুলিবে লাগিলা হৰে খোবা-খুবী চাই।
                 ঢেঢেঞা পৰ্ব্বতে দুয়ো বাস কৰ যাই।।
                 এহি আজ্ঞা পাই পাছে খোবা-খুবী দুই।
                 পুনৰপি কহে দুয়ো কৰযোড় হুই।।
                 ভাল আজ্ঞা দিলে প্ৰভু শিৰে লৈলো তুলি।
                 কিন্তু অনাহাৰে আমি মৰিবো সমুলী।।
                 শিলাৰ পৰ্ব্বতে প্ৰভু কি পাবো আহাৰ।
                 আজ্ঞা কৰা প্ৰাণ স্বামী ক্ষাধাৰ তৃষাৰ
                 এহি বুলি দুয়ো শিৱ চৰণে নমিলা।
                 তুষ্ট হুয়া পশুপতি তাক কহি দিলা।।
                 যিটো জন্মে শনি ৰবি মঙ্গল বাৰত।
                 দ্বিতীয়া দ্বাদশী আৰু তিতি সপ্তমীত।।
                 নক্ষত্ৰৰ মধ্যে পুনৰ্ব্বসু কৃত্তিকাত।
                 উত্তৰফাল্গুনী কিবা জন্মে বিশাখাত।।
                 পুৰ্ব্বভাদ্ৰপদ আৰু উত্তৰাষাঢ়াত।
                 যিটো প্ৰাণী ওপজয় কুক্ষণ বেলাত।।
                 সিসবাৰ মুখত সদায়ে বাসা কৰি।
                 ভোজন কৰিবি দুয়ো উদৰক ভৰি।।
                 এহি বুলি সদাশিৱে আদেশ কৰিলা।
                 আজ্ঞা শিৱে ধৰি দুয়ো সত্ত্বৰে চলিলা।।
                 সেহি বাৰ ক্ষণে যিটো অদ্যাপি জন্মই।
                 তাৰ খোব লাগে বুলি জানিয়ো নিশ্চয়।।
                 খোবা-খুবী যত ধান দগ্ধকৰি গৈলা।
                 সকলোৰে সদাশিৱে আহু নাম থৈলা।।
                 অদ্যাপিয়ো যত আছে আহু ধান নামে।
                 পণ্ঢিত সজ্জনে তাক নলগাই কামে।।
                 খোবা-খুবী নুপুৰিয়া যত ধান থৈলা।
                 পৃথিৱীত সিবোৰৰ শালি নাম ভৈলা।।
                 দেৱতাৰ পূজা যিটো তাকেসে লগাই।
                 পিত্ৰাদিৰো শ্ৰাদ্ধত সফলে তাক দেই।।
                 এহিৰূপে কৰে শিৱে কৃষি নিৰূপণ।
                 তাৰ পৰে চলি গৈল চৈধ্য ভূবন।।
                 কৃষ্ণৰ কিঙ্কৰে ভণে মূলগ্ৰন্থ চায়।
                 যাক শুনি খোবা-খুবী দুৰতে পলায়।।
                 শুলিয়োক সভাসদ এড়ি আন কাম।
                 পাতক চাড়োক ডাকি বোলা শিৱৰাম।।
                                 -
                      ক্ষোভা-ক্ষোভীৰ পৰিণতি।
                                 পদ।
                 এহিমতে খোবা-খুবী আছে পৰ্ব্বৰত।
                 যেবে ৰঘুনাথে সেতু বান্ধে সাগৰত।।
                 এহি বুলি হনুমানে ওপৰক তুলি।
                 ৰামহাতে এড়ি দিলা ধৰিয়োক বুলি।।
                 দেখি যত কপিগণে ত্ৰাহি ত্ৰাহি কৰে।
                 ৰামে তাক অঙ্গুষ্ঠেৰে অপ্ৰয়াসে ধৰে।।
                 খোবা-খুবী দুই ছিলা সেহি পৰ্ব্বতত।
                 তেখনে ধৰিলা ৰঘুনাথৰ হাতত।।
                 স্পৰ্শমাত্ৰে ৰামচন্দ্ৰ তাহাক জানিলা।
                 শৰ কৰি মাৰো বুলি ধনু দাঙি লৈলা।।
                 যমসম ৰাম দেখি খোবা-খুবী ভীত। 
                 তুতি আৰম্ভিলা কৰি ৰামক প্ৰণতি।।
                 অনাথৰ নাথ প্ৰভু দুৰ্ব্বদলশ্যাম।
                 কৰুণাসাগৰ তুমি বিশ্বনাথ ৰাম।।
                 তোমাৰ চৰণে কৰো প্ৰণাম লক্ষেক।
                 নমাৰিয়া ৰাখা প্ৰভু দাসক আমাক।।
                 অনন্ত মহিমা তযু দেৱ ৰঘুপতি।
                 কৰুণা কৰিয়ো আমি অতি মূঢ়মতি।।
                 এহিৰূপে খোৱা-খুবী তুতিক কৰিলা।
                 প্ৰভু ৰামচন্দ্ৰে তেবে বুলিবে লাগিলা।।
                 কৈৰ পৰা আসি আছ কিমতে জন্মিলি।
                 কি কাৰণে তোৰা দুই হিংসাক ধৰিলি।।
                 ইসৰ কথাত মোত কহিয়ো সত্ত্বৰ।
                 এহি বুলি ৰামচন্দ্ৰে এড়িলন্ত শৰ।।
                 এতেক শুনিয়া পাছে খোৱা-খুবী দুই।
                 পূৰ্ব্বৰ বৃত্তান্ত কৈলা কৰযোড় হুই।।
                 এক দিনা কৃষি আৰম্ভিলা পশুপতি।
                 তাক দেখিবাৰ মনে গৈলা ভগৱতী।।
                 শস্য দেখি মহামায়া মানিলা অদ্ভুত।
                 তাহান মানস হন্তে ভৈলো মোৰা জাত।।
                 কৃষি কৰি শূলপাণি আগবাঢ়ি যাই।
                 আমা হন্তে ধান্য সব পাছে পুৰি যাই।।
                 অগ্নিৰ শব্দ শুনি শিবে ঘুৰি চালে।
                 সেহি কালে আমাসাক আপদেও পালে।।
                 আমাক মাৰিবে লাগি শূল লৈল হাতে।
                 কৰিলোহো তুতি নাতি পড়ি প্ৰণিপাতে।।
                 আপন মানসসুত হেন বুঝি পালে।
                 ঢেঢেঞা পৰ্ব্বতে বাসা আমাসাক দিলে।।
                 শনি ৰবি মঙ্গল বাৰত জন্ম যাৰ।
                 কুক্ষণে ভাতৰ মুখে ভক্ষ আমাসাৰ।।
                 এহি নিয়মক কৰি দিলা পশুপতি।
                 সেহিৰূপে কৰো ইটো পৰ্ব্বতে বসতি।।
                 অনাথৰ নাথ তুমি নজানোহো আমি।
                 প্ৰাণ ৰক্ষা কৰিয়োক ত্ৰৈলোক্যৰ স্বামী।।
                 আমি থকা পৰ্ব্বত আনিল হনুমান।
                 আজি দিন হন্তে প্ৰভু ভৈলো নিৰাধান।।
                 যাইৰোহো আবে কোন থানে ৰঘুপতি।
                 কৰিয়োক আজ্ঞা তুমি অগতিৰ গতি।।
                 শিৱ আজ্ঞা মতে ভক্ষ কদাচিতে পাই।
                 তাহাৰে আমাৰ দেহ কিমতে যুৰাই।।
                 সি দুখক খণ্ডিলা আজি তযু দৰশনে।
                 কাতৰে মাগোহো ভক্ষ তোমাৰ চৰণে।।
                 এহিৰূপে খোৱা-খুবী প্ৰাৰ্থনা কৰিলা।
                 পৰম কৃপালু ৰাম হাসিয়া বুলিলা।।
                 পৰ্ব্বত এড়িয়া দুই পৃথিৱীক যাস।
                 মোৰ আজ্ঞা মতে তাত থাক অপ্ৰায়সে।।
                 সদাশিৱে দিয়া ভক্ষ পাবি পৃথিৱীত।
                 শুন আৰু ভক্ষ দিয়ো কৰিয়া বিদিত।।
                 প্ৰথম বিবাহ নৰে কৰে যিকালত।
                 বৰ কন্যা দুয়োকো ধৰিবি সিবেলাত।।
                 বিবাহৰ তিন দিন নোহয় যাৱত।
                 আজ্ঞা দিঞো থাকিবিহি দুয়োৰো গাৱত।।
                 সিদিনাতো সন্ধ্যাকালে সামগ্ৰী চপায়া।
                 উত্সৱ কৰিব সবে হৰি নাম গায়া।।
                 ইসব বৃত্তান্ত পাছে কৰালে শ্ৰৱণ।
                 ভক্ষ কৰি পিস্তকাদি কৰিবি গ্ৰহণ।।
                 পূৰ্ব্ব কথা শুনি বৰ কন্যাক এড়িবি।
                 মোৰ আজ্ঞা মতে দুয়ো ক্ৰমে প্ৰবৰ্ত্তিবি।।
                 হৰিৰ চৰণ পঙ্কজক মনে ধৰি।
                 দ্বিজ ভায়াৰামে ভণে ভাষা পদ কৰি।।
                                 -O-
                       কৃষ্ণ ৰুক্মিণীৰ বিবাহ
                                 পদ।
                 অনন্তৰে খোৱা-খুবী গৈলা পৃথিৱীক।
                 বিবাহ কৰিলা কৃষ্ণে যেবে ৰুক্মিণীক।।
                 ৰাম আজ্ঞা মতে পিছে দুয়োকো ধৰিল।
                 পুৰোহিত গৰ্গঋষি তাহাক জানিল।।
                 তিনি দিন যেবে আসি ভৈল বিবাহৰ।
                 গমন কৰিলা দ্বাৰকাক ঋষিবৰ।।
                 গৰ্গক দেখিয়া হৰি আশ্বাস কৰিলা।
                 কৃষ্ণক সম্বোধি ঋষি আসনে বসিলা।।
                 পিস্তকাদি নানা দ্ৰব্য একত্ৰ কৰিয়া।
                 সন্ধ্যাকালে গৰ্গঋষি সবাহ পাতিয়া।।
                 খোৱা-খুবী আখ্যানৰ সবে বিবৰণ।
                 ৰুক্মিণী কৃষ্ণক গৰ্গে কৰালে শ্ৰৱণ।।
                 যিহেতু কৰিলা কৃষ্ণে আখ্যান শ্ৰৱণ।
                 সিকাৰণে চলি গৈলা সমস্ত ভুবন।।
                 শশধৰ নৰপতি ইহাক এড়িল।
                 খোৱা-খুবী দগ্ধ কৰি সৰংশে মৰিল।।
                 ক্ষুদ্ৰ নোহে খোৱা-খুবী পাৰ্ব্বতী তনয়।
                 যাৰ কথা শুনিলে সবাৰো শুভ হয়।।
                 বিয়াৰ তৃতীয় দিনা সবাহ পাতিয়া।
                 পিস্তকাদি নানা দ্ৰব্য একত্ৰ কৰিয়া।।
                 জ্ঞাতিকুল পুৰোহিত ডাকি আনিবন্ত।
                 ইষ্ট মিত্ৰ সমে সন্ধ্যাকালে বসিবন্ত।।
                 মাঝে মাঝে শিৰদুৰ্গা নামে উচ্ছাৰিয়া।
                 হৰিনাম গাব সবেউত্সৱ কৰিয়া।।
                 পাছে দৰা কনিয়াক সমাজে আনিব।
                 পণ্ডিত ব্ৰাহ্মণে এহি আখ্যান কহিব।।
                 হবিষ্যে থাকিয়া বৰকন্যা দুইজন।
                 পৰম ভক্তিৰে তাক কৰিব শ্ৰবণ।।
                 খোৱা-খুবী আখ্যান সম্পূৰ্ণ হোৱৈ যেবে।
                 বৰকন্যা দুই জনে প্ৰণামিব তেবে।।
                 নাৰীগণে উৰুলি মঙ্গল আচৰিব।
                 সভাসদ সবে পাছে আশীষ কৰিব।।
                 পিস্তকাদি যত দ্ৰব্য বাণ্টিয়া খাইব।
                 পাছে যাৰ যেহি স্থান সেহি স্থান যাব।।
                 এহি আখ্যানক নিতে যিতো গায়া ফুৰে।
                 খোৱা-খুবী নছাপন্ত তাহাৰ ওচৰে।।
                 শুনিলে সকল হৱৈ কামনাৰ সিদ্ধি।
                 ধন ধান্য বংশ পূণ্য ঐশ্বৰ্য্যৰ বৃদ্ধি।।
                 নন্দি পুৰাণৰ কথা অতি মনোহৰ।
                 কাৰ্ত্তিকত কহিলা নাৰদ মুনিবৰ।।
                 শুনা সৰ্ব্বজন ইটো লীলা শঙ্কৰৰ।
                 জগত ঈশ্বৰে কৰে কৰ্ম্ম মনুষ্যৰ।।
                 হেন জানি বুদ্ধজন এৰা আন কাম।
                 পাতক চাড়োক তাকি বোলা ৰাম ৰাম।।