কাৰ সোঁৱৰণি তোৰ চকুপানী

ৱিকিউৎসৰ পৰা

<poem>

কাৰ সোঁৱৰণি

তোৰ চকুপানী

         ভোৰ, দৃষ্টি কৰিলে বন্ধ
                  অ’ মোৰ ব’ৰাগী অন্ধ !


কাৰ বিৰহত

তোৰে চৌপাষে

         উৰিছে আকুল ব্যাকুল বনগন্ধ ৷
                  অ’ মোৰ ব’ৰাগী অন্ধ !


উমানে উমানে

বাটে বাটে যাৱ

         ঘৰ কেনেকৈ চিনি পাৱ ?

তই, গুণ গুণকৈ

         কি গান বিনাৱ

আকাশৰ পিনে

         মুদা চকুৰে
                  কিহৰ ছবিটো চাৱ ?


তোৰেই দৰেই সসীম চকুৰে অসীমৰ ছবি

                                               চাওঁ

তোৰেই দৰেই উমানে উমানে মোৰ বাটে

                                     বাটে যাওঁ ৷

উৰিছে আকুল ব্যাকুল বনগন্ধ

                  অ’ মোৰ ব’ৰাগী অন্ধ !!