সমললৈ যাওক

কাহুদি আৰু খাৰলি

ৱিকিউৎসৰ পৰা

       বাঁহীয়ে ’পলিটিক্সত’ হাত নিদিয়ে। কিন্তু হিন্দু-মুছলমানৰ মৰামৰিটো পলিটিক্সৰ ভিতৰত পৰেনে কিহতে পৰে ক’ব নোৱাৰোঁ। কোনোৱে বোলে পৰে, কোনোৱে বোলে নপৰে-পৰে ধৰমত হে। আমি কিন্তু মৰামৰিৰ মাজত পৰি পেপুৱা লাগিছোঁ, মাৰৰ কোবত আমি ক’ত পৰো, ক’ত নপৰো অৰ্থাৎ কাৰ বহাত সোমাই পৈতৃক প্ৰাণটি ৰক্ষা কৰিম, সেইটোৰ ভূ নলৈ লৰি কেতিয়াবা হিন্দুৰ ঘৰত সোমাইছোঁ, কেতিয়াবা মুছলমানৰ ঘৰত আশ্ৰয় লৈছো, আৰু সদাশয় হিন্দু গৃহস্থই নিজৰ বিপদলৈ আওকাণ কৰি আমি মুছলমানক আশ্ৰয় দি ৰাখিছে, আৰু হুৰা-মূৰাৰ কালতো মূৰ থিৰেৰে ৰাখিব পৰা বিজ্ঞ মুছলমান গৃহস্থই ঘটিব পৰা আপদলৈ চকু নিদি আমি হিন্দুক নিজৰ ঘৰত স্থান দি ৰাখিছে। এতেকে হিন্দু-পলিটিক্সৰ টিকনি আৰু মুছলমান খিলাফতৰ ডাঢ়িৰ নুৰাত একেমুঠিয়েই ধৰি যেতিয়া দন্দুৰা দৈত্যই “ঘণ্টা লাৰি” দুইৰো ওপৰত পৰি দুইকো "ভূমিত পাৰি” সমজ্যাত চোচোৰাই লৈ ফুৰায়, তেতিয়া স্থান, কাল, দেশ, পাত্ৰৰ হিচাপ ৰাখিব নোৱাৰি একেলগে সদায় মিলা-প্ৰীতিৰে থকা দুই ভাই হিন্দু-মুছলমানক এইদৰে মিছা কথাতে বা ক্ষুদ্ৰ কথাতে মূৰ ফলাফলি কৰি মৰিবলৈ আজিৰ দিনতো কোনে ভাৰতীয় জাতি (Indian Nation) সঙ্ঘটনৰ আৰম্ভতে এইদৰে ভাৰত আইৰ আগ মঙহতে কামোৰ মাৰিছে, সেইটোৰ বুজ-বিচাৰ ল’বলৈ আজি আমি নাযাওঁ, কাৰণ সেই কাৰ্য্য কৰোতাসকল বৰঘৰৰ বেৰৰ ভিতৰত, কোনেও তেওঁলোকক নেদেখে, আৰু দেখিলেও আঙুলিয়াবলৈ নাইবা তেওঁলোকৰ গাত হাত দিবলৈ সাহ নকৰে। তাৰ কাৰণ অনেক। তেওঁলোকে উলুৱনিত জুই লগাই দূৰৰপৰা ৰং চায় আৰু গিৰিহঁতক “খুচী” কৰি নিজে ডাঙৰ হ’বলৈ আৰু লৰালুৰিক ডাঙৰ কৰিবলৈ দিহা কৰে। দেশত বৰ যুঁজ হ’লে শগুণ-শিয়ালৰ মহা আনন্দ হয়; কাৰণ তেতিয়া সিহঁতে শ খাই পেট ভৰাই লোদোৰপোদোৰ হ’বৰ উপায় ওলায়, ইতি পিণ্ডিতাৰ্থ।

***

       আমি যেনে অৱস্থাত পৰিছোঁ, আমাৰ ভিতৰত উলুৱনিত জুই লগাই দূৰৰপৰা ৰং চোৱা কিছুমান থাকিবই। যেতিয়ালৈকে ভেদ নীতিৰ দ্বাৰাই দেশ শাসিত থাকিব তেতিয়ালৈকে এনে মানুহৰ ওৰ নপৰে। আৰু শাসকসকলৰ পক্ষে এই নীতিৰো আৱশ্যকতা নাযায় – যেতিয়ালৈকে দেশ বন্ধুতা আৰু প্ৰীতিৰ অস্ত্ৰেৰে শাসিত নহৈ তাৰোৱালেৰে শাসিত হৈ থাকিব। এইবাবেই আত্মশাসনৰ আৱশ্যক। আত্মশাসনে ভাই-ভাইৰ লগত ডিঙি কটাকটিৰ ওৰ পেলায়। আকৌ আন ফালে ভাই-ভায়ে ডিঙি কটাকাটি কৰি থাকিলেও আত্মশাসন লাভ হোৱা কঠিন। সেইদেখি ভাৰত এতিয়া, দুইও দুইফালে দুইৰো নেগুৰ গিলিবলৈ ধৰা দুটা সাপৰ মেৰপাক অৱস্থাত। এনে সঙ্কট সময়ত ভাৰতক ঈশ্বৰে নাৰাখিলে আৰু কোনে ৰাখে।

***

       ভাৰতত হিন্দুৰ আৰু মুছলমানৰ সৰহভাগেইই অশিক্ষিত। এমুঠি শিক্ষিতে এই অশিক্ষিত বৃন্দক জ্ঞান বুদ্ধি আৰু পৰামৰ্শৰে চলাব পাৰে, আৰু চলায়। এই এমুঠি শিক্ষিতৰ ভিতৰৰ স্বাৰ্থপৰসকলে নিজৰ স্বাৰ্থ বা মৎলব সিদ্ধিৰ অৰ্থে, আৰু নিস্বাৰ্থপৰসকলে নিজৰ স্বাৰ্থ বলি দি দেশৰ মঙ্গলৰ অৰ্থে বিপুল অশিক্ষিত কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰে। অশিক্ষিত সমূহ তেওঁলোকৰ হাতত Dumb driven cattle অৰ্থাৎ নিমাত গৰু-ম'হৰ জাক। যেতিয়ালৈকে ভাৰতৰ সৰহভাগ মানুহৰ এনে অৱস্থা থাকিব, তেতিয়ালৈকে স্বাৰ্থপৰসকলে নিমাতসকলক লৈ দেশৰ অনিষ্ট আৰু নিজৰ নিষ্ট (প্ৰকৃততে শেহত নিজৰো ভয়ানক অনিষ্ট) কৰি থাকিব। এতেকে এই বিপদৰ পৰা ভাৰতক ৰক্ষা কৰিবলৈ এক উপায় হৈছে, দেশৰ নিমাত অজানসকলক শিক্ষিত কৰি তেওঁলোকৰ চকু গজাই দিয়াটো। এইটো কিন্তু বৰ ডাঙৰ আৰু টান কাম। টান এইবাবে যে ৰজাঘৰৰ পৰা এই কাৰ্য্যত পূৰ্ণ সহায় পোৱা নাযায়, বিশেষকৈ ধনেৰে। পৃথিৱীৰ আন আন সুসভ্য দেশত এশজনৰ ভিতৰত কেইজন শিক্ষিত আৰু সেই সেই দেশৰ গভৰ্ণমেণ্টে সেই কাৰ্য্যত কিমান ধন ভগন কৰে, সেইবোৰ কথাৰে ভাৰতৰ কথা ৰিজালেই এইটো ফট্‌ফটীয়া হৈ ওলাই পৰে। ৰজাৰপৰা যেতিয়া আমি পূৰ্ণ সহায়েৰে বঞ্চিত তেতিয়া আমি প্ৰাণটাকি দুখীৰ দুখী অৱস্থাৰে এই কাৰ্য্যত লাগি নগ'লে আৰু উপায় নাই।

***

       কেনে ক্ষুদ্ৰ কথা বা মিছা কথাতে দন্দ্ব হাই মৰামৰি কৰি দেশলৈ অশান্তি অনা হৈছে চোৱাঁ। মছজিদৰ আগেদি ৰাজআলিয়েদি হিন্দুৱে গান-বাজনা কৰি গলে মছজিদ আৰু মুছলমান ধৰ্ম্মক হেনো অপমান কৰা হয়। মছজিদৰ ভিতৰত মুছলমানসকলে ঈশ্বৰৰ উপাসনা কৰোতে হিন্দুৰ গান-বাজনা কাণত পৰিলে তেওঁলোকৰ কাণ লৰি উপাসনাত ব্যাঘাত হয়। কলিকতা চহৰত ছৰ্কাৰি আলিৰে ঘৰ্ঘৰাই ট্ৰেম গাড়ী যায়; পোপোঁৱাই ভোঁভোঁৱাই ডেডাউৰিয়াই ৰিঙিয়াই টিংটিঙাই ঢংঢঙাই মটৰ গাড়ী লৰি-গাড়ী অনবৰত হো-হোকৰে যায়; চিপাহীয়ে পেঁপা বজাই ঢোল বজাই বেণ্ড বজাই জোখৰ খোজ জোখেৰে পেলাই দম্‌দমাই চলে; বাটৰ কাষতে মছজিদ, কিন্তু সেই বাজনা, সেই গীত, সেই ডেডাউৰি, সেই ঘৰ্ঘৰণি, সেই কৰ্কৰণিত মছজিদত উপাসনা কৰোঁতে মুছলমান ভকত ভাইসকলৰ কাণো নলৰে, মছজিদৰো অপমান নহয়; হয় মাথোন হিন্দুৰ গান বাজনাত হে। এইবোৰ কেনে গঢ়ৰ কথা একা! হিন্দুৱে গোসাঁনী উটাওঁতে বাটত বাজনা বজাই বজাই যোৱাটো ঈশ্বৰৰ পূজা মহোৎসৱত বাটত সংকীৰ্ত্তন কৰি যোৱাটো আজিৰ দস্তুৰ নহয়, কৌটিকলীয়া দস্তুৰ। মুছলমানসকলো হিন্দুস্থানত অনেক শ বছৰৰ অধিবাসী। এনে কাৰ্য সদায় অনেক শ বছৰৰপৰা চলি আহিছে, বলেৰে হাতীটোকে ৰাতিটো নাপাতিলে এইটোক নুই কৰিব নোৱাৰি। আৰু যদি তেনেহে কথা তেন্তে হিন্দুৰ নাম-ঘৰ দৌল-দেৱালয়ৰ ওচৰত আৰু হিন্দুৰ ঘৰৰ কাষত ৰাজআলিৰ ওচৰত আগৰ মুছলমানসকলে কেতিয়াও মছজিদ নাসাজিলেহেঁতেন, আৰু সাজি আজিকালিৰ নিচিনাকৈ আগৰসকলে ঠেহ ধৰাহেঁতেন সেই কালতে হিন্দু-মুছলমানৰ ভিতৰত এটা ’ইস্‌পাৰ-উস্‌পাৰ’ হৈ গ’লহেঁতেন, আজি হাজী চাহাবৰ দৰে সেই বিষয়ত আঙুলি বটিয়াবলৈ নপালেহেঁতেন।

***

       হিন্দুৰ ঈশ্বৰৰ পূজা, অৰ্চ্চা, আৰতি, উপাসনা প্ৰাৰ্থনা সকলোবোৰতে গীত বাদ্যৰ অবিভাজ্য সন্মিলন। গীত বাদ্য হিন্দুৰ উপাসনাৰে সৈতে অঙ্গাঙ্গী সম্বন্ধীয়। এনে স্থলত ৰাজবাটত যদি হিন্দুৱে মুছলমানসকলৰ উপাসনাত ব্যাঘাত হয় বুলি গীত বাদ্য অৰ্থাৎ ঈশ্বৰৰ সংকীৰ্তন বন্ধ কৰিবলগীয়া হয়, তেন্তে মুছলমানসকলেও হিন্দুৰ ঈশ্বৰোপাসনাত ব্যাঘাত জন্মোৱাটো হ'লনে নহ’ল? মুছলমানসকলেও যদি নিজৰ উপাসনাত ব্যাঘাত সহিব নোৱাৰে হিন্দুৱেও নো সহিব কেনেকৈ সেইটো তেওঁলোকে ভাবি নাচায় কিয়? বৈদিক কালৰপৰা সঙ্গীত হিন্দুৰ ঈশ্বৰোপাসনাৰ সঁজুলি। হিন্দু ঋষিয়ে সাম গান কৰি ঈশ্বৰোপাসনা কৰিছিল। মহাশাস্ত্ৰ গীতাও সঙ্গীত। আন নালাগে ছেমিটিকৰ বাইবেলৰ Psalm-ও হিন্দুৰ সামৰ ঠাচ। এনে স্থলত আমাৰ মুছলমান ভাইসকলে বিবেচনা কৰি চলাটোহে শোভন কাৰ্য্য। মুছলমানসকলৰ ভিতৰত ধীৰ, স্থিৰ, বিজ্ঞসকলেও স্বীকাৰ কৰিছে আৰু কেইবাজনে এই নতুন আন্দোলনৰ বিষয়ে প্ৰতিবাদ কৰি নিজৰ মত বাতৰি-কাকতত প্ৰকাশ কৰিছেও। অসমৰ গৌৰৱৰ কথা যে আমাৰ অসমীয়া মুছলমান ভাই শ্ৰদ্ধাস্পদ মৌলবী তৈয়বুল্লাই প্ৰথমতে আলি ভাতৃদ্বয়ৰ কথাৰ আৰু হিন্দু মুছলমানৰ মিলনৰ বিষয়ে খিলাফৎ কমিটিৰ কাৰ্য্যৰ প্ৰতিবাদ কৰে। তেওঁৰ পিছত বিহাৰ উৰিষ্যাৰ কো-অপাৰেটিভ ৰেজিষ্ট্ৰাৰ খাঁ বাহাদুৰ মহিবুদ্দিন আহমদৰ প্ৰতিবাদ চিঠি ওলায়। তাৰ পিছত মৌলবী লিয়াকৎ হুছেনৰ। তাৰ পিছত লাহে লাহে কেইবাজনৰ। বেঙ্গল প্ৰছিডেঞ্চিৰ মুছলিম লিগৰ অনৰেৰি ছেক্ৰেটৰী মিষ্টাৰ কুতুবুদ্দিন আহমেদও প্ৰতিবাদ কৰি এখন দীঘল চিঠি বাতৰি-কাকতত লেখিছে। এইবোৰ শুভ লক্ষণ।

***

       মিষ্টাৰ কুতুবুদ্দিন আহমদৰ চিঠিৰপৰা এইখিনিতে শাৰীচেৰেক তুলি দি দেখুৱাওঁ যে better and sober class-অৰ মুছলমানে এই নতুন আন্দোলনৰ বিষয়ে কি ভাবিছে। "The League is undoubtedly a sectarian organisation but it cannot be a party to the fraud perpretrated by the reactionary leaders over the Mussalmans of Bengal in the hame of religion as party weapon to gain selfish ends on account of the coming election and to become ministers to draw fat salaries" – ইয়াৰ সংক্ষেপ মানে, ধৰ্ম্মৰ নামত এই আন্দোলন বঙ্গদেশৰ সৰ্ব্বসাধাৰণ মুছলমানসকলক পেলাই দি উন্নতি-প্ৰতিৰোধক মুছলমান নেতাসকলে যি প্ৰতাৰণা কৰিছে, সেই কাৰ্য্যত "বেঙ্গল প্ৰেছিডেন্সি মুছলিম লিগে” যোগ দিব নোৱাৰে। নেতাসকলৰ মতলব হৈছে, এই গণ্ডগোল লগাই, অহা নিৰ্ব্বাচনত মন্ত্ৰী হৈ ডাঙৰ দৰ্ম্মহা খোৱাটো।

       এওঁৰ চিঠিৰপৰা আৰু এডোখৰ তোলোঁ — "l humbly submit that the playing of music before mosque should not be a religious issue when people of other denominations are concerned. Our Holy Prophet himself allowed the playing of music inside the mosque during its Id Festival and asked Hazrat Ayesh to witness the same. He even received the non-Moslem delegation of Yemen in the mosque and allowed them to stay there. The Khalifatul Muslims at Constantinople used to attend the Salam Alek ceremony on Friday at the St. Sophia Mosque accompanied by Turkish Bands. During the Moslem rule Ram Lila used to be held in front of Jam-I-Masjid at Delhi and the Royalities used to gather at the mosque and garland the hero of the play. In Calcutta in a Mohamedan family musical marriage procession was started from the house in the compound of which a mosque was started. Certain Akharas with music start from a mosque even to this day and all other Akharas visit the Mowlally Durga adjacent to the mosque and play music for hours together without any protest from any quarter. I am therefore of opinion that it has nothing to do with Shariat and has been invented by self-interested persons or party as a counterblast to cow-sacrifice in order to cause wanton irritation among the ignorant section of the community."

চমুকৈ ইয়াৰ মৰ্ম্ম – মই কওঁ যে মছজিদৰ সন্মুখত গান-বাজনাৰ কথাটো ধৰ্ম্ম সম্পৰ্কীয় প্ৰশ্ন কৰি লোৱাটো উচিত নহয়, যেতিয়া আন ধৰ্ম্মাৱলম্বীসকলৰ তাত সংশ্ৰব থাকে। আমাৰ পৱিত্ৰ ধৰ্ম্মোপদেষ্টা হজৰৎ মহম্মদেও ইদ্‌ উৎসৱত মছজিদৰ ভিতৰত বাজনা বজাবলৈ দিছিল আৰু হজৰৎ আয়েসাক শুনিবলৈ কৈছিল। ইয়েমেনৰ বিধৰ্ম্মী প্ৰতিনিধিসকলক তেওঁ মছজিদৰ ভিতৰতে দেখা কৰি তাতে থাকিবলৈ দিছিল। কনষ্টেন্টিনপোলৰ খালিফাটুল মছলেমসকলে শুকুৰবাৰে ছেণ্ট ছফিয়া মছজিদত ছালেম আলেক উৎসৱত সদায় যোগ দিছিল, সেই উৎসৱত তুৰ্কীবেণ্ড বজোৱা হৈছিল। মক্কাযাত্ৰী মাহমেল শোভাযাত্ৰাত সদায় ইজিপ্টৰ বেণ্ড বজোৱা হৈছিল। মুছলমান বাদশ্যাহসকলৰ দিনত দিল্লীৰ জুমা মছজিদৰ সন্মুখত ৰামলীলাৰ উৎসৱ ৰজাঘৰৰ লোকসকলে মছজিদৰপৰা চাই, ৰামলীলাৰ প্ৰধান ভাৱৰীয়াৰ ডিঙিত মালা পিন্ধাই দিছিল। কলিকতাত এক মুছলমান পৰিবাৰৰ বিয়াত তেওঁলোকৰ ঘৰৰপৰা যি শোভাযাত্ৰা বাহিৰ হৈছিল, সেই ঘৰৰ টোলৰ ভিতৰতে মছজিদ এটা আছিল। আজিলৈকে এটা আখৰাৰপৰা গান-বাজনাৰ সৈতে শোভাযাত্ৰা বাহিৰ হয় আৰু আন আন আখৰাৰপৰাও সেইদৰে বাহিৰ হৈ মৌলাআলি দৰ্গালৈ যায়। দৰ্গাৰ কাষতে মছজিদ; অথচ তাত সেই বাজনা কেইবাঘণ্টাও চলি থাকে, কোনেও কেতিয়াও আপত্তি নকৰে। এই দেখি মই কওঁ, যে মজিদৰ কাষত বাজনাৰ কথাটোৰে ছেৰিয়টৰ (Shariat) সম্পৰ্ক নাই, এইটো “ফেক্‌ৰা” স্বাৰ্থপৰ মানুহ কিছুমানে উলিয়াই নজনা মানুহক উচটাই এনেকুৱা কৰিছে।

***

       মোটামুটিভাৱে ক’বলৈ গ’লে আৰ্য জাতিৰ মানুহৰ ধৰ্ম্মত সঙ্গীতক অতি ওখ ঠাই দিয়া হৈছে, আৰু ঈশ্বৰোপাসনাৰ এটি প্ৰধান অঙ্গ বুলি তাক ধৰা হৈছে। ছেমিটিক জাতিৰ ধৰ্ম্মত সঙ্গীতৰ অতি তল ঠাই। এই ধৰ্ম্মত সঙ্গীতক বাইজীৰ নৃত্যগীত, মতলীয়া আৰু দুশ্চৰিত্ৰ মানুহৰ নাচ গানেৰে লেটিপেটি কৰি থোৱা হৈছে। এইবাবেই ছেমিটিক জাতীয় ধৰ্ম্মৰ তীৰ্থস্থান আৰু উপাসনাৰ ঠাইত সঙ্গীতৰ প্ৰৱেশ নিষেধ। "মিউজিকৰ বিষয়ে শ্বেক্সপিয়েৰে কয় –
"The man who hath no music in himself Nor is not moved by concord of sweet sound. Is fit for treason, stratagems and spolis, Let no such man be trusted."        প্লেটোৱে কয় – "Music is a moral law It gives a soul to the universe, wings to the mind, flight to the imagination, a balm to sadness, gaiety and life to everything."

       ৱিলিয়েম কংগ্ৰিভে (W. Congreve) কয় "Music hath charms to soothe the savage beast, to soften rocks or bend a knotted oak".

       এটা কথা মন কৰিবলগীয়া যে ভাৰতত যিসকল সঙ্গীত বিদ্যাত শ্ৰেষ্ঠ সেইসকলৰ অনেকেই মুছলমান ধৰ্ম্মাৱলম্বী আছিল, যেনে তানসেনকে আদি কৰি। আজিও সঙ্গীত বিদ্যাত ডাঙৰ ডাঙৰ ওস্তাদৰ ভিতৰত ভালেমান মুছলমান।

***

       ৯ বছৰীয়া মাণিকীৰ মাক ধৰ্ম্ম আৰু বাপেক বিকাই বাপুৱে মাণিকীলৈ বুলি আৰু মাণিকীৰ নামে এতোলা সোণ কিনি তেওঁলোকৰ হাতনি-পেৰাত থলে। অঘাইত চোৰ কালিয়াই এদিন সেই হাতনি-পেৰা ভাঙি সোণ তোলা চুৰকৈ লৈ অফুট মাৰিলে। সোণ হেৰালে সোণৰ গৰাকীৰ গাত পাপ লাগে। সেইদেখি এতিয়া কণ ছোৱালী মাণিকীৰ গাত লাগিল পাপ ! আৰু এই পাপৰ কঁঠাল-এঠা যেনে-তেনে এঠা নহয়; সি মাণিকীৰ গাত বজ্ৰলেপ হৈ ধৰিলে, আৰু জীয়াই থকা কাল ডোখৰত সি তাইক নেৰে। পৰশুৰামে জানি-শুনি মাতৃবধ পাপ কৰিও আমাৰ উজনিৰ পৰশুকুণ্ডত জোবোৰা মাৰি হাতৰ কুঠাৰ এৰুৱাৰ পাৰিছিল, কিন্তু অজান বালিকা মাণিকীলৈ কোনে নো সোণ কিনিছিল, কোনে নো ক’ত থৈছিল কোনে নো সেই সোণ চুৰ কৰিলে, আৰু সেই তোলা সোণেই নে পিতলই, এইবোৰৰ তাই ভুকে নাপালে; কিন্তু এৰুৱাব নোৱাৰা চেলাপটী জোক, পাপ লাগিল তাইৰ গাত – যাৰ নাম widowhood অৰ্থাৎ বৈধৱ্য দশা। আগলৈ পাতিব খোজা তাইৰ ঘৰৰ চালত এই hood বা বৰহুদু পৰিল যেতিয়া তাইৰ ঘৰত জুই লাগি আৰু সেই জুই বৰনৈৰ বানপানীয়েও নুমাব নোৱাৰে।

* * *

       শিক্ষিত, অশিক্ষিত দিক্‌গজ পণ্ডিত, লেখাৰু আৰু বক্তাসকলৰ লেখা কাকত-পত্ৰত পঢ়িবলৈ পাওঁ, তেওঁলোকে মনু পৰাশৰৰ হাড়ৰ পাশতি কেইডাল জোকাৰি-পোকাৰি আজিলৈকে বিধৱাৰ পুনৰ্ব্বিবাহৰ ব্যবস্থা অব্যৱস্থাৰ পোৱাবাৰ মাৰিবই লাগিছে। কিন্তু আমাৰ মাণিকীৰ সচাকৈয়ে বিয়া হৈছিল কেতিয়া, কোনটো কলপুলিৰে সৈতে, আৰু কেতিয়ানো সেইটি কাৰ কলপুলি ক’ত মৰিল আৰু মূৰ নাইকিয়াৰ মূৰ জন্মৰণি পুনৰ বিবাহ তাইলৈ ক’ৰপৰা আহিব, এইবোৰৰ ভু তেওঁলোকে নাৰাখে। আজিও ভাৰতত
পাঁচ বছৰৰ বয়সলৈকে                ১১৮৯২
পাঁচ বছৰৰপৰা পোন্ধৰ বছৰলৈকে      ৮৫০৩৭
দহ বছৰৰপৰা পোন্ধৰ বছৰলৈকে       ২৩২১৪৭


                মোট ৩২৯০৭৬ জনী

বালিকা বিধৱা। অথচ আমি নিজক বৰ শিক্ষিত, বৰ পণ্ডিত গণ মান্য, ধাৰ্ম্মিক, সাধু, ডাঙৰ ভবা-গব্য বুলি ভাবোঁ। বোলো ভায়া হে! তিনিলাখৰ ওপৰে আমাৰ ঘৰত বাল বিধৱা! আমি ওপৰত কোৱাবোৰৰ ভিতৰৰ একোৱেই নহওঁ, আমি হওঁ মাথোন ভীমটোকা আমাৰ সাহ নাই, স্বাৰ্থত্যাগৰ ক্ষমতা নাই, হৃদয়ত্ত নাই, আছে যদিও নথকাৰ নিচিনাই! আমি নিশ্চয় ভীমটোকা নহয় কি, আৰু আমাৰ মানুহ বুলি ভাবোৰো বাঢ়ৈটোকা নহয় কি ? দিনদেক আমাৰ বিধৱা বিবাহৰ বিষয়ে আন্দোলন হোৱা দেখিছিলোঁ। ধনুৰ্দ্ধৰসকলে দুদল হৈ ধনুত গুণ লগাই টঙ্কাৰ দি মহা আটোপ কৰিলে। কিন্তু আচল বস্তুটো কাৰো নাই। সেইটাে হৈছে প্ৰকৃত সাহ, নিভাঁজ স্বাৰ্থত্যাগ।

       বোলোঁ যাৰ যাৰ ঘৰত বালিকা “বিধৱা" আছে পান্ধৰ বছৰীয়া ছেৱালীলৈকে এই শ্ৰেণীত পৰে – তেওঁলোকে আগবাঢ়ি ওলাওক; তেওঁলোকে বুকুত অদম্য সাহ বান্ধি লওক, অসংখ্য দুৰ্ভগীয়া বালিকাৰ দলৰ অৰ্থে মান অপমান, যন্ত্ৰণা, নিন্দা সহিবলৈ প্ৰস্তুত হওক, উদাহৰণ দেখুৱাই ভয়াতুৰৰ বুকুত সাহ দয়ক নিশ্চয় তেওঁলোকে কৃতকাৰ্য হ’ব, ঈশ্বৰৰ আশীৰ্ব্বাদ তেওঁলোকৰ মূৰলৈ নামি আহিব।"


★ বাঁহী নৱম বছৰ পঞ্চম সংখ্যা, ১৯৪৮ শক ভাদ, মুদ্ৰণ ষোড়শ বছৰ, পঞ্চম সংখ্যা।

ডাঙৰ হবৰ বাট মুঠেই এটা নহয়। আমি মাথোন এটা বুলিয়েই আজিকালি ভুল কৰি মৰিছোঁ। কি ধৰ্ম্ম কি সভ্যতা –কি জ্ঞান এইবোৰত উপস্থিত হ’বলৈ অলেখ বাট বৰ্ত্তমান। নিজৰ স্বাভাৱ অনুসাৰে নানা বাটেদি গৈ এই সমুদ্ৰবোৰত পৰিব পাৰি। এই সত্য প্ৰাচীন ভাৰতীয় আৰ্যসকলে ভালকৈ উপলব্ধি কৰিছিল;সেইদেখি তেওঁলোকে উদাৰ tolerant আছিল, আৰু তেওঁলোকৰ চিন্তাৰ সোত বিশ্বজনীন "বসুধৈৱ কুটুম্বকং" আছিল। তেওঁলোকে জানিছিল –

“যতেক নদ নদী সমুদায়।

অনেক পথে সাগৰক যায়। ”

এইদেখি তেওঁলোকৰ শিক্ষা আছিল,

“স্বধৰ্ম্মে নিধনং শ্ৰেয়ঃ

পৰধৰ্ম্ম ভয়াবহ।”

অৰ্থাৎ যাৰ যি ধৰ্ম্ম অৰ্থাৎ স্বভাৱ,সি তাকে অৱলম্বন কৰি সেই মহা সমুদ্ৰৰ প্ৰতি লক্ষ্য ৰাখি একান্ত মনে নিজৰ বাটে চলি গৈ থাকিলেও সেই মহাসমুদ্ৰ পাব গৈ, স্ব-ভাৱৰ বিৰুদ্ধাচৰণ কৰি লোকৰ বাট ধৰি গলে, ক্ষমতাৰ অপব্যৱহাৰ কৰি নিজৰ লক্ষ্য লাভত ব্যাঘাত জন্মাব মাথোন। এই মহাশিক্ষা ভাৰতৰ অপূৰ্ব্ব শিক্ষা, আৰু ই ভাৰতৰ অনেক সাধনাৰ ধন। ভাৰতে নিজৰ বাটে চলি নিজৰ কৰ্ত্তব্য সাধন কৰি গৈ থাকিলে ভাৰতৰ মৰণ নাই, তেনে কৰি সম্প্ৰতি ভাৰতে লোকৰ হাঁহিয়াতৰ পাত্ৰ হ’ব পাৰে, আৰু হ’বও আৰু খোজেপতি লোকৰ ঠেলা খাই যাবও লাগিব, কিন্তু ঠেঙোনা-মোঙোনা খাই, দুখ-কষ্ট পাইও প্ৰত্যেক খোজতে যে ভাৰতে moral victory অৰ্থাৎ ন্যায়তঃ, ধৰ্ম্মতঃ আৰু কাৰ্যতঃ জয়ৰ বাটত আগুৱাব সেইটো ধুৰূপ *

---

  • মিলন, প্ৰথম বছৰ, ১৮৪৫, তৃতীয় (ভাদ) চতুৰ্থ (কাতি) সংখ্যা ১৮৪৫ শক।





এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )