কুমাৰ মোহন
নৱযৌৱনৰ জাগে
বাণৰ জীয়াৰী ঊষা ৰূপহীয়ে
মিলন পৰশ মাগে,
সেই কামনাই
সোণোৱালী সপোনত
হিয়াৰ গোপনত ৷
উদয়াচলৰ নৱাৰুণ সম
আহিলে অনিৰূদ্ধ,
বসন্তোৎগমা পৃথিৱীৰ দৰে
বিহ্বলা ঊষা
পৰশ পুলকমুগ্ধা ৷
নতুন চুমাৰ প্ৰথম পৰশ নজনা উন্মাদনা
পাই কি কুঁৱৰী
অলিয়া-বলিয়া
বিয়াকুল উন্মনা ৷
ৰূপৰ ইনো কি অময়া জলক
পৰশৰ কিনো অগ্নিপুলক
অস্থিতো আনি মিলন বাসনা
দিলে আহি শিঁয়ৰাই,
লোৱা সখী মোক
কোৱা সখী মোক
কেনেকৈ থাকোঁ
কেনেকৈ থাকোঁ
কোৱা সখী কি উপায় ?
ছন্দেৰে লীলায়িত
অভিনৱভঙ্গা
বিজুলীঅঙ্গা
চিত্ৰলেখাই
হাঁহি মিচিকাই
আঁকি দিলে ত্ৰিভূৱন যৌৱন বসন্ত
জিলিকিল লেখনীত সেয়ে ৰূপৱন্ত
কৃষ্ণৰ নাতি অনিৰূদ্ধ
ঊষা বিমুগ্ধ ৷
দূৰণিত থাকে সেই পৰাণৰ প্ৰিয়
হিয়লি-জিয়লিকৈ
কান্দে ঊষা ৰূপহীয়ে
সখীৰ ডিঙিত ধৰি
আনা বুলি
জীৱনৰ জীৱ ৷
চিত্ৰলেখাই
সখীটিক নিচুকাই
দুগালত দুটি চুমা খাই
দূৰণিলৈ যায়
লঘুভাৰ
অভ্ৰৰ লয়লাসে ভাঁহি
ছঁয়াময়া কায়া ধৰি
কুমাৰৰ সমুখত
ওলালে হাঁহি
বজালে জম্ভন বাঁহী ৷
কুমাৰৰ বিস্ময়
সুৰতে তন্ময় ৷
চিত্ৰলেখাই
কুমাৰ ভুলাই
মোহন মন্ত্ৰ
দিলে শিঁয়ৰাই
আলোকত শুই থকা
নজগা বসন্ত
প্ৰকাশ প্ৰকাশ বুলি কৈ,
সৌন্দৰ্য্যই
ভুবনৰ অনাগত
যৌৱনে যৌৱনে
গুমৰিছে অবিশ্ৰান্ত---
মন্ত্ৰতে সাৰ পাই জাগে যি অশান্ত ৷
কুমাৰে দেখিলে এক
মনোময় দৰ্শন,
জিক্মিক্ জিক্মিক্
আলোকৰ কম্পন
পোহৰ ফুলি উঠে
ইনো কিনো যৌৱন !
নুফুলা কল্পনাৰ
ইনো কিনো উন্মেষ,
নহঁহা বসন্তৰ
ইনো কিনো সমাবেশ
ইনো কিনো প্ৰকাশৰ
নিবিকশা জীৱনৰ মোহিনী মাধুৰ্য্য,
আলসুৱা সত্য
বিশ্বমোহন কিনো জ্যোতি-নৃত্য ৷
আলোকৰ মাজে মাজে
জ্বলে দিব্যলেখা,
আলোকৰ সাগৰত
সোণ-ৰূ-মুকুতাৰ জ্যোতিক মীনদলে
জিলিক-জালাককৈ
সাঁতুৰি সাঁতুৰি ফুৰি
খেলে জলখেলা ৷
আলোকে আলোকে আহি
হাঁহি-মাতি ফুৰিছে
বৰণে বৰণে আহি চুমাচুমি কৰিছে ৷
ৰঙা-বগা –সেউজীয়া
হালধীয়া ডাৱৰৰ নিজৰা নামিছে ৷
আলোক-ডাৱৰে মিলি
পাক খাই, পাক খাই
নাচি নাচি ভাগৰি পৰিছে ৷
বৰ্ণে-গন্ধে আহি
সাৱটা-সাৱটি কৰি
কোলাকুলি কৰিছে ৷
ৰূপ-ৰস-বৰ্ণ-গন্ধ নীহাৰিকা
প্ৰদক্ষিণ কৰি কৰি
কুমাৰৰ চৌপাশে ভ্ৰমিছে ৷
কঁপিছে নীহাৰিকা
প্ৰকাশৰ বেদনাত
কম্পন
কম্পন
আলোড়ন
আলোড়ন
আগ্নেয়গিৰি সম
ৰূপ-সৌন্দৰ্য্যৰ হ’ল মহাবিস্ফোৰণ ৷
নিমিষতে জাগিলে নৱবসন্ত
প্ৰহেলিকাময়ী এক নেদেখা অবন্তি
জ্বলি উঠে যেনেকৈ বিজুলী-বন্তি ৷