কি দিয়া পূজিবো ৰাঙ্গা চৰণ মূৰাৰি

ৱিকিউৎসৰ পৰা


কি দিয়া পূজিবো ৰাঙ্গা চৰণ মূৰাৰি | তোমাৰ সেৱাৰ পুষ্প নাপালো বিচাৰি || প্ৰথম পুষ্পৰ নাম ইন্দ্ৰিয় দমন | দ্বিতীয় পুষ্পৰ নাম হিংসা নিৱাৰণ || তৃতীয় পুষ্পৰ নাম প্ৰাণী দয়াময় | ক্ষমাসমে চাৰি পুষ্প জানিলো নিশ্চয় || তপে পঞ্চ্য জপে জয় ধ্যানে সাত জানি | জ্ঞান সমে অষ্ট পুষ্প জানিলো কাহিনী || ব্ৰহ্মাণ্ডৰ মধ্যে আছে এক দালি পুষ্প | সেই পুষ্পে পুজিলেহে গুৰু হোৱে তুষ্ট ||