কবীৰৰ দোহা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

ভক্ত কবীৰৰ দোহা


১) “চলটি চক্কী দেখ্‌ কৰ দিয়া কবীৰা ৰ’ই

দো পাতন্‌ কে বীছ্‌ মে চাবুত্‌ বছা না কোই”

ঘূৰি থকা জাটৰ শিলৰ পতাদুখনে শইচখিনি গুৰি কৰি থকা দেখি কবীৰৰ চকুপানী ওলাইছিল। শিলৰ পতাদুখন তেওঁ আকাশ আৰু ধৰিত্ৰীৰ লগত তুলনা কৰিছিল আৰু শইচখিনি যেন মানুহ। যি এবাৰ এই অনবৰতে চলি থকা শিলৰ পতাদুখনৰ মাজত আহে তেওঁ টুকুৰা-টুকুৰ হবই।

২) “বুৰা য’ দেখন্‌ মে চলা, বুৰা না মিল্যা কোই

যো মন খোজা আপ্‌না, ত’ মোজ্‌ছে বুৰা না কোই”

কবীৰে কৈছে – তেওঁ এজন মাত্ৰ বেয়া মানুহ বিচাৰি ফুৰিছিল, কিন্তু নাপালে। শেষত যেতিয়া নিজৰ মনৰ ভিতৰলৈ চাই পঠালে তেতিয়া দেখিলে যে আটাইতকৈ বেয়া মানুহজন নিজৰ মনৰ ভিতৰতে সোমাই আছে।

৩) “কাল কৰে চ’ আজ কৰ্‌, আজ্‌ কৰে চ’ অব্‌

পল্‌ মে প্ৰলয় হয়েগী, বহুৰী কৰোগে কব্‌”

কবীৰে কৈছে - কৰিব খোজা কামটো কাইলৈ কৰাতকৈ আজিয়েই, এতিয়াই কৰি পেলোৱা। সময়ৰ এই ক্ষণটি হেৰাই গ’লে, কামটো কেতিয়া কৰিবা ?

৪) “এইছী ৱাণী ব’লিয়ে, মন্‌ কা আপা খোৱে

পৰাণ্‌ কো ছিতল্‌ কৰে, ঔৰণ্‌ কো সুখ্‌ হোৱে””

কবীৰে কৈছে – কথা কওঁতে এনেকুৱা শব্দ ব্যৱহাৰ কৰিবা যাতে তোমাৰ অহঙ্কাৰ আঁতৰি যায় আৰু মনটোৱে শান্তি পায় আৰু লগতে অনেও তোমাৰ কথা শুনি সুখ পায়।

৫) “ধীৰে ধীৰে ৰে মন্‌, ধীৰে চব্‌ কুছ্‌ হোৱে

মালী চিঞ্চে চ’ ঘাৰা, ঋতু আয়ে ফল হোৱে”

কবীৰে কৈছে – মনৰ গতি কম কৰা, সকলো কথা নিজৰ সময়মতে লাহে-ধীৰে, কিন্তু নিশ্চিতভাৱে হয়। মালীয়ে গছজোপাত দিনে এশবাৰ পানী দিলেও ফল কিন্তু ঋতুমতেহে আহিব।

৬) “ছায়ী ইত্‌না দিজিয়ে, যো মে কুতুম্ব চমায়ে

মে ভী ভোকা না ৰহো, চাধু না ভোকা যায়ে”

কবীৰে কৈছে – হে ভগৱান, মোক সিমানখিনি দিয়া যিমানখিনিৰে মোৰ আত্মীয়-পৰিয়াল ভোকত থাকিবলগীয়া নহয়, মই নিজে ভোকত থাকিবলগীয়া নহয় আৰু মোৰ ঘৰলৈ অহা সাধু-সন্তসকলে মোৰ ঘৰত নোখোৱাকৈ ঘূৰি যাব লগা নহয়।

৭) “বড়া হোৱা ত’ ক্যা হোৱা, যেইচে পেড় খেজুৰ

পন্থী ক’ ছায়া নেহী, ফল্‌ লাগে অতি দূৰ”

কবীৰে কৈছে – তুমি ডাঙৰ মানুহ, ধনী, ক্ষমতাশালী হৈ কি লাভ যদিহে তুমি এজোপা খেজুৰ গছৰ দৰে হোৱা ? খেজুৰ গছে বাটৰুৱাক ছাঁ দিব নোৱাৰে, তাৰ ফলো অতি দূৰত লাগে।

৮) “যেইছে তিল্‌ মে তেল্‌ হ্যাই, য্য’ চক্‌মক্‌ মে আগ্‍

তেৰা ছায়ী তোজ্‌মে হ্যাই, তু জাগ্‍ চকে ত’ জাগ্‌”

কবীৰে কৈছে – তিলৰ ভিতৰত যেনেকৈ তেল থাকে, টিঙিৰি-শিলৰ ভিতৰত যেনেকৈ জুই থাকে, তেনেকৈ তোমাৰ ভগৱান তোমাৰ ভিতৰতে থাকে। তুমি চিনিব পাৰা যদি চিনি লোৱা।

৯) “মাংগন্‌ মৰণ চমান্‌ হ্যাই, মত্‌ কোই মাংগে ভিখ্‌

মাংগন্‌ চে মৰ্‌না ভালা, য়হ্‌ সত্‍গুৰু কী ছীখ্‌”

কবীৰে কৈছে – (নিজৰ বাবে) ভিক্ষা কৰাটো মৰণৰ সমান, ভিক্ষা কৰাতকৈ মৰণেই শ্ৰ্যেয়। তোমাৰ থকাখিনি পাৰিলে আনৰ বাবে ব্যৱহাৰ কৰা। নিজৰ সময়, পৰিশ্ৰম আৰু বন্ধুত্ত্ব আনক দিয়া, আনৰপৰা নিবিচাৰিবা।

১০) “মায়া মৰী না মন মৰা, মৰ্‌ মৰ্‍ গয়া ছৰীৰ্‌

আশা তৃষ্ণা না মৰি, কেহ্‌ গয়া দাছ্‌ কবীৰ”

কবীৰে কৈছে – জীৱনৰ মায়াখিনিক মনটোৱে ৰক্ষণাবেক্ষণ দিয়ে। শৰীৰৰ মৃত্যু হৈ যায়, কিন্তু এই মায়া আৰু মনৰ মৃত্যু নহয়। জীৱনত আশা আৰু তৃষ্ণাৰ অন্ত নাই।

১১) “কবীৰ খাড়া বাজাৰ মে, মাংগে ছব্‌কী খ্যেৰ

না কাহো ছে দোষ্টি, না কাহো ছে বেৰ”

মানুহৰ ভীৰত থিয় হৈ কবীৰে সকলোৰে উন্নতি বিচাৰিছে। কাৰো প্ৰতি বিশেষ বন্ধুভাৱ বা বিশেষ শত্ৰুভাৱ নাই।

১২) “পুথি পঢ় পঢ় কৰ জগ্‌ মৌৱা, পণ্ডিত ভয়ো না কোই

ধাই অক্সৰ প্ৰেম কা, যো পঢ়ে চ’ পণ্ডিত হোই”

কবীৰে কৈছে – যিমানেই কিতাপ পঢ়া নাযাওক কিয়, মাত্ৰ কিতাপ পঢ়ি কোনো জ্ঞানী হব নোৱাৰে। প্ৰেম শব্দটোৰ আঢ়ৈটা আখৰ যি প্ৰকৃতাৰ্থত বুজি পায় তেওঁহে জ্ঞানী।

১৩) “দুখ মে চিম্‌ৰণ চব্‌ কৰে, ছুখ মে কৰে না কোই

যো ছুখ মে চিম্‌ৰণ কৰে, ত’ দুখ কাহেকো হোই”

কবীৰে কৈছে – দুখৰ সময়ত “তেওঁক” সকলোৱে স্মৰণ কৰে, কিন্তু সুখৰ সময়ত স্মৰণ নকৰে। যি সুখৰ সময়তো “তেওঁক” স্মৰণ কৰে তেওঁৰ ওচৰলৈ দুখ ক’ৰপৰা আহিব।

১৪) “গুৰ ধ’বি ছিখ কাপ্‌ড়া, চাবো সৃজন হৰ্‌

ছুৰ্‍টি চিলা পোৰ ধুইয়া, নিক্সা জ্যোতি অপাৰ্‌”

কবীৰে কৈছে – গুৰু হৈছে ধোবা, কাপোৰ হৈছে শিক্ষা, চাবোন হৈছে সৃষ্টিকৰ্ত্তা, গুৰুৱে শিষ্যৰ মনটো সম্পূৰ্ণকৈ ধুই দিয়াৰ পিছত শৰীৰৰ পৰা জ্ঞানৰ জ্যোতি বিকিৰণ হয়।

১৫) “জীৱত্‌ চমঝে, জীৱত্‌ বুঝে, জীৱত হী কৰো আঁছ্‌

জীৱত কৰম্‌ কী ফাঁচী না কাটি, মৌৱে মুক্তি কী আঁছ্‌”

কবীৰে কৈছে – জীয়াই থাকোতেই শিকি, বুজি, মায়া-মোহৰ ফাঁচৰ জৰীদাল কাটিব নোৱাৰিলে মৃত্যুৰ সময়ত মুক্তিৰ আশা কেনেকৈ কৰিবা।

১৬) “অকথ্‌ কাহানী প্ৰেম কী, কুছ্‌ কহী না যায়ে

গুংগে কেৰী ছৰকাৰা, বৈথে মুছ্‌কায়ে””

কবীৰে কৈছে – প্ৰেম অপ্ৰকাশৰ কাহিনী, কোনো কথা কোৱা নাযায়, যিদৰে বোবা মানুহে মিঠাই খাই মাত্ৰ তৃপ্তিৰ হাঁহি মাৰে, প্ৰেমো তেনেকুৱাই।

১৭) “চিন্তা এইছি ডাকিনী, কট্‌ কলেজা খায়ে

বৈদ্‌ বেছাৰা ক্যা কৰে, কাহা তক্‌ দৱা লগায়ে”

কবীৰে কৈছে – চিন্তাই মানুহৰ হৃদয় থান-বান কৰি দিব পাৰে। চিন্তাৰ কোনো ঔষধ নাই।

১৮) “গৰ্ব্‌ না কিজিয়ে, উছা দেখ্‌ আৱাচ্‌

কাল পৰাণ পুণো লেট্‌না, ওপৰ ঝম্‌চি ঘাছ্‌”

কবীৰে কৈছে – নিজৰ বিপুল সা-সম্পত্তি লৈ গৰ্ব নকৰিবা, অহঙ্কাৰ নকৰিবা। কাইলে যেতিয়া শুই পৰিবা, তোমাৰ ওপৰত ঘাঁহ গজিব।

১৯) “গৰ্ব্‌ না কিজিয়ে, কাল গহে কৰ্‌ কেছ্‌

না জানে কিট মাৰে হ্যাই, ক্যা দেছ ক্যা পৰ্‌দেছ”

কবীৰে কৈছে – গৰ্ব নকৰিবা, সময়ৰ খামোচ বৰ কঠিন। সময়ে কাক কেতিয়া ক’ত ধ্বংস কৰি দিব, ঘৰতেই নে পৰতেই, কোনেও নাজানে।

২০) “কবিৰা কিয়া কুছ্‍ না হোতা হ্যাই, আন্‌কিয়া ছব্‌ হোৱে

যো কিয়া কুছ্‌ হোতে হ্যাই, কৰ্ত্তা ঔৰ কোৱে”

কবীৰে কৈছে – কবীৰৰ কথামতে (মানে আমাৰ নিজৰ ইচ্ছামতে) একো নহয়। কবীৰে কথামতে (মানে আমাৰ ইচ্ছামতে) হোৱা যেন লাগিলেও যি হয় তাৰ কৰ্ত্তা “আন কোনোবা”।

২১) “জীও নেইনো মে পুত্‌লী, তিয় মালিক ঘাট মাহী

মুৰখ্‌ লোগ না জানি, বাহাৰ ধুণ্দে যাহী”

কবীৰে কৈছে – চকুৰ মণিৰ দৰেই তোমাৰ ভগৱানো তোমাৰ ভিতৰতে আছে। অজ্ঞসকলে এই কথা নাজানি ভগৱানক বাহিৰত বিচাৰি ফূৰে।

২২) “যব তু আয়ে জগ মে, লোগ হাঁছে তু ৰোৱে

এইছি কৰণি কৰ্‌ চলো, কি তু হাঁছে লো্গ ৰোৱে”

কবীৰে কৈছে – যেতিয়া তুমি জন্ম হৈছিলা, তুমি কান্দিছিলা আৰু সকলোৱে হাঁহিছিল। জীয়াই থাকি এনে কাম কৰা যাতে তুমি যাবৰ সময়ত হাঁহি হাঁহি যাবগৈ পাৰা আৰু সকলোৱে কান্দে।

২৩) “পেহ্‌লে আগন্‍ বিৰ্‌হা কী, পিছে প্ৰেম কী প্যাচ্‌

কহে কবীৰ তব্‌ জানিয়ে, নাম মিলন কী আঁচ্‌”

কবীৰে কৈছে – প্ৰথমে বিৰহৰ যান্ত্ৰনা, তাৰ পিছত প্ৰেমৰ তৃষ্ণা। তাৰ পিছতহে বুজি পাবা মিলনৰ সুখ।

২৪) “আগ্‌ যো লাগী চমন্দ মে, ধোঁৱা না প্ৰগত হোৱে

চ’ জানে য’ যাৰমুৱা, জাকি লাগি হোৱে”

কবীৰে কৈছে – সমূদ্ৰত জুই লাগিছে, ধোঁৱা অদৃশ্য হৈ আছে। যি তাৰ মাজত আছে আৰু জুইত জ্বলিছে তেওঁহে মাত্ৰ জানে এই কথা।

২৫) “কবীৰ ছ’ ধন চাঞ্চিয়ে, যো আগে কো হোই

ছেচ ছৰায়ে পাতলি, লে যাত না দেখা কোই”

কবীৰে কৈছে – বৰ্ত্তমানটো লৈ সুখী হোৱা, ভবিষ্যতৰ বাবে সাঁচি থৈ আজিলৈকে কাকো ধন-সম্পত্তি লগত লৈ যোৱা দেখা নাই।

২৬) “আছা জীয়ে জগ্‌ মৰে, লোগ মৰে মৰ যায়ে

ছ’ৱে চুবে ধন চাঞ্চে, ছ’ উব্‌ৰে যো খায়ে”

কবীৰে কৈছে – মানুহৰ বাৰে বাৰে মৃত্যু হয়, কিন্তু আশা জীয়াই থাকে। এদিন মানুহ জাগিব আৰু ধন-সম্পত্তিৰ মায়া ত্যাগ কৰি মুক্ত হব।

২৭) “এক কহো ত’ হে নেহী, দো কহো ত’ গাৰী

হ্যাই যেইছা তেইছা ৰহে, ক’হে কবীৰ বেচাৰী”

কবীৰে কৈছে – মই যদি (বৈচিত্ৰৰ মাজত) এক বুলি কওঁ, সেই একক দেখা পোৱা নাযায়। যদি দ্বৈত বুলি কওঁ, তেন্তে “তেওঁক” উলংঘা কৰা হয়। “তেওঁ”ক “তেওঁ”ৰ দৰেই থাকিবলৈ দিয়া, বিশ্লেষণ নকৰিবা।

২৮) “য়ে ঘৰ প্ৰেম কা, খালা কা ঘৰ নাহী

চেচ উতাৰা হাথ কৰ্‌, চ’ পাচে ঘাৰ মাহী”

কবীৰে কৈছে – এয়া প্ৰেমৰ ঘৰ, তোমাৰ খুৰীয়েৰাৰ ঘৰ নহয়। যিয়ে (মনৰ) কলুষতাখিনি ধুই নিকা কৰিব পাৰিছে, তেওঁহে এই ঘৰলৈ আহিব পাৰে।

২৯) “মালা ত’ কৰ্‍ মে ফীৰে, জিভ্‌ ফীৰে মুখ মাহী

মনোৱা ত’ ছাৰো দিছ ফীৰে, য়ে ত’ চিম্‌ৰণ নাহী”

কবীৰে কৈছে – জপমালা হাতত ঘূৰি থাকিব পাৰে, জিভাই মুখৰ ভিতৰত মন্ত্ৰ উচ্চাৰণ কৰি থাকিব পাৰে, কিন্তু মনটো যদি চাৰিওদিশে ঘূৰি ফূৰে, তেন্তে সেয়া ধ্যান/তপস্যা নহয়।

৩০) “যব মে থা তব্‌ হৰি নেহী, অব্‌ হৰি হ্যাই মে নেহী

চব্‌ আন্ধিয়াৰা মিত্‌ গয়ে, যব্‌ দীপক দেখা মাহী”

কবীৰে কৈছে – যেতিয়া মই আছিলো (মই মানে মোৰ অহংকাৰ) তেতিয়া হৰি (ভগৱান) নাছিল, যেতিয়া হৰি আহিল মই নাই (মোৰ অহংকাৰ শেষ হৈ গ’ল)। নিজৰ ভিতৰতে ভগৱানৰ জ্যোতি দেখা পোৱাৰ পিছত মোৰ সন্মুখৰ পৰা অন্ধকাৰ আঁতৰি গ’ল।

৩১) "কেশো কাহা বিগাড়িয়া, যো মুণ্ডে শৌ বাৰ্‌

মন্‌ কো কাহে না মুণ্ডিয়ে, জমে বিশেয় বিকাৰ্‌"

কবীৰে কৈছে – চুলিখিনিয়ে কি অপকাৰ কৰিলে যে তুমি তাক বাৰে বাৰে খুৰাই থাকা। তোমাৰ মনটোত দিনে দিনে বৃদ্ধি পাই যোৱা অসংখ্যাত বিষয়-বাসনা, হিংসা-কপটতাখিনিৰ বাবে তোমাৰ মনটোক কিয় মুণ্ডন নকৰা?

৩২) "মুণ্ড মুণ্ডাৱত দিন গয়ে, অঝান্‌ না মিলিয়া ৰাম

ৰাম নাম কহো ক্যা কৰে, যো মন্‌ কে আঁৰে কাম"

কবীৰে কৈছে – চুলি খুৰাই খুৰাই (মানে আনক দেখুৱাই) দিন পাৰ কৰি দিলা, তথাপিতো ৰামৰ (মানে ভগৱানৰ) সংগ নাপালা। যদিহে মনত কাম-ক্ৰোধ-হিংসা-কপটতা থাকে, ৰাম নাম উচ্চাৰণ কৰি কি লাভ হব।

৩৩) “কবীৰ তেৰী ঝোপ্‌ৰী গল কাটিয়ন কে পাচ্‌

জো কৰেংগে চ’ ভৰেংগে তু কিউ ভয়ো উদাচ্‌”

কবীৰে কৈছে – তোমাৰ ঘৰ কচাইৰ দোকানৰ কাষতে হ’ল বুলি তুমি কিয় উদাস হৈছা ? যি আৰ্জিব সিহে ভুঞ্জিব।

৩৪) “কবীৰ চয়ী চুৰ্‌মা, মন্‍ চো মাৰে যুজ

পাঞ্চ প্যাৰা পৰী লে, দুৰ কৰে চব্‌ ডুজ”

কবীৰে কৈছে – তেওঁ অকলশৰীয়া যোদ্ধা, যি নিজৰ মনৰ লগত যুদ্ধ কৰে আৰু পঞ্চ ইন্দ্ৰিয়ক দমন কৰি সকলো “দ্বৈত”ক (মানে পৰস্পৰ বিৰোধী চিন্তা আৰু কাম) দূৰ কৰে।