কাল কৰতি বা অগ্নি কৰতি

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
বৰ-কৰতি
কাল কৰতি বা অগ্নি কৰতি
শ্ৰীকৃষ্ণায়ে নমঃ

কাল কাল কৰতি বিকাল দুই দ্বাৰা চন্দ্ৰ, সূৰ্য্য বায়ু বাণ বৰুণ নাথাকিল আৰ।। যেহি দিনা নৰসিংহ কৰতি আৰাধিলা। মহাদেৱক দেখন্ত কৈলাস লড়িলা।। মহেশ্বৰৰ বৰে দেৱী পাৰ্বতী কম্পিলা। ব্ৰহ্মায়ে বোলন্ত মই অন্যায় কৰিলো। কৰতি মন্ত্ৰ ঘাৱে নদীকো ছেদিলো।। কৰতি কৰতি মহা কৰতি মন্ত্ৰ ব্ৰহ্মা কৰতি। আছে শনিবাৰ দিনা দক্ষিণ দিশত বসি। পাৰ্বতী হাসিলা।। কাটো ব্যাধি কাটিলো সমস্তে কাটা কাটিলো বাণ। ইন্দ্ৰ আদি কৰি বজ্ৰক ছেদিলো নলগায়। বেঙ্কাৰে দণ্ড লাপিল কোনে নোবোলে ভাল। ঐ নৰসিংহ বীৰ কাছে ভূতক ধৰো বজ্ৰহাতে। হাতে কৰতি ধৰিলো ডাটি। কাল বিকাল যি পোনে যায়, ত্ৰিদশ কোটি দেৱতা ভাগিয়া পলাই। নৰসিংহ গোসাঞি পৃথিৱীক যাই। ভূত প্ৰেত পিশাচ খেদি খেদি খাই।। মাৰো কৰতি অগ্নি দিশে যায়। প্ৰতাপে দেৱতাক কাটিয়া পলাই।। মাৰো কৰতি দক্ষিণে য়ায়। জলৰ দণ্ডী কাটিয়া পেলাই।। মাৰো কৰতি পশ্চিমে যায়। যমৰ দণ্ডী কাটিয়া পেলাই। মাৰো কৰতি পশ্চিমে যায়। জলৰ দেৱতা খেদি খেদি খাই।। মাৰো কৰতি উত্তৰে যায়। কুবেৰৰ অনুচৰ খেদি খেদি খায়।। যা কৰতি ঐশানে যা মহেশ্বৰৰ বচনে সোমা।। মহেশে বোলন্ত তোমাৰ বোলে কৰো। অমুকাৰ কুজ্ঞান, ভূত প্ৰেত, পিশাঞ্চ, যোগিনী, গুলৈ, যক্ষিনী কাটো। নিৰান্তৰে পাৰ্বতী বোলন্ত মোৰ বোল কৰ। অমুকাৰ কুজ্ঞান; কুমন্ত্ৰ কাটো নিৰন্তৰ।। কৰতি কৰতি তিনি কোণা পৃথিৱীৰ যাৰ নাই ৰতি। কৰতি লভিয়া চেতন। জলবায়ু সৰ্বজান।। আপোনাৰ মন্ত্ৰ এৰি লোকৰ মন্ত্ৰ হাতে পৰ। মন্ত্ৰ কাটিলো, উভা কৰতি, চুভা কৰতি, অমুকাৰ কুজ্ঞান, কুমন্ত্ৰ কাটো, খোছা কাটো। খণ্ড খণ্ড কৰি। পাক কৰতি পৰে বাউটিয়া কৰতি কোষে মাংসে হৰা কাটো। খোহা কোটো, কোড়খনীয়া কাটো, ডাউনী কাটো, ভূতুনী কাটো, ফুটনি কাটো, অলিয়া কাটো বলিয়া কাটো, চেঙ্গা কাটো, কোড়খনি কাটো, চেনেল হেঙ্গা কাটো, পোতা কাটো, ডেৱা কাটো চৌষষ্টি হৰা কাটো, তোৰ খণ্ড খম্ড কৰি। কমাৰ গণক ধাই, মাটি চলা, পাটি চলা, সল্বকে ডল ভাঙ্গিলে পানীকৃত্য ভৈলা। সেই পানী কৃত্য কৰি কাটো। দেৱ কাটো, চক্ৰবাণ কাটো, হৰা কাটো, খহুৱা কাটো, ঔষধ কাটো, অলিয়া কাটো, বলিয়া কাটো, ওমাল কাটো, নিশ্বাস কাটো, অলিয়া কাটো, বলিয়া কাটো ছেঙ্গাবিষ কাটো, হৰ বিষ হৰ, অমুকাৰ গাৱৰ সৰ্বব্যাধি পানীকৃত্য হুই পৰ।।*।।


কাল কৰতি সমাপ্ত