কাৰ তেজ আজি
অৱয়ব
<poem>
কাৰ তেজ আজি নৱজীৱনৰ ছন্দৰূপেৰে বয়
কাৰ চকুপানী
নৌ মচোতেই
মুকুতা মণিটি হয় ?
কাৰ জীৱনৰ
জ্বলিছে চাকিটি
মৃত্যুৰ থাপনাত
কাৰ তিয়াগৰ
অগ্নিৰে আজি
স্বাধীনতা প্ৰতিভাত ?
আন্ধাৰ বিদাৰি
আনি দিলে কোনে
জন জীৱনৰ নৱপ্ৰভাত
সেই সিহঁতক, মোৰ গানেৰে কৰিলোঁ
প্ৰণিপাত ৷৷