কাকতৰ টোপোলাৰ পোষ্টমৰ্টম

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কাকতৰ টোপোলাৰ পোষ্টমৰ্টম
লেখক লক্ষ্মীনাথ বেজবৰুৱা
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলাৰ লেখা

মোৰে শপত সম্পাদক দেও, কোৱাঁচোন, তোমাক কোন চকু-পোৰাই তলে তলে আহি বতৰা দিলে যে ঁ বৰবৰুৱাই ”জুগুলী” নামে এখন সাদিনীয়া-মাহিলি বাতৰি কাকত পাৰিবলৈ খেৰ-কুটা গোটাই বাঁহ সাজিছে? মই ভাবিছিলো তুমি,--শ্ৰীবিষ্ণু!—জোনাকী মৰিল; আৰু এই চেগতে মোৰ ”জুগুলী” উলিয়াই দিওঁ| কিন্তু তুমি, --আকৌ—শ্ৰী বিষ্ণু!—জোনাকী দেখিছো মৰিও নমৰাঁ, --শ্ৰীবিষ্ণু!—নমৰে! ”মৰিয়া না মৰে ৰাম এ কেমন বৈৰী!” তোমাৰ কোন হনুমন্তই মোৰ হৃদয়-কনক-লঙ্কাক জুগুলীশূন্য কৰিবলৈ ”ৰাতাৰাতি” গৈ গন্ধমাদন পৰ্ব্বত নেজত বান্ধি আনি সুষেণ শোলা বুঢ়াই সৈতে গোট খাই নাগাৰ্জ্জুনৰ বড়ি—শ্ৰীবিষ্ণু! মৃত্যু-সঞ্জীৱনী দৰব কৰি জোনাকীক জীয়ালে, মোক কৈ দিব পাৰাঁনে? তাক ধৰি নেগুৰত ফটাকানি বান্ধি কেৰাচিন ঢালি জুই লগাই দিওঁ? জোনাকী সুৰ্য্যৰ পোহৰত যে মোৰ জুগুলী ভোটাতৰা জিলিকিব নোৱাৰে, ইমান ডাঙৰ কথাটো যদি মই নাই ভবা, তোমাৰ গালৈ চাই কৈছো, তেন্তে মই কোন অব্ৰাক্ষ্মণ! খোলাখুলিকৈ কবলৈ গ’লে সম্পাদক, তোমাৰ গাত কিন্তু অলপ চকুপোৰা স্বভাৱটি আছে দেই| যেই শুনিলা মোৰ জুগুলী ওলোৱাৰ কথা, লৰালৰিকৈ একে ৰাতিৰ ভিতৰতে দিলা তোমাৰ মেমেৰা জোনাকী উলিয়াই| দিলা যদি দিলা, দুখীয়াক হিংসা কৰিনো কি কৰিবা হেঁ? তুমিয়েই ডাঙৰ মানুহ হোৱা, মেমেৰা গুচি গাৰুটো যেন নিপুতল হোৱাঁ, খাগৰি খৰি গুচি কঁঠাল কাঠৰ গুৰি ডোখৰ যেন হোৱাঁ, চিকৰা গুচি হাতীটো হোৱাঁ! নিয়া মোৰ এইখন ওলাব খোজা জুগুলী তোমাৰ বুকুলৈ মাৰি দিলো| তোমাৰেই হেঁপাহ পলাওক, চকুত সৰিয়হৰ তেল ঘঁহি তুমিয়েই নাক ঘোৰঘোৰাই সুখেৰে শোৱাঁ দেওহে!—

||জুগুলী||

”ডোমৰ লগত মাৰোঁ চিতল|
মৰিয়াৰ লগত খুন্দো পিতল||”

ঁ কৃপাবৰ বৰুৱা সম্পাদিত|


প্ৰথম ভাগ| প্ৰথম সংখ্যা| আমৰাৱতী| কৃপাবৰী চন ১| আহিন| বায়ুবাৰ|


||জুগুলীৰ নিয়মাৱলী||

জুগুলীৰ বেচ বছৰি ২ টকা| খনে ঽ৯| মণ্ডল, শিক্ষক আৰু ছাতৰৰ নিমিত্তে ৪‌ টকা| উকিল, হাকিম, চিৰদ্দাৰ, পেঞ্চাৰ, তহচিলদাৰ, মৌজাদাৰ, প্ৰভুঈষ্পৰ আৰু ডাঙৰীয়াসকলৰ নিমিত্তে বিনামূল্যে বিতৰণীয়| জাননীৰ শাৰীয়ে পতি জাননী দিওঁতাক ৯০ কৈ বঁটা দিয়া যাব| (নেপথ্যত|--সকলোৰে সুবিধাৰ নিমিত্তে বেচ নোলোৱাকৈও কাকত দিয়া যাব| অনুগ্ৰহ কৰি গ্ৰাহকসকলে মুঠেই পঢ়ক| তেওঁবিলাকক মনে মনে কৈ থওঁ যে ইয়াৰ বেচটো কেৱল লোকক দেখুৱাবলৈহে ধৰি থোৱা হৈছে| বিনামূল্যে দিয়া দেখিলে মানুহে কৃষ্ণ কিশোৰ কবিৰাজৰ কিবা ফটুৱা কেটেলগ্‌ বুলি উপলুঙা কৰে বুলিহে এই বুধি কৰা গৈছে| গ্ৰাহকসকলক বেচৰ উল্লেখ কৰি আমি অপমান কৰিছোঁ বুলি যেন তেওঁবিলাকে নেভাবে| এই তেওঁবিলাকৰ শ্ৰীচৰণত ঁচৰণৰ প্ৰাৰ্থনা| মোৰ তেঁৰাসকলৰ দুখানি অভয় চৰণত বিশেষ মিনতি, যেন ইয়াৰ দিবলগীয়া বেচ ফেৰা গোটাই থৈ তেওঁবিলাকে তাৰে নিজ নিজ গৃহলক্ষ্মীৰ কাণৰ কঁৰীয়া একোযোৰ গঢ়াই দিয়ে|) ধন পঠোৱাৰ দুমাহৰ ভিতৰতে কাৰবাৰ ৰছিত নোলালে, বা কোনোবাই কাকত নেপালে, তেওঁ মোক নজনাই পুলিচত খবৰ বা এজাহাৰ দিব| প্ৰৱন্ধ কাকতৰ দুই পিঠিত লেপ্‌থেপ্‌কৈ পঢ়িব নোৱাৰা কৰি লেখি সম্পাদকলৈ C/O Dead letter post office’’ এই ঠিকনাত পঠিয়াব; তেহে সি সোনকালে মোৰ হাতলৈ আহিব, আৰু লৰচৰ নোহোৱাকৈ ছপা হব| গ্ৰাহকে ঠাই লৰালে মোক নজনাই অনুগ্ৰহ কৰি জিল্লাৰ বৰচাহাবক, বা মৌজাদাৰ তহচিলদাৰক জনাব| প্ৰৱন্ধবিলাকৰ মতামতৰ বাবে কেৱল কলিকতা-ইউনিভাৰ্চিটি, ডিৰেক্টৰ অব‍ পব্‌লিক ইন্সট্ৰক্‌চন, স্কুল কলেজৰ মাষ্টৰ আৰু প্ৰফেচৰসকল আৰু পৰমপিতা পৰমেশ্বৰ দায়ী; লেখকসকল তাৰ নিমিত্তে সমূলি জগৰীয়া নহয়| ব্যাৰিং বা ইন্‌চফিচিয়েণ্ট্‌ চিঠি লোৱা হব; কাৰণ অসম নিশকতীয়া দুখীয়া দেশ; তাত কাকত চলিবৰ নিমিত্তে দয়ালু ভাৰত গৱৰ্ণমেণ্টে দয়া কৰি ডেড্‌-লেটৰ প’ষ্ট্‌ অফিচলৈ তেনে চিঠি ৰাখিবলৈ হুকুম জাৰি কৰি দিছে; সেয়েই আমাৰ ঠিকনা|

||জুগুলীৰ এজেণ্ট||

ঁ টিকিধৰ বৰা.........................(শিৱসাগৰ)
ঁ নমোৰাম হাজৰিকা......................(ডিবুৰুগৰ)
ঁ ভোবোলাচন্দ্ৰ দাস.......................(যোৰহাট)
ঁ বজৰু ফুকন..........................(গুৱাহাটী)
ঁ ভজো চৌধুৰী..........................(বৰপেটা)
ঁ হোলাৰাম মহন্ত.........................(নগাওঁ)
ঁ কিনাৰাম দাস..........................(তেজপুৰ)

গ্ৰাহকসকলে যদি টকা দিয়ে, দয়া কৰি এওঁবিলাকৰ হাতত দিলেই এওঁবিলাকৰ বজাৰ-খৰচ চলিবৰ উপায় হয়, সেয়ে হলেই অনায়াসে আমাৰো জুগুলী চলিবৰ দিহা শুৱলাকৈ হয়| এওঁবিলাকে গ্ৰাহকসকলৰ পৰা বেচ লৈ ৰছিত দিয়ে যদি দিব, নিদিয়ে যদিও গ্ৰাহকসকলে তাত বিষম নেপাব, মইও তোমালোকৰ আঁৰ হবলৈ সত্যে কৈছোঁ বিষম নেপাওঁ; কাৰণ এওঁবিলাকৰ গাত ভদ্ৰলোকৰ ছাপৰাচ আছে, ধৰা পৰাত এওঁবিলাকৰ মুঠেই ভয় নাই|

|| সম্পাদকৰ কথা||

আজি আসামত সকলোৱে লঘোনে থাকি ব্ৰত-উপবাস কৰক| অপাৰত পক্ষে গৰুৰ দৈয়ে সৈতে একঠা কোমল চাউলৰ জলপান ভোজন কৰক| যাৰ ডবা, কাঁহ, ঘণ্টা আছে সি তাক বজাওক, যাৰ ঢেঁকী আছে সি ঢেঁকী কোবাওক, যাৰ এইবিলাক একো নাই ছালবাৰ কোবাওক| কিয়নো, আজি জুগুলীৰ জন্মদিন| ভূ-ভাৰ হৰণৰ অৰ্থে একাদশ কি ত্ৰয়োদশ অৱতাৰ—বৰবৰুৱাৰ ঘৰত| অস্ত্ৰ-কাপ, কাকত আৰু মহী| ভাই অসমীয়া! তোমালোকে দয়া কৰি জুগুলীক গ্ৰাস কৰি গ্ৰাহক হোৱাঁ| তোমালোকৰ ওপৰত নিৰ্ভৰ কৰিহে জুগুলী ওলাইছে| মহাত্মা শ্ৰীযুত কৃপাবৰ বৰবৰুৱাই যি নিয়মত অসমত বাতৰি-কাকত উলিয়াবৰ উত্তম উজু বিধান তাহানি জোনাকীত প্ৰচাৰ কৰিছিল, প্ৰেতাত্মা ঁকৃপাবৰে সেই বিধান অনুসৰি জুগুলী চলাব|

ভাল-বস্তু এটা ওলালেই ইস্কুলীয়া ল’ৰাবিলাকে আগেয়েই থপিয়া থপি লগাই ডাঙৰ লোকসকলৰ নিমিত্তে বস্তুটো ছুৱা কৰি দিয়ে| বাতৰি কাকত ওলালেও সিহঁতে তাকে কৰে| এইদেখি সিহঁতে ঢুকি নোপোৱা কৰিবলৈ সিহঁতৰ পক্ষে এই কাকতৰ বেছ ৪ টকা কৰা গ’ল| এই ওখ চকোৱা দেইও যদি কোনোটো ইস্কুলীয়া ল’ৰা জুগুলীৰ কাষলৈ আহে তেন্তে তালৈ ইন্দ্ৰৰ উচ্চৈশ্ৰৱা কোবোৱা মাতলিৰ চেকনি থৈছোঁ| শিক্ষকবিলাক ছাতৰৰ সঙ্গদোষত মৰা পৰিল| মণ্ডলবিলাকৰ ওপৰত আমাৰ বিশ্বাস নাই; তেওঁবিলাকে দেখোন এই বুঢ়া বয়সতো ইস্কুললৈ গৈ ইস্কুলীয়া ল’ৰাৰ লগত কেতিয়াবা একোজাপ মাৰি অহা দেখো, সেইদেখি তেওঁবিলাকৰ বাটতো জেওৰা দিলো| জাননী দিওঁতাসকলক জাননী দিবৰ সুবিধা কৰি শাৰীয়ে পতি ৯০কৈ ভেটী দিবৰ দিহা কৰিলো| নতুবা তেওঁবিলাকে মই দুখীয়া ভূতৰ কাকতত খবৰ দৰবৰ নিচিনা আৱশ্যকীয় জাননী দিবলৈ আহিবলৈ কি গৰজত পৰিছে? জুগুলী সাত-দিনৰেপৰা এমাহৰ ভিতৰলৈকে যেতিয়াই পাৰে তেতিয়াই ওলাব দেখি ইয়াক সাদিনীয়া মাহিলী কাকত বোলা গ’ল|

||বিবিধ টোকা||

“উজনী গেজেটত” প্ৰকাশ যে শ্ৰী যুত ধনেশ্বৰ বৰুৱাই তেওঁৰ খুলশালীয়েকৰ শাহুৱেকৰ মোমায়েকৰ পানী-শৰাধত ব্ৰাক্ষ্মণসকলক গাইপতি ডবল-পইচা একোটাকৈ মাথোন দক্ষিণা দিলে! উ: কি ব্ৰাক্ষ্মণ-লাঞ্ছনা! কলিৰ মুঠেই ৫০০০ বছৰহ হৈছে, এতিয়াই এই দেখিলোঁ|

এই বাতৰিটি “যোৰহাট বিকাশিনীৰ” পৰা টুকিলো;--গেণাই ফুকনৰ পুতেক মেনাই ফুকনৰ ঘৰত গোৱে-পোৱে-তলযোৱা বাদ এটা উঠিছে| আমি সবিশেষ খবৰ লৈ তাৰ বিষয়ে শীঘ্ৰে পাঠকসকলৰ কৰ্ণগোচৰীভূত কৰিমহঁক| তাৱত্‍ কাল পৰ্য্যন্ত পাঠকবৃন্দে আৰু সদাশয় গ্ৰাহকসকলে ধৈৰ্য্যাৱলম্বন কৰক, এই আজ্ঞা হয়|

||জুগুলীৰ শনিবাৰ||

আমি শুনি সন্তোষ পালো যে আমাৰ মৈৰাপুৰৰ প্ৰজাৰঞ্জন হাকিম শ্ৰীযুত নাঙলুচন্দ্ৰ দাস বি.এ মহাশয়ে গত দেওবাৰে তেওঁৰ নতুন সহধৰ্ম্মিণীক ৰান্ধনী পাতিলে| আশা কৰোঁ হাকিম ডাঙৰীয়াই ৰান্ধনী পতাৰ আগেয়ে ডাঙৰীয়ানীক সুন্দৰৰূপে নীতি-সদাচাৰ শিকাইছিল| “আচাৰে স্বৰ্গ অনাচাৰে সংসাৰ|”

|| অসমত ধন ঘটিবৰ উপায়||

ধনেই যে সকলোৰে মূল এই কথা বুজাবলৈ তিনিকুৰী হতীয়া প্ৰৱন্ধ লেখিবলৈ যাওঁ যদি গ্ৰাহকসকলৰ আজ্ঞা নোলোৱাকৈয়ে আপোন খুচীতে আমি যমলোক এৰি ডাক-জাহাজত উঠি তেজপুৰৰ “পগলা-গাৰাদত” আগেয়েই, গৈ বহি থাকিম| কিন্তু কি উপায়ে ধন ঘটিব পাৰি, এই কথা বোধকৰোঁ মৰা-মানুহ বৰবৰুৱাইও, স্বৰগ দেখা ঘৰৰ চালৰ তলত ধোবাং জুৰি পৰি মাৰলি লেখি থকা অসমীয়াক নিৰ্ভয়ে কব পাৰে| অসমীয়াই বেহা-বেপাৰ কৰিব নোৱাৰে, তেওঁলোকৰ পক্ষে সি একেবাৰেই অসম্ভৱ; কাৰণ সি বিপদ, কষ্ট, পৰিশ্ৰম আৰু বুদ্ধিৰ মুখাপেক্ষী| স্বাধীন অসমীয়াৰ পৰ-মুখাপেক্ষী হোৱা স্বভাৱ নাই| বিশেষ, সাত পুৰুষত তুলাচালনী হাতত লবলৈ যি অসমীয়াক কয় সি নিজৰ মুখতে নিজে খকৰামুকুটি এটা মাৰি থকা দেখিলে বৰবৰুৱাই সমূলি বেয়া নেপায়| অসমীয়াই চাকৰী বা গোলামী নেপাইও, নকৰেও| আমি কওঁ, পুৰণি ৰংপুৰৰ নিচিনা ঠাইত মাটিৰ তলত আগৰ দিনৰ ধন-সোণ ভৰি আছে তাক উলিয়াই লৈ ধনী হবৰ নিমিত্তে সকলো অসমীয়াই যত্ন কৰা উচিত| আসাম ৰত্নগৰ্ভা| অসমত ধনী হবৰ আৰু ইয়াতকৈ উজু উপায় নাই| আৰু এক উপায় আছে ধাৰ কৰা| “Credit is capital” মূৰ্খই হাড়মূৰ ভাঙ্গি টকা ঘটক, আমাৰ বুদ্ধিয়ক অসমীয়াই ধাৰ কৰি সেই টকা আনি বাহাদুৰী কৰক, ভূত বৰবৰুৱা কৃপাবৰৰ এই উপদেশ| এই উপায় ধন ঘটিবৰ নীচেই উজু উপায়|

||নানা তৰহৰ বাতৰি||

ফুচুফু দ্বীপৰ বৈজ্ঞানিক পণ্ডিত এজনে কৈছে বোলে মানুহৰ মূৰত সাৰ জাবৰ দি খেতি কৰিলে খাগৰি যেন একোডাল ডাঙৰ চুলি হব| তেওঁ পৰীক্ষা কৰি কৃতকাৰ্য্য হৈ এই কথা লেখিছে| অসমত অনেকে ইয়াক চেষ্টা কৰি চাব পাৰে| বেৰ আৰু চকোৱালৈ ইকৰা-খাগৰি বিচাৰি অসমীয়া মানুহ হায়ৰাণ; চুলিয়ে খাগৰি ইকৰাৰ কাম সাধিলে বৰ কথা হয়|

কলিকতাৰ উড়িয়া পাল্কী-বেহাৰাবিলাক টাউন-হলত মহাসভা কৰি সঙ্কল্প কৰিছে, যে তেওঁবিলাকে কোনো পেটুৱা বঙ্গালীক আৰু কান্ধত নলয়| ৰসগোল্লাভোজী পেটাল গধুৰ বঙ্গালীক কান্ধত লৈ লৈ তেওঁবিলাকৰ কোমল কান্ধ গেলিল| তেওঁবিলাকে কৈছে ”অজিৰু পৰা কোনো এনে বঙ্গাৰী অমৰ পলকীৰ কাখৰকু আহিলি আমি তাৰ পেট অঙ্গুৰিৰে খোঁচা মাৰি কিৰি ফুটাই দিমু|”

এই বাৰৰ “আসাম গেজেট”ৰ দেখিলো যে বিখ্যাত মৌলবি ফজৰবক্স হস্পিটেল এচিষ্টেণ্ট্‌ চাহাবক হাতীমূৰাৰপৰা পকামূৰালৈ বদলী কৰিছে| অসম গবৰ্ণমেণ্টৰ এই কাৰ্য্যত হাতীমূৰাৰ সকলোবিলাক দুস্খিত”| এই অন্যায় কাৰ্য্যৰ প্ৰতিবিধান কৰিবলৈ পাৰ্ল্লমেণ্ট মহাসভাত প্ৰশ্ন কৰোৱা উচিত|

|| সংবাদ দাতাৰ পত্ৰ||

মহিমাৰ্ণৱ ভূত ঁ ল ঁ যুক্ত জুগুলী সম্পাদক ডাঙৰীয়াৰ ঁ চৰণ কলমেষু—

প্ৰেতপাদৰ আশীৰ্বাদে বন্দীৰ অত্ৰ মঙ্গল| বৰ শোকৰ কথা যে, ইয়াৰ সুযুইগ কনিষ্ঠবল পুহাইৰাম কোঁট ভেটী খোৱা মকৰ্দ্দমাত পৰি কালি কঁকালটো ভাগিল, অৰ্থাত্‌ বৰকাচ্‌ হ’ল| গোচৰ হলে প্ৰমাণ নাই বাব ঘিচ্‌ মিচ্‌ হব লগীয়া তথাপি অইনাই কৰি কনিষ্টবল ডাঙৰীয়াক এই হাস্তি দিলে| এই কথাত ইয়াৰ ভাল মানুহ আমি সকলোৰে বেজাৰ| ইমান মৰাণৰ মলুক হল নে কি? আমি পঁচা তুলিছো, হাইকৌট কৰিবলৈ, আপুনিও এই দেশ হিতঙ্কৰ কৰ্ম্মৰ নিমিত্তে যি পাৰে তুলি পঠাওক;--বেগাই|

আজি পুৱা ৫ বজাত টোকোৰাবাহী সত্ৰৰ অদিকাৰ পৰভুৰ কলী ছাগলীজনীৰ ৫টা পোৱালি জগিল| জ্ঞাত কাৰণ লেখিলো| আৰু এই বাৰলৈ আবইচকীয় খবৰ নাই, বাৰান্তৰেৰ পত্ৰে লেখিম| কিমধিকমিতি|

  • ঔগুৰি|........আৰু বেলি মৰা ঁ ভদ্ৰাম গগৈ|
|| উদ্ধৃত||

উত্‌কল পুৰাণৰ ষষ্ঠ খণ্ড পঢ়োঁতে পঢ়োঁতে আমি এটা শ্লোক পাইছিলো, তাৰ তৰ্জ্জমা তলত দিলো| সংস্কৃতজ্ঞ পণ্ডিতসকলে বিচাৰ কৰি চাবচোন শ্লোকটী প্ৰক্ষিপ্ত নে কি? “এটা পুৰণি উড়িয়া বেহেৰাই আন এটা নতুন উৰিয়াক তাৰ বদলী বেহেৰা কৰি ছুটি লৈ ঘৰলৈ যাবৰ মনেৰে আলিবাটে-বাট শিকাই লৈ গৈছে, “যখন সাহেব কহিব ভৃঙ্গ দি ওৱটৰ, তখন জল আনিবু; যখন সাহেব গোট কহিবন্তি ডম ৰস্কল, তখন জানিবুৰে তোমাৰ কপাৰ ভাঙ্গৰ|”

||বিজ্ঞাপন||

মোৰ ওচৰত আয়ুৰ্ব্বেদোক্ত ফটুৱাই ফটাৰ দৰব প্ৰস্তুত আছে, যাক লাগ শীঘ্ৰে মোৰ নামে মনিঅৰ্ডাৰ কৰি ডেড্‌ লেটৰ প’ষ্ট অফিচৰ মাৰ্ফত্‌ ধন পঠিয়াই দিয়ক, নহলে ঢুকাব|

  • পোন্ধৰ বছৰীয়া মৰা ডলুৱা ভূত ঁ নেনাই শৰ্মা, তেজপুৰ

জুগুলী ছাপাখনাত ভীমশৰ্ম্মা প্ৰেতৰ দ্বাৰাই ছাপা হ’ল|


  • সকলোৱে জানে যে জোনাকী নাম মাহেকীয়া কাকত কৃপাবৰ বৰুৱাৰ লীলাস্থল আছিল| চতুৰ্থ ভাগৰ পিছত জোনাকী নিপোহৰ হ’ল| সতী যোৱাৰ আৰ্হি অনুসৰি বন্ধুৰ লগে লগে ওভোতাপাকে বৰবৰুৱাও অন্তৰ্ধ্যান| “কাকত আৰু কাপৰ কথোপকথন” নামেৰে প্ৰৱন্ধত তাৰ আভাস পোৱা যায়| পিছে, যেতিয়া জোনাকী এবছৰৰ পাছত মৃত্যুসঞ্জীৱনী মন্ত্ৰ শুনি আৰু বিশল্যকৰণী দৰব খাই জী উঠিল, অৰ্থাত্‌ যেতিয়া জোনাকীৰ প্ৰেতাত্মাৰ আবাহন কৰি অনা গ’ল, তেতিয়া কৃপাবৰ বৰুৱাৰ বিচাৰ লাগিল, “বিচাৰ বৰ বৰুৱাক বিচাৰ” বুলি চাৰিওফালে তোলপাৰ লাগি পৰিল বৰুৱা কিন্তু অন্তৰ্য্যামী| তেওঁৰ অভাৱত মৰ্ত্তলোকত শোকসিন্ধু উথলিছে, তাক তেওঁ জানি, মনে মনে তেওঁৰ কাকতৰ টোপোলাৰ ভিতৰত এই প্ৰৱন্ধটো থৈ গ’লহি| অৱশ্যে এইখিনিতে কোৱা আৱশ্যক, যে তেওঁ স্বৰ্গলৈ তেওঁৰ কাকতৰ টোপোলা লৈ যোৱা নাছিল| পিছে, পুনৰ্জ্জীৱিত জোনাকীৰ গৰাকীসকলে বৰবৰুৱাক বিচাৰি নেপাই বেজাৰ মনেৰে গোটখাই গমিগপি থিৰ কৰিলে যে বৰবৰুৱাৰ কাকতৰ টোপোলাকে পোষ্টমৰ্টম এক্‌জামিন কৰা যাওক| যদি তাৰ পেটৰ ভিতৰত চুকে-কোণে লাগি থকা কিবা এটা এডোখৰ প্ৰৱন্ধ ওলায়| বৰবৰুৱাৰ কাকতৰ টোপোলা বৰবৰুৱাৰে নিচিনা বাঞ্ছাকল্পতৰু| মাগন্তাজনক টোপোলাই ফলদান কৰিবই| পষ্টমৰ্টম কৰোঁতাসকলৰ ছুৰি, এবাৰ এচুকৰ নাড়ী এডালৰ ভিতৰত সোমাই থকা এই প্ৰৱন্ধত লাগি বীণৰ পঞ্চম সুৰ বজাদি বাজি উঠিল, আৰু তেওঁবিলাক আনন্দত বিহ্বল হৈ “পালো ঔ| পালো ঔ|” বুলি জপিয়াই উঠিল| এই প্ৰৱন্ধত আৰু এটা কথাৰ বাতৰি পোৱা যায়, যে মৃত বৰবৰুৱাই “জুগুলী” নামে কাকত এখন স্বৰ্গৰপৰাই উলিয়াব খুজিছিল| এনেতে জোনাকী আকৌ জী সেই কাৰ্য্যৰ চুঙাত সোপা দিলে| বৰুৱাই মৰিও অসমীয়া ভাষাৰ মৰকামোৰ নেৰে দেখিছো|
  • টীকাকাৰ|