কোন ক’ত আছ আহ্ অ’ (নাটক : কনকলতা)
অৱয়ব
কোন ক’ত আছ
আহ্ অ’ ডেকা ল’ৰা
তই সমুখত হ’ থিয়
মাতৃ পূজাৰ ভাগ লবলৈ দেৰি কৰ কিয় ?
শুৱনি প্ৰকৃতি শুৱাই থকা
অসম দেশৰে ছোৱালী অ’
তই পাচে পৰি পৰি থাক কিয় ?
অসম দেশৰে ছোৱালী অ’ ৷
ভাৰত বৰিষ বিয়পি জ্বলিছে
যুঁজৰ অগনি শিখা
অসমীয়া তই টোপনি নেৰিলি
কিনো ভাইগৰ লিখা ৷৷