কংসবধ

ৱিকিউৎসৰ পৰা
শ্ৰীকৃষ্ণায় নমো নমঃ॥
শ্লোক॥
গোৱিন্দ কৃষ্ণ গৰুড়ধ্বজ ৰামৰাম
ৰাম ত্ৰিৱিক্ৰম নৃসিংহ মহাবৰাহ।
যজ্ঞেশ চক্ৰধৰ শাৰ্ঙ্গৱিশোভিপাণে
নাৰায়ণানন্তমহাশৰণ্যো নমস্তে॥
অপিচ॥
জাতো গতঃ পিতৃগহাধ্বজমেধিতাৰ্থঃ
সাঙ্গোব্ৰজন্ যদুপতিঃ স্বৱিহাৰকাৰী।
মল্লাদিকং সৰজকান্ সুনিহত্যপিত্ৰোঃ॥
প্ৰীতিঞ্চ সৰ্ব্বসুহৃদাং সময়ে চকাৰ॥
  • নান্দ্যন্তে সূত্ৰধাৰঃ॥ অলমতি বস্তৰেণ। প্ৰথমে শ্ৰীকৃষ্ণং প্ৰণম্য সভাসদ সম্বোধ্যাহ॥
শ্লোক॥
ভোঃ ভোঃ সভাসদঃ সাধু শৃনুধ্বং শ্ৰদ্ধয়াধুনা।
কংস-বধ-লীলা-যাত্ৰাং কৃষ্ণস্য জগত্তী-পাতেঃ॥
অৰ্থ ভটিমা॥
জয় জয় যাদৱঃ দৈত্যপৰাভৱঃ কাৰি মাধৱঃ
ভকতজনক জোঃ মুকুতি সাধৱ॥
জয় অজহংস জো নিজ অংশঃ হুয়া যদুবংশঃ
সংহৰ অঘঃ বক কেসি কংস॥
জগতা নিধানঃ পুতনাক প্ৰাণঃ কয়লি নিৰজানঃ
নিজজন তাৰণঃ পুৰুষ পুৰাণ॥
জয় বনমালিঃ বিমৰ্দ্দিয়ে কালিঃ বহু বলসালিঃ
খেদল হ্ৰদমহঃ তাহে নিকালি॥
হুয়া অৱতাৰঃ ভুমিক ভাৰঃ সব সংহাৰঃ
জোকৰু বিৰিন্দাঃ বিপিন বিহাৰ॥
ধৰু গোবৰ্দ্ধনঃ বাৰন বৰিসনঃ তাৰণ ব্ৰজজনঃ
মদ ইন্দ্ৰক দুৰঃ কয়লি নাৰায়ণ॥
গোপিনিক ৰঙ্গঃ বাঢ়য়ত ঢঙ্গ হেৰি ভ্ৰুভঙ্গঃ
ৰমণিক মনোৰথঃ পুৰলি অনঙ্গ॥
জয় গোপালঃ ৰজক বিসালঃতচু কয়কালঃ
ৰিজু কুবুজি জোঃ কৰত কৃপাল॥
জয় শ্ৰীৰামঃ ভকত সুদামঃ তনিকৰ থামঃ
গয় বৰদানেঃ পুৰল কাম॥
পৰম প্ৰতাপঃ জো কৰুদাপঃ ভাঙ্গল চাপঃ
সুনি কংসক মনেঃ মিলল সন্তাপ॥
প্ৰমত্ত মাতঙ্গঃ জৈচন পতঙ্গঃ নিপাতল অঙ্গঃ
দসন উত্পাটিঃ প্ৰবেসল ৰঙ্গ॥
পৰম দন্দুৰঃ মল্ল চানুৰঃ কয় মসিমূৰঃ
নিজজন ভকতকঃ ভিতি ভৈলি দুৰ॥
জত মল্ল মন্দঃ নিপাতিএ কন্ধঃ মিলল আনন্দঃ
ছোড়ল পাছেঃ পিতাকেৰি বন্ধ॥
সুন সব লোইঃ বচনক মোইঃ হৰিবিনে কোইঃ
ইহ সংসাৰে সুহৃদ নাহি হোই॥
কৃষ্ণক নাটঃ পাপ উতপাট কয় চিত্ত ভাটঃ
সুন জাকেৰি ইচাঃ বৈকুণ্ঠক বাট॥
হৰিক বিহাৰঃ জগত উদ্ধাৰঃ নিগমকু সাৰঃ
সুনিতে ভনিতেঃ ভৱপাৰ উতৰে॥
বিসয় বিলাসঃ ওহিভৱ পাসঃ তেজ তথি আসঃ
কৰু হৰি নামেঃ সবে বিস্বোআস॥
হৰিগুণ নামঃ আতি অনুপামঃ লেহু অবিৰামঃ
কহ সঙ্কৰ সবঃ বোল ৰাম ৰাম॥
  • সূত্ৰ॥ আহে সভাসদলোকঃ জে জগতক ইশ্বৰ ভগৱন্ত নাৰায়ণঃ জাকেৰি নামে মহা মহা পাপিসবো সংসাৰ নিস্তাৰেঃ জাকেৰি চৰণ-পঙ্গজঃ ব্ৰহ্মা মহেসাদি দেৱতাসৱো সদায় সেৱতঃ সোহি পৰমেস্বৰঃ সকললোক নিস্তাৰ কাৰণেঃ ভূমিক ভাৰ হৰণ নিমিত্তঃ বসুদেৱ গৃহেঃ মানুস ৰূপে অৱতৰলঃ সোহি ইশ্বৰ ওঁহি সভামধ্যেঃ প্ৰবেস কয়ঃ ধনুভঙ্গ কুবলয় মল্লবধ কংস বধঃ ঐসব বিনোদ বিহাৰ-নৃত্যঃ পৰম কৌতুকে কৰবঃ তাহেক সাৱধানেঃ দেখহ শুনহঃ নিৰন্তৰে হৰিবোল॥
শ্লোক॥
প্ৰৱেশমকৰোদ্দেৱঃ কৃষ্ণস্তু পুৰুষোত্তমঃ।
বলেন চ মুদাযুক্তো ৱেষ্টিতো গোপবালকৈঃ॥
  • সূত্ৰ॥ আহে সামাজিক লোকঃ জে শ্ৰীকৃষ্ণক কথা কহিচি সোহি কৃষ্ণ গোপসব সহিতেঃ প্ৰৱেস কয় আৱতঃ তা দেখহ শুনহঃ নিৰন্তৰে হৰি বোল হৰি॥
গীত॥ ৰাগ সিন্ধুড়া॥ একতালি॥
ধ্ৰুং॥
আৱত ৰামকানু গোপ শিশু সঙ্গে।
সিঙ্গা সঙ্খ বেণু বায়ে গাএ মন ৰঙ্গে॥
পদ॥
চন্দনে লেপিত অঙ্গ বনমালা গলে।
ঝুৰএ নেপুৰ দুহু চৰণ কমলে॥
গায়ে পিতবস্ত্ৰ সোভে মাথে মৈৰাপাখি।
মোহ হোৱে মনমথ কানুৰুপ দেখি॥
ঠমকে চলয়ে দুহু অৰুণ চৰণ।
এৰুপ ৰহোক ৰামচৰণেৰ মন॥
  • সূত্ৰ॥ ঐচন প্ৰবেস কয়ঃ শ্ৰীকৃষ্ণ আনন্দে ৰহলঃ তদন্তৰঃ ৰাজা কংস পৰম দুষ্ট অসুৰসব সহিতঃ জৈচে প্ৰবেস কয়লঃ তাহে দেখহ শুনহঃ নিৰন্তৰে হৰিবোল হৰিবোল॥
গীত॥ ৰাগ কানাড়া॥ পৰিতাল॥
ধ্ৰুং॥
আয়ে ৰাজা কংস মহাসুৰ।
জাহে প্ৰতাপে কম্পএ সুৰপুৰ॥
পদ॥
হাতে খাণ্ডা বাৰু ধৰি ধায়ে।
সঙ্গহি দুষ্ট অসুৰসব আৱে॥
মাথে চাৰু ছত্ৰ পৰকাসে।
কহতু ৰামচৰণ হৰিদাসে॥
  • সূত্ৰ॥ ঐচন প্ৰবেস কয়ঃ কংস ৰাজা অসুৰ সব সহিতেঃ পৰম আৰম্বৰে সভামধ্যে বৈঠিএ ৰহল। তদন্তৰেঃ নাৰদ ঋিষি আসি কহুঃ কংসক আগে জে কহলঃ তা দেখহ শুনহঃ নিৰন্তৰে হৰিবোল॥
গীত॥ ৰাগ আসোৱাৰি॥ পৰিতাল॥
ধ্ৰুং॥
আৱত নাৰদ হৰি গুণগাই।
হাতে ধৰি কহো বিনা বজাই॥
পদ॥
নহয়নে নিৰ ঝুৰে পুলক সৰিৰ।
পাৱল সমিপ কংস নৃপতিৰ॥
পেখি কংস ৰাজা কঅলি বন্দন।
কহয় কৃষ্ণ পায়ে ৰামচৰণ॥
  • সূত্ৰ॥ আহে সামাজিক লোকঃ নাৰদক দেখিঃ কংস ৰাজা প্ৰণাম কয়ঃ বোলয়ে লাগল॥ *॥
  • কথা॥ কংস বোল॥ আহে মুনিৰাজঃ মেৰি মহাভাগ্য মিললঃ তোহাক দৰসন ভেলোঃ হামাত কমন প্ৰয়োজন থিকঃ তা কহ॥ *॥
  • সূত্ৰ॥ কংসক বানি শুনিঃ নাৰদ জে বোললঃ তা দেখহ-শুনহ॥
  • কথা॥ নাৰদ বোল॥ আহে মহাৰাজ কংসঃ তোহাৰি কিচো চিন্তা নাহিঃ তুহু কিচো নাহি জানহঃ সুখে ৰহৈছঃ হামো সব কথা জানোঃ তা শুনহঃ তোহাৰ বৈৰি ৰামকৃষ্ণঃ তোহাক বধ চিন্তিঃ গোকুলক মাঝে বাঢ়য়ঃ জে কন্যা সিলাত তাৰলঃ সে জসোদাক দুহিতাঃ জে তোহাৰ বৈৰ বাসুদেৱঃ পুত্ৰ ৰামকৃষ্ণঃ তাহেক মিত্ৰ নন্দগৃহেঃ গোপ্যে বসুদেৱ থৈয়াছে ইহা হামু জানো। আহে কংসঃ তোহাৰ জত বিৰসবঃ গোকুলৰ মাঝে প্ৰবেসয়ঃ তাহেক ৰামকৃষ্ণ বধ কয়লঃ ইহাক নাহি জানহঃ হামু স্বৰূপ কহলুঃ জানি আপুন ৰক্ষা চিন্তহ॥ *॥
  • সূত্ৰ॥ আহে লোকঃ নাৰদক বচন শুনিয়েঃ ৰাজ কংস পৰম ভিতিহুয়াঃ পৰম মহন্তঃ বসুদেৱক কাটিতে গেলঃ দেখিয়ে নাৰদ কংসক নিবাৰণ কয়ঃ পুনু জে বোলল তা দেখহ শুনহ॥ *॥
  • কথা॥ নাৰদ বোল॥ আহে ৰাজা গংসঃ তুহু কি কৰিতে চায়ঃ ৰহ ৰহঃ তুহু কিচো নাহি জানহঃ হামো গোপ্য কথা কহচিঃ তা শুনহ। তুহু সাম্প্ৰত বসুদেৱক কিচো নাহি কৰবিঃ পিতৃবধ সুনিএ ৰামকৃষ্ণঃ তোহাক লাগ নাহি দেৱবঃ তুহু এক কৰ্ম্ম কৰহঃ উপায় কয় আনিয়েঃ আগু ৰামকৃষ্ণক মাৰহঃ পাচু বসুদেৱকঃ জে ইচা তা কৰহ॥ *॥
  • সূত্ৰ॥ আহে লোকঃ ৰাজা কংস নাৰদক বচন শুনিএঃ বসুদেৱক চোড়িঃ পুনু আসনে বৈঠলঃ বসুদেৱ দৈৱকিক বন্দি কৱলঃ নাৰদ আনন্দে বিদায় কয় চলল। তদনন্তৰেঃ ৰাজা কংসঃ পৰম দুষ্ট অসুৰ সবক আনিএঃ জে বোললঃ তা দেখহ শুনহ॥
  • কথা॥ কংস বোল॥ আহে দানৱ সৱঃ হামাৰি পৰম অনৰ্থ মিললঃ তা শুনহঃ হামাক প্ৰাণবৈৰিঃ বসুদেৱক পুত্ৰ ৰামকৃষ্ণঃ নন্দগৃহে গোকুলে ৰহৈছেঃ ইহা জানি তোৰাসব সাৱধান হুয়া ৰহব হামু উপায় কৰিয়েঃ এখানে অনাঅবঃ আহে অম্বুষ্টঃ তুহু দ্বাৰে চুম্পিয়ে ৰহবঃ ৰামকৃষ্ণ আসন্তেঃ হস্তি খুম্পি মাৰবঃ আহে চানুৰ মুষ্টিকঃ ৰামকৃষ্ণক মাল্লবন্ধ ধৰিয়ে মাৰব॥ আহে দানবসবঃ চতুৰ্দ্দসিত ধনুৰ্জাগ আৰম্ভ কৰহঃ সভামধ্যে উসৃত মঞ্চ নিৰ্ম্মাণ কৰহ॥ *॥
  • সূত্ৰ॥ ঐসন আদেশ পায়াঃ দানবসব চলিয়ে গলে। তদন্তৰঃ আক্ৰুৰক আনিয়েঃ কংসে আদেশ কয়লঃ তা শুনহ॥ *॥
  • কথা॥ কংস বোলা॥ আহে দানৱপতিঃ ওঁহি বৃষ্ণিবংস মাঝেঃ তুহুসম হামাৰঃ পৰম মিত্ৰ আৱৰি নাহিঃ ইহা জানি তুহু হামাৰঃ সহায় হুয়া কাৰ্য্য সাধহঃ হামাৰ প্ৰাণবৈৰি ৰামকৃষ্ণঃ গোপ্য কৰি বসুদেৱে গোকুলে থৈয়া আচেঃ তুহু গোকুলে জাইঃ ৰামকৃষ্ণক সত্বৰে আনহঃ নন্দ আদি গোপগণক আনহঃ তুহু জব ৰামকৃষ্ণক আনলঃ তবে জে কৰবঃ তা শুনহঃ প্ৰথমে হস্তি মাৰবঃ তদন্তৰে মাল্লসবে বন্ধ ধৰিএ মাৰবঃ পাচে বসুদেৱ নন্দ উগ্ৰসেন পিতৃ আদি সবাকে মাৰবঃ জৰাসন্ধ বান অসুৰঃ ঐসৱ সহিতে অকণ্টকা ভূমি ভোগ কৰবঃ ইহা জানি তুহু সত্বৰে গোকুলে জাইঃ ধনুৰ্জাগ দেখিবাক বুলিঃ ৰামকৃষ্ণ আদি গোপগণক আনহঃ তুহু জব একাৰ্য্য সাধহঃ তব হামাক প্ৰাণদান দেহ॥ *॥
  • সূত্ৰ॥ কংসক ঐচন বানি শুনিঃ অক্ৰুৰ বোল॥ *॥ আহে মহাৰাজঃ তুহু ভল্ল উপায় কৰিতেচঃ আবস্য আপুন মৃত্যু দুৰ কৰিতে লাগৱঃ কিন্তু দৈৱে জে কৰব তাহেক বাধিতে কেহু পাৰয়ে নাহিঃ তথাপি তোহাৰ আজ্ঞা পালিঃ হামো গোকুলে চলব॥ *॥
  • সূত্ৰ॥ ওঁহি বুলি অক্ৰুৰ মৌনে ৰহল। তদন্তৰে ৰাজা অসুৰসবক বিদায় দিয়েঃ আপুন মন্দিৰে ৰহল। নাৰদ ঋষি কৃষ্ণকঃ সমিপ জাইঃ জে কহলঃ তাহে দেখহ শুনহ॥ *॥
  • কথা॥ নাৰদ বোলা॥ হে স্বামী কৃষ্ণঃ তোহাক দৰসন ভেলোঃ মেৰি মহাভাগ্য মিললঃ তুহু দেৱক পৰম দেৱতাঃ দৈত্যসব সংহাৰ কৰিএঃ ভুমিকভাৰ হৰব সাধুসবৰ আনন্দ বঢ়াৱবঃ হে পৰমেশ্বৰ কৃষ্ণঃ তোহাৰি মহিমা কি কহবঃ তোহাক নিবাক প্ৰতি আজুঃ গোকুলে অক্ৰুৰ আৱবঃ ৰজনি প্ৰভাতে কালি মধুপুৰে জাইঃ তুহো প্ৰথমে ধোবাক মাৰবঃ কুবুজিক সুদমাক প্ৰসাদ দেৱবঃ আৱৰ দেৱসেঃ কুবলয় চানুৰঃ মুষ্টিক কংসক বধ কৰবঃ এসব জোহি জোহি লীলা কৰব তুহোঃ তাহেক হামি সব দেখব॥ *॥
  • সূত্ৰ॥ আহে সামাজিক লোকঃ ঐসব কথা কহিয়ে নাৰদঃ কৃষ্ণ প্ৰণাম কয় কহুঃ বিদায় কৰিয়ে আনন্দে চলিয়ে গেলঃ তদন্তৰঃ কংসক আদেশ পাইঃ অক্ৰুৰ নিসি নিন্দা নাহি কৰতঃ ৰজনি প্ৰভাতে উঠি কহুঃ জৈছে গোকুলে চললঃ তা দেখহ শুনহ নিৰন্তৰে হৰি বোল হৰি।
গীত॥ ৰাগশ্ৰী॥ পৰিতাল॥
ধ্ৰুং॥
অক্ৰুৰ চলয় গোকুল পুৰিঃ
কৃষ্ণ দৰসনে।
ৰথে চড়ি লড়ি ভৈলাঃ
পৰল জতনে॥
পদ॥
জাৰ পদপঙ্কজক চিন্তে জোগিগনে।
ব্ৰহ্মাদিয়ো পূজা কৰে জাহাৰ চৰণে॥
ভৈলা সুপ্ৰভাত মেৰি জনম সাফল।
দেখিবো কৃষ্ণ হেন চৰণ কমল॥
কৰিবো প্ৰণাম সিৰে চৰণ কৃষ্ণৰ।
কহে ৰামচৰণে কৃষ্ণৰ অনুসৰ॥
  • সূত্ৰ॥ আহে লোকঃ সন্ধ্যা সময়েঃ গোপপুৰ পাই অক্ৰুৰঃ ধ্বজ বজ্ৰ জৱ পঙ্কজ অঙ্কুসেঃ আঙ্কত কৃষ্ণক খোজ সব পেখলঃ প্ৰেমে আকুল হুয়াঃ ৰথহন্তে ডেৱ দিআঃ প্ৰত্যেক খোজে পৰিয়ে প্ৰনাম কয়লঃ অতি প্ৰেমে মাটিত বাগৰয়ঃ ৰামকৃষ্ণ বুলি প্ৰত্যেক খোজে ডাক চাৰয়ঃ নহয়নক নিৰয় ঝুৰয়ঃ সৰিৰ পুলকিত। আহে লোকঃ কৃষ্ণক খোজ পেখিয়েঃ অক্ৰুৰ জে ভাব মিললঃ অতঃপৰ জিবৰ পৰম দুৰ্ল্লভ পুৰুসাৰ্থ নাহিঃ জানি কৃষ্ণ ভকতিক মনে সাৰ কৰিয়েঃ নিৰন্তৰে হৰি বোল॥
শ্লোক॥
দদৰ্শ কৃষ্ণং ৰামং চ ব্ৰজে গোদোহনং গতৌ।
পীতনীলাম্বৰধৰৌ শৰদম্বুৰুহেক্ষণৌ॥
কিশোৰৌ শ্যামলশ্বেতৌ শ্ৰীনিকেতৌ বৃহদ্ভুজৌ।
সুমুখৌ সুন্দৰৱৰৌ বালদ্বিৰদবিক্ৰমৌ॥
  • সূত্ৰ॥ তদন্তৰেঃ অক্ৰুৰে স্বস্ত হুয়াঃ পুনু ৰথে চড়িয়া জাইঃ ৰামকৃষ্ণক দেখল নানা ভুষণে ভুষিত হুইঃ আনন্দে ধেনু দোহন চাই ৰহইছেঃ মহাপ্ৰেমে অক্ৰুৰ কৃষ্ণক চৰণ নমিয়েঃ ৰথহন্তে দণ্ডবতে পৰলঃ ত্ৰাহিকৃষ্ণ বুলিঃ ক্ৰন্দন কৰয়ঃ নয়নে আনন্দে লোতক ঝুৰয়। অক্ৰুৰক ভকতি পেখিঃ শ্ৰীকৃষ্ণ স্নেহে আকুল ভেলহঃ হস্ত পঙ্কজ তুলি বাহুমেলিঃ আলিঙ্গন কয়লঃ খুড়া বুলি প্ৰবোধি গৃহে প্ৰৱেশ কৰাৱলঃ পৰম সাদৰে সুবৰ্ন্ন আসনে বৈঠাইঃ পাৱ পখালিয়েঃ পৰমান্নে ভোজন কৰায়লঃ পুষ্পচন্দনে ভুষিত কৰাইঃ কৰ্পুৰতাম্বুল দেলহঃ অক্ৰুৰ সুবৰ্ন্ন খাটত সুতলঃ তৈল লৈয়া দুয়ো ভাইঃ পাৱ মৰ্দ্দল। তদন্তৰেঃ নন্দে অক্ৰুৰত বাত পুচত॥
  • কথা॥ নন্দ বোলা॥ আহে অক্ৰুৰঃ কংস বিদ্যামানে থাকিতে কৈছে প্ৰাণে ৰহইচঃ পৰম ঘাতুক কংসঃ জে আপুন ভগিনি পুত্ৰ সবক মাৰলঃ অন্যত্ৰ কি কুসল থিকঃ হামু জানো কদাপি কুসল নাহি॥
  • সূত্ৰ॥ ঐচন আলাপ নন্দে অক্ৰুৰ সমে কৰলঃ তদন্তৰে ৰামকৃষ্ণ দুহুঁ অক্ৰুৰ সমিপ আসি কহোঃ জে বোললঃ আহে লোকঃ তা শুনহ॥
  • কথা॥ শ্ৰীকৃষ্ণ বোলাঃ আহে খুড়া বাপঃ তুঁহু কুশলে আৱলঃ হামাৰ জে জ্ঞাতি বন্ধুঃ সব কুশলে থিকঃ আহে খুড়াঃ তোহাক দৰসন ভেলো ইহাত পৰম আনন্দ ভেলঃ হামাৰ মাতাপিতা পৰম মহন্তঃ বহুত দুখ পাৱলঃ হাহা কি কৰবঃ আহে খুড়াঃ কি নিমিত্তে হামাৰ থানে আৱলঃ তা কহ॥
  • সূত্ৰ॥ ঐচন কৃষ্ণক বাণী শুনি অক্ৰৰঃ কংসক সব কথা কহল॥ *॥
  • কথা॥ অক্ৰুৰে বোলা॥ আহে পৰমেশ্বৰ শ্ৰীকৃষ্ণঃ তুহুঁ আপুনে সব জানহঃ হামো কি কহবঃ তথাপি তোহাত হামো কিচো কহোঁ শুনহঃ ৰাজা কংসে তোহাক নিবাক প্ৰতি হামাক পাঠাৱলঃ তোহাক মাৰিতেঃ হস্তি মাল্লঃ এসব নানা উপায় কৰিতেছেঃ হামু বিস্তৰ কি কহবঃ তুহো আপুনে জে জোগ্য তা কৰহ॥
  • সূত্ৰ॥ শুনি শ্ৰীকৃষ্ণঃ কংসক আদেস নন্দত জনাৱল॥ *॥
  • কৃষ্ণ বোলা॥ আহে পিতৃঃ কংসক আদেশ হুয়াছেঃ জানি মধুপুৰে জাইতে সত্বৰে সাজহ॥ *॥
  • সুত্ৰ॥ কংসক আদেশ শুনিঃ নন্দে সবাতো জনাৱল॥ *॥
  • নন্দবোলা॥ আহে গোপসবঃ মল্ল-মহোস্বৰ দেখিতঃ ৰাজাক আজ্ঞা হুয়াচেঃ জানি বস্যৰি কৰঃ দধি দুধ ঘৃত সকট জোৰি লৈয়াঃ সত্বৰে ৰজনি প্ৰভাতে চলহ॥ *॥
  • সূত্ৰ॥ নন্দেক আজ্ঞা পাই গোপসব উত্সুকে সাজিতে লাগলঃ ঐসব বৃত্তান্ত শুনিঃ গোপিসবে অন্যো অন্যে এক থান হয়াঃ কৃষ্ণক বিৰহ তাপে জৈচে বিলাপ কয়লঃ তা দেখহ শুনহঃ নিৰন্তৰে হৰিবোল হৰিবোল॥
গীত॥ ৰাগ গৌৰী॥ বিষম তাল॥
ধ্ৰং॥
মাঞি মাঞিঃ গোবিন্দ বিনেঃ কিমতে ৰহবো হামি।
তেজিয়া গোকুলঃ চলে মধুপুৰঃ
হামাৰি মাধব স্বামী॥
পদ॥
গোকুলৰ মাঝেঃ        অক্ৰুৰ নামেঃ
আসি ভৈলা ধুম্ৰকেতু।
প্ৰানেৰ ব্ল্লভঃ        বান্ধৱ শ্ৰীকৃষ্ণঃ
হৰাইল তাহেৰ হেতু॥
বিধি ভৈলা বামঃ        মাধৱৰ নামঃ
বান্ধৱে ভৈলো বঞ্চিত।
কৃষ্ণৰ বিৰহেঃ        জীৱন নৰহেঃ
মৰনে ভৈল সম্বিত॥
কৰবহু মাঞি        কমন উপাইঃ
গুনি গুনি নপাঞ মনে।
গোবিন্দ বিনেঃ         আন গতি নাইঃ
কহতু ৰাম চৰণে॥
  • সূত্ৰঃ ঐচন বিলাপ কয়ঃ গোপিসব কোপেঃ আক্ৰুৰক গাৰি দেৱতঃ তা দেখহ॥ *॥
  • গোপীসব বোলা॥ আহে সখি সবঃ গোকুল মাঝেঃ ওহি অক্ৰুৰ ধুম্ৰকেতু মিললঃ হামাৰ জীৱন প্ৰাণ শ্ৰীকৃষ্ণক নিআ জাইঃ ওহি পৰম দাৰুনঃ কি নিমিতে ইহাক অক্ৰুৰ বোলয়ঃ ইহাক সম দাৰুণ পুৰুস আৱৰি নাহি॥ *॥
  • সূত্ৰ॥ ঐচন বিলাপ কয়ঃ গোপিসব আকুল ৰহল। তদন্তৰেঃ শ্ৰীকৃষ্ণ ৰথে চড়ি জৈচে পায়ন কৱলঃ তা দেখহ শুনহঃ নিৰন্তৰে হৰি বোল॥
পয়াড়॥ ৰাগশ্ৰী॥ পৰিতাল॥
ৰথত চড়িলা ৰামকৃষ্ণ ৰঙ্গ মনে।
সকটে লড়িলা নন্দ আদি গোপগনে॥
সমান বয়স সব গোপৰ কুমাৰ।
ভুষনে ভুষিত আতি হুয়া জাতিস্কাৰ॥
ধৰিলা জোগান আসি ৰথৰ দুই পাসে।
দেখি গোপী আকুলিত কৃষ্ণত নৈৰাসে॥
কুল গিল ধৈৰ্য্য লজ্জা তেজি গোপী নাৰী।
হা কৃষ্ণ বন্ধু বুলি কান্দে গেৰি পাৰি॥
গোপীৰ দেখিআ দুখ জগত নিবাস।
দায়ায়ে মধুৰ বাক্যে কৰিলা আশ্বাস॥
হে গোপিসব স্বস্ত হুয়ো সোক এড়ি।
অল্পতে আসিবো আমি চায়া মল্ল খেড়ি॥
  • কথা॥ কৃষ্ণ বোলা॥ হে গোপীসবঃ মল্লখেড়ি চাহিতে ৰাজাক আজ্ঞা হুয়াছেঃ হামু অল্পতে আসবঃ তেৰাসব আকুল তেজি স্বস্ত হৱ॥
-গোপীক কৰিয়ে সান্ত পাছে সুভক্ষনে।
কৰিলা পয়ান ৰামকৃষ্ণ ৰঙ্গমনে॥
বাজে বিনা বেনু সঙ্খ সিঙ্গাৰ নিসান।
কংসক বধিতে কৃষ্ণ কয়লি পায়ান॥
অক্ৰুৰে ডাকয় ৰথ বাউ বেগে চলে।
জয়কৃষ্ণ ৰাৱ কৰে গোপ কৌতুহলে॥
কালিন্দ্ৰিৰ হ্ৰদক পাইলন্ত কতো ক্ষনে।
ৰাখিলন্ত ৰথ ৰাম বোলা সৰ্ব্বজনে॥
  • সূত্ৰ॥ আহে সামাজিক লোকঃ হ্ৰদক সমিপপাইঃ ৰামকৃষ্ণ জল পান কৰিয়ে বৃক্ষৰ ছাআত ৰহল॥ অক্ৰুৰে দেভাইকঃ ৰথ উপৰে তুলিঃ মৈধ্যান সন্ধ্যা কৰিতে হ্ৰদক জলে মজলঃ জল মধ্যে ৰামকৃষ্ণক দেখলঃ ৰথ নাহি বুলিয়েঃ বিস্ময়ে উঠিয়ে দেখলঃ ৰামকৃষ্ণ ৰথমধ্যে থিকঃ পুনু জলে মজিয়ে দেখলঃ সহস্ৰ ফণায়ে অনন্ত আচয়ঃ তাহেৰ কোলে কৃষ্ণক দেখলঃ অক্ৰুৰে দণ্ডৱতে পৰি প্ৰণামিঃ জৈচে তুতি কৰিতে লাগিলঃ তা দেখহ শুনহঃ নিৰন্তৰে হৰি বোল হৰি বোল॥
পয়াড়॥
জয় নমো যাদৱ দেৱ।           তুহু বিনে আন নাহি কেৱ॥
সৰ্ব্বদেৱময় তুহু হৰি।            আচা ইতো জগতক ধৰি॥
ইতো জড় জগত সকল।         তুহ মাত্ৰ চৈতন্য কেৱল॥
অসংখ্য ব্ৰহ্মাণ্ড জত জত।          ফুৰৈ তুঝু ৰোমৰ ৰন্ধ্ৰত॥
মত্স্য কুৰ্ম্ম বৰাহ বিৰিঙ্গ।          অদভূত ৰুপ নৰসিঙ্ঘ॥
ধৰিচা বামন অৱতাৰ।            তঝু পায়ে কৰো নমস্কাৰ॥
ধৰিচা পৰশুৰাম নাম।            শ্ৰীৰাম তোমাক প্ৰণাম॥
নমো ৰাম হলধৰ দেৱ।            বোধৰুপি তঝু পাৱে সেৱ॥
ম্লেচ উছেদক কল্কি হৰি।            লৈয়ো মোক নিজ দাস কৰি॥
মঞি মূঢ় একোৱে নাজানো।         বিনাসি দেহক সত্য মানো॥
স্বপ্ন সম পুত্ৰ দাৰা ধন।            তাতে মোৰ নিমজিল মন॥
অজ্ঞান আন্ধাৰে পৰিমৰো।         ৰৈক্ষা কৰা চৰণত ধৰো॥
  • সূত্ৰ॥ অক্ৰুৰে শ্ৰীকৃষ্ণক তুতি কৰিতেঃ পৰম প্ৰেম উপজলঃ নয়নক আনন্দে লোতক বহেঃ সৰিৰ পুলকিতঃ মহা প্ৰেম আনন্দে আকুল ভেলঃ শ্ৰীকৃষ্ণ অক্ৰুৰক একো নাহি বুলিয়েঃ অন্তৰ্ধ্যান ভেলহঃ অক্ৰুৰ জলহন্তে উঠিএঃ পৰম বিস্ময় হুয়াঃ ৰথে চড়লঃ তাহে দেখি শ্ৰীকৃষ্ণ বোলল॥ *॥
  • কথা॥ কৃষ্ণ বোলা॥ হে খুড়াঃ তুহু কি দেখলঃ কি শুনলঃ কি নিমিত্ত বিস্ময় ভেলহ॥
  • আক্ৰুৰ বোলা॥ হে পৰমেশ্বৰ শ্ৰীকৃষ্ণঃ তোহোঁ আপুনে সব জানহঃ হামো কি কহবঃ জগতক জত অদভুতঃ সব তোহাতে থিক॥ *॥
  • সূত্ৰ॥ ওঁহি বুলি অক্ৰুৰে ৰথ ডাকলঃ নন্দ আদি গোপগন আগুহুয়া জাইঃ নগৰ সমিপেঃ ৰামকৃষ্ণক আপেখি ৰহৈছেঃ ৰামকৃষ্ণ ৰথে জাইঃ তাৰাসব সহিতেঃ এক থান হুয়াঃ ৰথ হন্তে নামিএ ৰহলঃ তদন্তৰেঃ শ্ৰীকৃষ্ণ বিনয় ভাবেঃ অক্ৰুৰক বোল॥ *॥
  • হে খুড়া অক্ৰুৰঃ ওঁহি নগৰ সমিপেঃ উপবন থানঃ ইহাহে আমৰা সব বিশ্ৰাম কৰহো তুহু ৰথ লৈয়াঃ আগু হুয়া গৃহে চলহঃ হামু পাচু নগৰ প্ৰবেস কৰবো॥ *॥
  • সূত্ৰ॥ কৃষ্ণক বাক্য শুনিএঃ অক্ৰুৰ বোলা॥ *॥ হে পৰমেশ্বৰ শ্ৰীকৃষ্ণঃ হামাক কৃপা কৰহঃ তোহাৰি পদ ৰেনু পৰসেঃ হামাৰ গৃহসব পবিত্ৰ হৌকঃ হামাক তোহাৰি ভৃত্য মানিঃ হামাৰ থানে চলহ॥ *॥
  • শ্ৰীকৃষ্ণ বোলা.. আহে খুড়াঃ আজু কিচু নাহি বোলবঃ জগতক বৈৰ কংসক বধিয়েঃ তোহাৰি গৃহে চলব॥ *॥
  • সূত্ৰ॥ শ্ৰীকৃষ্ণক বাক্য শুনিএঃ অক্ৰুৰ কংসত জান দিয়েঃ আপুন গৃহে গেলহঃ তদন্তৰেঃ শ্ৰীকৃষ্ণ জৈচে নগৰ প্ৰবেসলঃ তা দেখহ শুনহঃ নিৰন্তৰে হৰিবোল হৰিবোল॥
গীত॥ ৰাগ শ্ৰী॥ একতালি॥
ধ্ৰুং॥
কয়লি প্ৰবেস মধুপুৰি।
গোপশিশু সঙ্গে ৰঙ্গে ৰামহৰি॥
পদ॥
ৰতন ভুষনে অঙ্গ কৰি বিভুষিত।
বায়ে সিঙ্গ সঙ্খ বেনু হুয়া আনন্দিত॥
আনন্দে আসিলা শুনি নগৰৰ নাৰী।
গৃহ এড়ি কৃষ্ণ মুখ চাহে সাৰি সাৰি॥
জকৃষ্ণ বুলি সিৰে পুষ্প বৰিসয়।
কৃষ্ণৰ সেৱক ৰামচৰণে কহয়॥ *॥
  • সূত্ৰ॥ আহে সামাজিক লোকঃ ঈশ্বৰ শ্ৰীকৃষ্ণকঃ মধুৰ মুৰুতি পেখিঃ মথুৰাবাসিৰ মহামহোস্বৱ মিললঃ কৃষ্ণ মুখ-পঙ্কজ নয়ন ভৰি পান কৰতঃ চৰণ-পঙ্কজ মনে ধৰি থাকয়ঃ কৃষ্ণৰ মধুৰ মুৰুতি মনে ধ্যান কৰয়ঃ শ্ৰীকৃষ্ণ তাৰাসবৰ আনন্দ বঢ়াইঃ লিলাগতি কৰিএ চলৈছে। সোহি সময়েঃ ৰাজাক জোগাইতেঃ বস্ত্ৰ লৈয়া জাইতে ধোবাক দেখল। শ্ৰীকৃষ্ণ তাহেত জৈচে বস্ত্ৰ প্ৰাৰ্থনা কয়লঃ তা দেখহ শুনহ॥
  • কথা॥ ধোবা বোলা॥ আহে গোপ চআল ৰামকৃষ্ণঃ পৰ্ব্বত বন মৈধ্যে তোহাৰ নিবাসঃ তুহোসব কিচো জানএ নাহিঃ আতি মুঢ়মতিঃ ৰাজাৰ বস্ত্ৰ পৰিধান কৰিতে বাঞ্চা কহৰঃ মৰিবাক ভয় নাহিঃ ৰাজদূতে সবে ধৰিয়েঃ প্ৰানন্তিক দণ্ড কৰবঃ জানি প্ৰানৰৈক্ষা কৰিয়েঃ সত্বৰে দুৰ জাৱ॥ *॥
  • সূত্ৰ॥ ধোবাক ঐচন বাণী শুনিয়েঃ শ্ৰীকৃষ্ণ চৱৰ প্ৰহাৰি জৈচে প্ৰাণ লেলহঃ তাহে দেখহ শুনহঃ নিৰন্তৰে হৰিবোল হৰিবোল॥
পয়াড়॥ ৰাগ কানড়া॥ পৰিতাল॥
ধ্ৰং॥
ৰজক বাণী শুনি কোপে গোপাল।
চৱৰ প্ৰহাৰ কয়লি ততকালে॥
পদ॥
চিণ্ডল মাথা চৱৰ প্ৰহাৰে।
জতয়ে ধোবা সব সঙ্গি তাহাৰে॥
ত্ৰাসে পলাৱল বস্ত্ৰ পেলাই।
দেখিয়ে ৰামকৃষ্ণ দুহো ভাই॥
আনন্দে বস্ত্ৰ ভাল বাচি লৈল।
আন বস্ত্ৰ সব গোপক দেল॥
দেখি গোপসব কৰিয়ে হৰিস।
সিঙ্গ সঙ্খ বায়ে পুৰয়ে দসো দিশ॥
জয় জয় কৃষ্ণ কৰে সঘনে ৰোল।
সামাজিক সব অব হৰি হৰি বোল॥ *॥
  • সূত্ৰ॥ আহে সামাজিক লোকঃ শ্ৰীকৃষ্ণ ধোবাক মাৰি বস্ত্ৰ পাৱল। তদন্তৰে বেসাকাৰে আসিঃ শ্ৰীকৃষ্ণক জৈচে বস্ত্ৰ পৰিধান কৰাৱলঃ তা দেখহ শুনহ॥
  • কথা॥ বেসকাৰ বোল॥ আহে পৰমেশ্বৰঃ হামাৰ সুদিঅস তোহোক দৰসন ভেলঃ মেৰি মহাভাগ্য মিললঃ তোহাক বস্ত্ৰ পৰিধান কৰাইতেঃ হামু ইহা আৱলু॥ *॥
  • সূত্ৰ॥ অহি বুলি ৰামকৃষ্ণকঃ প্ৰনাম কৱেঃ বস্ত্ৰ পৰিধান অৰাৱল। আহে লোকঃ পৰম কৃপালুঃ শ্ৰীকৃষ্ণক চৰিত্ৰ কি কহবঃ বেসকাৰ কেৱল বস্ত্ৰ পৰিধান কৰাৱল মাত্ৰঃ অতৱে আপুন স্বৰূপ ততকালে দেলহ। ওঁহি কৃষ্ণক জেসবে একসৰণ হুয়াঃ সেৱা কৰবঃ তাহেক কি কহবঃ জানি কৃষ্ণতঃ সৰন সাৰ কৰিএঃ নিৰন্তৰে হৰিবোল। তদন্তৰেঃ শ্ৰীকৃষ্ণ গোপসব সহিতঃ সুদমা মালিৰ বাৰি প্ৰবেসলঃ শ্ৰীকৃষ্ণক পেখি সুদমা পৰমানন্দেঃ দণ্ডৱতে প্ৰনাম কৱলঃ অতি সত্বৰে আসন দেলহঃ ৰামকৃষ্ণ তথি বৈঠলঃ পাদ্য অৰ্ঘে গন্ধে ধুপেঃ দিপে নৈবেদ্য দিএঃ অৰ্চ্চনা কৱলঃ শ্ৰীকৃষ্ণ সুদমাক সবদ্ৰব্যঃ স্বিকাৰ কয়লঃ সুদমা শ্ৰীকৃষ্ণক তুতি কৱল॥
সুদমা বোল॥ পয়াড়॥
জয় জয় কৃষ্ণ পুৰ্ণ্ণ য়বতাৰি।
জয় জয় কৃষ্ণ ভকত ভয়হাৰি॥
জয় জয় কৃষ্ণ ব্ৰহ্ম অবিকাৰি।
জয় জয় কৃষ্ণ ভুবন আধাৰি॥
সাফল জনম আজু ভেল হামাৰি।
চৰনে সৰন হৰি লেলো তোহাৰি॥
দুষ্টক বিনাসি হৰব ভূমি ভাৰ।
ভকতৰ ৰৈক্ষা হেতু ভয়ো অৱতাৰ॥
তুহু জগত আত্মা চৈতন্য দেৱ।
তোহাৰি শত্ৰু মিত্ৰ নাহি কেৱ॥
তবহু জোহি ভজয় তঝু পায়।
পাৱে প্ৰসাদ সোহি তঝু পায়॥
তোহাৰি চৰনে হাম কৰোলো গোহাৰি।
হৈব ভকত তঝু সুহৃদ হামাৰি।
নাহি চাড়ব মুখে তুয়া গুননাম।
মাগো অতৱে বৰ তোহাকেৰি ঠাম॥ *॥
  • সূত্ৰ॥ ওঁহি তুতি কৰিয়েঃ সুদমা দিব্য পুষ্প আনিঃ গোপসব সহিতঃ ৰামকৃষ্ণকঃ পুষ্পে ভুষিত কৰায়লঃ শ্ৰীকৃষ্ণ সুদমাৰ ভকতি দেখিয়েঃ পৰম কৃপায়ে বৰ দেলহ॥ *॥
  • কথা॥ কৃষ্ণ বোল॥ আহে সুদমাঃ তোহাৰ সুদ্ধ ভকতি দেখিয়েঃ পৰম সন্তোস ভেলোঃ হামাত তুহু জে প্ৰাৰ্থলঃ সে সব সিদ্ধি হৌকঃ তোহাক অচলা লক্ষি নাহি চাড়বঃ বল আউ শ্ৰী জস বিভুতি সৰ্ব্বদা ৰহবঃ তোহাৰ বংশসব বাঢ়ব॥ *॥
  • সূত্ৰ॥ ওঁহি বুলি বৰ দিয়েঃ শ্ৰীকৃষ্ণ সুদমাক বাৰি চাড়লঃ তদন্তৰেঃ কংসক দাসি কুবুজিঃ কংসক লাগি চন্দন লিআ জাইঃ তাহে পেখি শ্ৰীকৃষ্ণ জৈচে চন্দন প্ৰাৰ্থল তা দেখহ শুনহ॥
  • কথা॥ কৃষ্ণ বোলহ॥ আহে কুবুজিঃ তুহু কাহেক লাগি ওঁহি চন্দন নিয়া জাৱঃ হামাত সত্বৰে কথা কইঃ ওঁহি চন্দন হামাক দেহঃ তব তোহাৰি পৰম কৈল্যান মিলব॥
  • সূত্ৰ॥ শ্ৰীকৃষ্ণকঃ পৰম সুকুমাৰ ৰুপ পেখিয়েঃ মধুৰ বাণী শুনিঃ মোহ হুয়াঃ সয়ন্দ্ৰি কৃষ্ণক জে বোললঃ তা শুনহ॥
  • কথা॥ কুবুজি বোল॥ আহে পৰম পুৰুষ পুৰুষোত্তমঃ হামু কংসক দাসিঃ সে কংস ৰাজাঃ হামাৰি চন্দনে মাত্ৰ সন্তোসঃ ওঁহি চন্দনক যোগ্যঃ তোৰা দুহো বিনে আৱৰি নাহি॥ *॥
  • সূত্ৰ॥ ওঁহি বুলি সয়ন্দ্ৰি আপুন হাতেঃ ৰামকৃষ্ণক সব সৰিৰঃ চন্দনে ভুষিত কয়লঃ পৰম কৃপায়ে শ্ৰীকৃষ্ণঃ কুবুজিক প্ৰতি পৰম কৰুনা উপজলঃ সয়ন্দ্ৰিৰ পাৱতঃ আপুন পাৱ দিএঃ হস্তে চিবুকত ধৰিয়েঃ উপৰক তুলিঃ সমান কয়লঃ কৃষ্ণক পৰসে পৰম সুন্দৰি ভেলঃ কামাতুৰ হুয়াঃ কৃষ্ণক বস্ত্ৰে ধৰিয়েঃ সয়ন্দ্ৰি জে বোললঃ তা দেখহ শুনহঃ নিৰন্তৰে হৰিবোল হৰিবোল॥ *॥
গীত॥ ৰাগ বেলোআৰ॥ ৰূপক মান॥
ধ্ৰুং॥
গোবিন্দ কৰহোঁ কাতৰ পাৱে তোৱি।
তোহাৰি পৰসেঃ কামে হামো আতুৰঃ
জানি চলহ গৃহে মোই॥
পদ॥
তোহাকেৰি সঙ্গঃ        তেজৱে নাহি পাৰিঃ
মেৰি দেহা দহে কাম-আগি॥
কৰহু কৰুনা হৰিঃ         চলহু ভবন মেৰিঃ
তুয়া পাৱে ওঁহি দান মাগি॥
ইসত হাসিত চাৰুঃ        তেৰি কমল মুখঃ
পেখি মোহিত মন মেৰা।
দাসি ভেলো তেৰিঃ        বাঞ্জা পুৰহ মেৰিঃ
দেহু অধৰ মধু তেৰা॥
হৰিক বস্ত্ৰ ধৰিঃ        বোলয় কাতৰ কৰিঃ
মদনে মোহিত মতি হুই।
কৃষ্ণক দাসঃ         দাস ৰামচৰনেঃ
কহে হৰি পদে গতি মোই॥ *॥
  • কথা। . সয়ন্দ্ৰি বোল॥ হে পৰমেশ্বৰ শ্ৰীকৃষ্ণঃ তোহাৰি পৰসেঃ হামো কামে আতুৰ ভেলোঃ হামাৰ মন মদনে মৰ্দ্দয়ঃ জানি হামাৰ গৃহে চলহঃ মেৰি বাঞ্ছা পুৰন কৰহঃ তোহাৰি পাৱে লাগো॥
  • সূত্ৰ॥ সয়ন্দ্ৰিক ঐচন ভাবনা দেখি শ্ৰীকৃষ্ণ হাসি হাসিএ বোলল॥
  • কৃষ্ণম বোলা॥ হে সয়ন্দ্ৰিঃ তোহো কি কইচ এখন হামাকঃ একো নাহি বোলবঃ জগতক বৈৰ কংসঃ তাহেক মাৰিঃ তোহাৰ থানে আবস্যেঃ আজু তুহঃ গৃহে জাৱ॥ *॥
  • সূত্ৰ॥ ওঁহি বুলি শ্ৰীকৃষ্ণঃ সয়ন্দ্ৰিক আশ্বাস কয়ে পঠাৱলঃ তদন্তৰেঃ বানিজাৰ সবঃ পৰম সাদৰেঃ বহুত দ্ৰব্য দিয়ে কৃষ্ণক পুজা কয়লঃ নাগোৰ নাৰিসবঃ কৃষ্ণক পৰম সুন্দৰ ৰূপ পেখিঃ কামে বিমোহিত ভেলঃ বসন বলয়া খোপাসব খসলঃ তাহাকে নাহি জানয়ঃ জৈচে চিত্ৰৰ পুতলিঃ তদ্বত ভেল। শ্ৰীকৃষ্ণ পৰম কৌতুকে চলি জাইঃ ধনুৰ্জাগসালা পাৱলঃ কংসক দিব্য ধনু পেখি ৰখিয়াসব বাধা কৱে বোলল। তা দেখহ শুনহ।
  • কথা॥ ৰখিআ বোলা॥ হে শ্ৰীকৃষ্ণঃ ওঁহি ৰাজাক ধনুঃ তুহু নাহি ধৰব॥ *॥
  • সূত্ৰ॥ শ্ৰীকৃষ্ণ বাধা নাহি মানিয়েঃ ধনুক ধৰি তুলিঃ গুন লগাৱলঃ হাসি হাসি লিলায়ে টানি ধনুক ভাঙ্গলঃ জৈচে মত্ত মাতঙ্গ ইক্ষুখণ্ড ভাঙ্গলঃ তাহে পেখি ৰক্ষিয়াসব কোপে কৃষ্ণকঃ অস্ত্ৰ ধৰিএ যুদ্ধক ধাৱল তাহে দেখহ শুনহঃ নিৰন্তৰে হৰি বোল॥
গীত॥ ৰাগ কানড়া॥ পৰিতাল॥
ধ্ৰুং॥
ৰখিআ সেনা পেখি ধনুভঙ্গ।
ধাৱল অস্ত্ৰ ধৰিয়া খঙ্গ॥
পদ॥
ধৰমাৰ বুলি বেঢ়ল আসি।
লৈলা ভাঙ্গা ধনু দোভায়ে হাসি॥
কোপে ৰামকৃষ্ণ দুহো ভাই।
মাৰল সব সৈন্য তাহে কোবাই॥
পঠাইল কংসে আৰো সৈন্যজত।
সবাকো কোবাই কৰিলে হত॥
পালটি গোপ-সমে ৰাম হৰি।
নগৰ বাঝে ৰৈলা বাসা কৰি॥
ভোজন কৈলা ৰঙ্গে দধি ভাত।
আনন্দে থাকিলা সুতি সৈয্যাত॥
কৃষ্ণৰ চৰণ ধৰিয়া মনে।
কহে মুঢ়মতি ৰামচৰণে॥ *॥
  • সূত্ৰ॥ ৰামকৃষ্ণ দুহুভাইঃ ধনুভাঙ্গি সৈন্য সব মাৰি নিবৰ্ত্তিয়া জাইঃ নগৰ বাহিৰে ৰহলঃ ৰাজা কংস ধনুক ভঙ্গ শুনিঃ নিসি নিন্দ্ৰা নাহি পাৱলঃ মৃত্যু সুচকঃ নানাবিধ অমঙ্গল দেখলঃ ৰজনী প্ৰভাতে উঠিএ মল্ল মহোত্স্বব কৰাৱলঃ মন্ত্ৰী পাত্ৰসৱ সহিতেঃ উচ্ছ্ৰিত মঞ্চে চড়ি ৰহল। শ্ৰীকৃষ্ণ প্ৰভাতে সৌচ সুদ্ধ হুইঃ গোপ সহিতে জাইঃ ৰঙ্গদ্বাৰ পায়লঃ অম্বুষ্ট হস্তিআৰেঃ দ্বাৰে ৰহৈছেঃ তাহে পেখি কৃষ্ণ বোললঃ
  • কথা॥ কৃষ্ণ বোলা॥ আহে অম্বুষ্টঃ হামু ৰঙ্গসালা চলবঃ তুহু সত্বৰে দ্বাৰ চাড়হঃ জব দ্বাৰ নাহি ছাড়হঃ তব তোহাক যমপুৰে খেদাৱব॥ *॥
  • সূত্ৰ॥ ওঁহি বুলি শ্ৰীকৃষ্ণ হস্তি হস্তিৱাৰে সহিতেঃ জৈছে যুদ্ধ কয়লঃ তা দেখহ শুনহঃ নিৰন্তৰে হৰিবোল হৰিবোল॥
পয়াড়॥ কানাড়া॥ পৰিতাল॥
শুনিয়ে অম্বুষ্ট কৃষ্ণক বাণী।
খুম্পিলে হস্তিক অঙ্কুসে হানি॥
পদ॥
প্ৰমত্ত মাতঙ্গ বেগেহি জাই।
ধৰিলে কৃষ্ণক সুণ্ডে মেহাই॥
এড়াইলা মাধৱে কৰি আচোট।
মাৰিলা হস্তিক মুষ্ঠিৰ চোট॥
ভৰিৰ মাঝো আৰ ভৈলা তাৰা॥
নেদেখি সিতো তেজে ফোঙ্কাৰা॥
সন্ধি পাই পুনু ধৰিলা আসি।
এড়াইল বলে কৃষ্ণে হাসি হাসি॥
লাঞ্ছত ধৰিয়া টানত তাক।
কৃষ্ণক নপাৱয় ধৰিবাক॥
লাঞ্ছৰ এড়িয়া মাৰি চাপৰ।
পলাৱল হৰি দিয়া লৱৰ॥
পাছত হস্তি খেদে ক্ৰোধ কৰি।
পাৰি ভুমিত সুণ্ডত ধৰি॥
পাৱে ভিৰি দান্ত লৈলা উপাৰি।
মাৰিল হস্তিক দাম্ভৰ বাৰি॥
মাৰিলা দুয়ো হস্তি হস্তিআৰ।
জয় কৃষ্ণ বুলি কৰৈ জোকাৰ॥ *॥
  • সূত্ৰ॥ আহে সমাজিক লোকঃ শ্ৰীকৃষ্ণ হস্তি মাৰিঃ তাহেক দন্ত কন্ধে কৰিএঃ গোপ সব সহিতঃ পৰম আনন্দে জৈচে ৰঙ্গসালা প্ৰবেসলঃ তা দেখহ শুনহঃ নিৰন্তৰে হৰিবোল হৰিবোল॥
গীত॥ নাটৰাগ॥ পৰিতাল॥
ধ্ৰুং॥
চলে ৰাম কানাইৰে গোপ বালক সঙ্গেৰে॥
সিঙ্গা সঙ্খ বেনুঃ বাৱত গায়তঃ
নাচত হাসত ৰঙ্গেৰে॥
পদ॥
কান্ধত হস্তিৰ দান্তঃ দেখিতে আতি সুবেসৰে।
মধুৰ মুৰুতি ধৰিঃ ৰঙ্গসালা ভেলি কান্ধ প্ৰবেসৰে॥
চৰণ কমল মাঝেঃ ৰত্নৰ মঞ্জিৰ বাঝেৰে।
পেখিয়ে কানুক ৰুপঃ ভুলল সব সমাজেৰে॥
কানুৰ প্ৰসন্ন মুখঃ পঙ্কজ এ দৰসনে ৰে।
আনন্দ সাগৰে মজলঃ সবহু কহতু ৰাম চৰনেৰে॥
  • সূত্ৰ॥ আহে সামাজিক লোকঃ শ্ৰীকৃষ্ণ গোপ সব সহিতঃ পৰম লাবণ্য মূৰ্ত্তি ৰঙ্গসালা মৈধ্যে প্ৰকাশ কয়ল। সোহি সময়ে কৃষ্ণকঃ লোক সবে দস প্ৰকাৰে দেখল॥
শ্লোক॥
মল্লানামশনিৰ্নৃণাং নৰৱৰঃ স্ত্ৰীনাং মেৰো মূৰ্ত্তিমান
গোপানাং স্বজনোহসতাং ক্ষিতিভুজাং সাস্তা স্বপিত্ৰোঃ শিশুঃ
মৃত্যুৰ্ভোজ পতেৰ্ৱিৰাড়ৱিদুষাং তত্বং পৰং যোগিনাং
ৱৃষ্ণীণাং পৰদেৱতেতি ৱিদিতো ৰঙ্গংগতঃ সাগ্ৰজঃ॥
  • সূত্ৰ॥ মল্লসবে বজ্ৰময় সৰিৰ দেখলঃ অন্য লোকে দেখলঃ মনুস্য মধ্যতঃ পৰম উত্তম মনুস্যঃ নাৰিসবে দেখলঃ কামেৰ মুৰুতিঃ ওঁহি গোপসবে দেখলঃ হামাৰি পৰম সুহৃদঃ ৰাজা সবে দেখলঃ ওঁহি হামাৰ সাস্তাঃ বসুদেৱ দৈৱকি বোলয়ঃ ওঁহি হামাৰি পুত্ৰঃ কংস বোলয়ঃ ওঁহি হামাৰি অন্তকঃ অজ্ঞানি সকলে বোলেঃ ওঁহি নন্দকুমাৰঃ জোগিসবে দেখয় ওঁহি ব্ৰহ্মতত্বঃ বৃষ্ণি বংসে বোলয়ঃ হামাৰ পৰম দেৱতাঃ সবলোকে ৰামকৃষ্ণক আনন্দ মুৰুতি পেখিঃ তৃপিতি নাহি টুটুয়ঃ অন্যো অন্যে কৃষ্ণ গুন বৰ্ণাইঃ আনন্দে নয়ন ভৰিঃ পেখিয়ে ৰহল। তদন্তৰে চানুৰ নামে মল্লঃ সভামধ্যে উঠি কহোঃ কৃষ্ণক সম্বোধি জে বোললঃ তা শুনহ॥
  • কথা॥ চানুৰ বোল॥ হে ৰামকৃষ্ণঃ তোৰা দুহু ভাই বাহু যুদ্ধে পৰম সুসিখিতঃ শুনি কহুঃ কংস ৰাজা দেখিবাক প্ৰতি অনাৱলঃ জানি ৰজাক পৃতি সাধিঃ তুহু হামো বাহু ধৰিএঃ মল্ল যুদ্ধ কৰহোঃ ৰজাৰ সন্তোসেঃ সবাৰো সন্তোষ হয়ঃ শাস্ত্ৰে কহেঃ ৰাজা সৰ্ব্বভুতময়॥
  • সূত্ৰ॥ ঐচন চানুৰক বাক্য শুনিঃ শ্ৰীকৃষ্ণ বোলা॥ *॥ হে চানুৰঃ প্ৰজা ভৈলেঃ ৰাজাৰ পৃতি সাধিতে উচিত হয়ঃ কিন্তু সমানে সহিতে বাহু যুদ্ধ কৰিয়েঃ ৰাজাৰ পৃতি সাধহঃ তবে সভাসদক অধৰ্ম্মে নাহি পাৱব॥ *॥
  • সূত্ৰ॥ কৃষ্ণৰ বাক্য শুনিয়েঃ চানুৰ বোলল॥ *॥
  • চানুৰ বোলা॥ হে কৃষ্ণঃ তুহু বোলৱঃ হামো বালকঃ তুহু কাহে বালকঃ তুহু সমবিৰ হামু কবহু নাহি পেখিঃ জে হস্তি কুৱলয়ঃ হাজাৰেক হস্তিবলঃ তাহেক তুহু মাৰলঃ তোহাক সমান বিৰ কমনে থিকঃ তুহু হামাক সঙ্গে যুদ্ধ কৰহঃ মুষ্টিক সহিতঃ বলো যুদ্ধ কৰবঃ ওঁহি অন্যায় নুহি॥ *॥
  • সূত্ৰ॥ চানুৰক বাণী শুনিঃ শ্ৰীকৃষ্ণ যুদ্ধ কৰিতেঃ চানুৰক সমূখ ভেলহঃ তদন্তৰেঃ মুষ্টিক সহিতে সঙ্কৰ্সন যুদ্ধ কৰিতে লাগলঃ তাহে পেখি নাৰিসবঃ অন্যো অন্যে সম্বুধি জে বোললঃ তা দেখহ শুনহঃ নিৰন্তৰে হৰিবোল হৰিবোল॥
গীত॥ ৰাগ মল্লাৰ॥ পৰিতাল॥
ধ্ৰুং॥
আলো সইঃ দেখো সইঃ কানাইৰ চান্দমুখ।
মধুৰ মুৰুতি স্যাম পেখি মিলে সুখ॥
পদ॥
অভাগি নাগেৰি আমি নাৰিগণ জত।
ঐচন প্ৰভুক দেখি যুদ্ধ সময়ত॥
কৰিলেক পুণ্য কিবা গোকুলৰ নাৰি।
সদায়ে দেখয় ওঁহি ইস্বৰ মুৰাৰি॥
ইসত হাসিত চান্দ মুখ দৰসনে।
এড়ায়ে বিবিধ তাপ সুখে গোপিগণে॥
ধন্যে ধন্য ব্ৰজনাৰি সাফল জীৱন।
সদা সৰ্ব্ব ভাবে থাকে গোবিন্দত মন॥
দেখন্তে সন্তোস মিলে ৰুপ মনোহৰ।
ইহাঙ্ক জুঝয় মালে বজ্ৰ সমসৰ॥
ধিক ধিক সবাকে ইহাক জিতো চাৱে।
কহে ৰামচৰণে কৃষ্ণৰ দুই পাৱে॥
  • সূত্ৰ॥ আহে সামাজিক লোকঃ ঐচন প্ৰকাৰেঃ নাৰিসব কৃষ্ণক চাহিএঃ বহুত খেদ কয়লঃ বসুদেৱ-দৈৱকি পুত্ৰস্নেহেঃ পৰম আকুল ভেল সোক-সৈল্যে পিড়লঃ শ্ৰীকৃষ্ণে ভকতক দুখ দেখিঃ মহাকোপেঃ মল্লসব সহিতে জে যুদ্ধ কৰৱঃ তা দেখহ শুনহঃ নিৰন্তৰে হৰিবোল হৰিবোল॥
পয়াৰ॥ কানড়া॥ পৰিতাল॥
চানুৰ মুষ্টিক মল্ল বিসাল।
তাহে সমে জুঝে ৰাম গোপাল॥
পদ॥
তৰ্জ্জয় অন্যো অন্যে ক্ৰোধ কৰি।
লাগিল হাতাহাতি ধৰাধৰি॥
মুষ্টিত মুষ্টি মাৰে বলে ৰাগি।
আচাৰি পেহলাই মাটিক লাগি॥
পুনুহু উঠি ভৰি ভৰি চান্দে।
হাতক হাতে মালবান্ধে বান্ধে॥
একপিণ্ড হুয়া বাগৰে পৰি।
অন্তৰে কতো হুয়া এড়াএড়ি॥
হাতত ধৰি দুয়ো দুইকো টানে।
জানুত জানু শ্ৰমে দুয়ো হানে॥
চানুৰক প্ৰতি কৃষ্ণে কুপিল।
ধৰিআ মাটিত আচাৰ দিল॥
সেহি চোটে তাৰ প্ৰাণ চুটিল।
ৰামে মুষ্টিকক চাপৰ দিল॥
চাপৰত তাৰ প্ৰাণ চোড়াইল।
দেখি ক্ৰোধে মল্ল তোসল ধাইল॥
লাথি হানি তাকো কৃষ্ণে মাৰিলা।
পাচে কুটমাল ধায়া আসিলা॥
মুষ্টি হানি ৰামে তাকো মাৰিলা।
সব মল্ল ৰাম কৃষ্ণে নাসিলা॥
ৰঙ্গে ৰামকৃষ্ণ গোপ সহিত।
নাচন্তে লোকৰ মিলে উচ্ছুক॥
মল্লবাদ্য বাৱে উস্বৱ কৰি।
নাচন্ত কৃষ্ণে তাৰ চেৱ ধৰি॥
দেখিয়া লোকৰ মিলে উচ্চৱ।
আনন্দে কৰৈ জয়কৃষ্ণ ৰৱ॥ *॥
  • সূত্ৰ॥ আহে সামাজিক লোকঃ শ্ৰীকৃষ্ণ মালসৱ মাৰিঃ পৰম কৌতুকেঃ গোপ সব সহিতঃ নৃত্য কয়লঃ দেখি লোক সবে আনন্দ কয়লঃ তদন্তৰেঃ ৰাজা কংস পৰম ক্ৰোধে বল্কিতে লাগলঃ তা দেখহ শুনহ॥
  • কথা॥ ৰাজা কংস বোলা॥ আহে হামাৰ কিঙ্কৰ সবঃ ওঁহি বসুদেৱ পুত্ৰ দুহুঃ পৰম দুৰ্জ্জনঃ হামাৰি আগে মল্লক বধ কয়লঃ আৰাক নগৰৰ বাহিৰ কৰিএ খেদায় ওঁহি পৰম কপটি বসুদেৱক সত্বৰে মাৰহঃ অহি দুষ্ট নন্দক বন্দি কৰহঃ গোৱাল সৱক নিগ্ৰহিয়ে সব সৰ্ব্বস্ব আনহঃ পৰম দাৰুণ পিতৃ উগ্ৰসেনঃ ইহাস সঙ্গি সবাকে মাৰহ॥
  • সূত্ৰ॥ শ্ৰীকৃষ্ণ কংসক বাক্য শুনিয়েঃ মহাকোপেঃ জৈচে বধ কয়লঃ তাহে দেখহ শুনহঃ নিৰন্তৰে হৰিবোল হৰিবোল॥
পয়াড়॥ ধনশ্ৰী॥ একতালি॥
কংস বাক্য শুনি কোপে কৃপাল গোপাল।
লঘিমা গুণক ধৰি তত কাল॥
পদ॥
বাউ বেগে ডেৱে উচ্চ মঞ্চত চড়িলা।
দেখি কংসে ক্ৰোধে খাণ্ডা বাৰুক ধৰিলা॥
খাণ্ডা উভি উধক বাৰুত দেই পাক।
দেখি কৃষ্ণে চাম্প দিয়া ধৰিলন্ত তাক॥
পৰিলা উপৰে তাৰ পৃথিৱীত পাৰি।
জগতৰে ভৰে তাৰ প্ৰাণ গৈল চাড়ি॥
চুলত ধৰিয়া তাক ফুৰাইলা ঘসাই।
সমাজ্যাএ হাহাকাৰ কৰে চাই চাই॥
কৃষ্ণৰ সমান ৰুপ পাইলা সিতো মৰি।
সমৰ্জ্যাৰ লোকে ডাকি বোলা হৰি হৰি॥ *॥
  • সূত্ৰ॥ শ্ৰীকৃষ্ণ মাৰিঃ পৰম আনন্দে ৰহল। তদন্তৰেঃ কংসক অষ্ট ভাইঃ ভাতৃক সোকেঃ কোপে খেদি আৱলঃ তাহে পেখি বলভদ্ৰঃ পৰিঘ ধৰিএঃ তাৰা সবক কোবাই মাৰল। কংস ৰজা সত্ৰুভাৱে সৰ্ব্বদাৱেঃ শ্ৰীকৃষ্ণক মনে ধ্যান কয়লঃ মৰি কৃষ্ণক সাৰুপ্য পাৱলঃ জে সবে ভক্তিভাৱে সেৱা কৰয়ঃ তাহেক কি কহবঃ জানি কৃষ্ণ ভকতি সাৰ কয়েঃ নিৰন্তৰে হৰিবোল হৰিবোল॥

আহে সভাসদ লোকঃ পৰম কৃপাময় শ্ৰীকৃষ্ণঃ ভকত বত্সল গুণঃ প্ৰকাশ বৱলঃ উগ্ৰসেনক সিংহাসনে বৈঠাইঃ ৰাজা পাতলঃ বসুদেৱ দৈৱকিক বন্ধন চোড়িঃ প্ৰণাম কৰিয়ে পৃতি বচন বুলিতে লাগল॥ *॥

  • কৃষ্ণ বোলা॥ হে পিতামাতঃ হামাৰ নিমিতেঃ তোহোঁ বহুত দুখ বাৱলঃ সে অপৰাধ হামাৰিঃ কেমা কৰহঃ হামো তোহাৰি পাৱে অতয়ে সাধো॥
  • সূত্ৰ॥ ঐচন পৰকাৰেঃ শ্ৰীকৃষ্ণ দুষ্টক দণ্ডিয়েঃ ভকতক দুক দুৰ কয়ল। শ্ৰীকৃষ্ণক ভকত বত্সল গুণঃ কি কহবঃ ইহা জানি কৃষ্ণ চৰণ মনে ধৰিয়েঃ নিৰন্তৰে হৰিবোল হৰিবোল॥
গীত॥ ৰাগ কৈল্যান॥ খৰমান॥
জয় জয় জগতকঃ         জনক জগজীৱন
নাৰায়ণ জগধাতা।
জগত পৰমগুৰুঃ         ভকত কল্পতৰু
নিজজন ভৱ ভয় ত্ৰাতা॥
পদ॥
সুৰাসুৰ বন্দনঃ সোহি নাৰায়ণঃ
নৰৰূপে ভৱে অৱতাৰি।
ভুমিকহোভাৰঃ সয়াল উত্তাৰিলা
দুষ্ট দৈত্যসব মাৰি॥
কুৱলয় কংসঃ দুষ্ট মল্ল মাৰিঃ
ভকত জনক কৰু ত্ৰাণ।
মাতৃ পিতৃকঃ বন্ধন চোড়ি হৰিঃ
কয়লি দুখ নিৰজান॥
জীৱ তাৰণ হেতুঃ আসি গৰুড়কেতুঃ
কৰু বহু লীলা পৰকাস।
পৰম মুৰুখমতিঃ ৰামচৰনে কহে
কৃষ্ণ পদপঙ্কজ দাস॥
  • সূত্ৰ॥ আহে সামাজিক লোকঃ শ্ৰীকৃষ্ণ কংসবধ নাম লীলা যাত্ৰা জেসবে শ্ৰদ্ধায়ে শুনেঃ শ্ৰীকৃষ্ণ চৰনে তাহেৰ ভকতি বাঢ়ৱঃ ইহাত ন্যুনাধিকঃ জে দোস হয়ঃ সোহি হৰি চুৰি বিদুৰ কৰবঃ ওঁহি কংস-বধ যাত্ৰাঃ সম্পূৰ্ণ ভেল॥
অথ মুক্তিমঙ্গল॥ ভটিমা॥
জয় জয় কৃষ্ণঃ          দেৱ আদি মূল
নাহি নাহি দেৱঃ         জোহি সমতুল॥
জোহি ৰহতঃ           হৃদি পঙ্কজ ঠাম।
সো হৰি চৰনেঃ         কৰহো প্ৰণাম॥
জগত জনক সিৱ         পুৰুস পুৰান।
মাষাগুণ তিনি         কৰু নিৰজান॥
সৃষ্টি ক্ষিতি লয়         লীলা কাৰি।
কৰতু মুকুতি নিত্য         সোহি মুৰাৰি॥
মত্স্য কুৰ্ম্ম আদি         জাকেৰি অংস।
জোহি জনম          ভেলি জদুবংস॥
দৈবকী জঠৰে         জোহি কৰু বাস।
সোহি কৰতু           নিত্য মুকুতি পৰকাস॥
চতুৰ বয়ন সুৰ         শঙ্কৰদেৱ।
জাকেৰি চৰনে         কৰতু নিত্য সেৱ॥
দৈত্য দনুজ জন         নাসন কাৰি।
কৰতু মুকুতি নিত্য         সোহি মুৰাৰি॥
জাকেৰি তনু নিল         জলধৰ ভাস।
তথি কৰু পিত         বসন পৰকাস॥
সঙ্খ-চক্ৰ-গদা         পঙ্কজ ধাৰি।
কৰতু মুকুতি নিত্য         সোহি মুৰাৰি॥
সত্য সনাতন        জাকেৰি কায়া।
জোহি অধিন         কৰতু নিত্য মায়া॥
সনক সনাতন         জাক কৰু সেৱা।
মুকুতি বিধান         কৰু সোহি দেৱা॥
ব্ৰজকুল কুমুদ         ইন্দু বনমালি।
জোহি পয়োভৰে         মৰ্দ্দল কালি॥
পুতনিক তন         সোসন কাৰি।
কৰতু মুকুতি নিত্য         সোহি মুৰাৰি॥
ধেনুক অঘ বক         কেসি বিনাসি।
ৰাখল অনুদিন        গোকুল বাসি॥
জোহি সকত         বিঘটন কাৰি।
কৰতু মুকুতি নিত্য         সোহি মুৰাৰি॥
গোপদ ৰেনু         বিভূষিত অঙ্গ।
কয়লি জোহি         ইন্দ্ৰমুখ ভঙ্গ॥
বামহাতে গিৰি        মন্দৰ ধাৰি॥
কৰুত মুকুতি নিত্য         সোহি মুৰাৰি॥
কুৱলয় কংস        কেসি মল্ল মাৰি।
মাতু পিতু জোহি         বন্ধন চোড়ি॥
জোহি জদুকুল         পালন কাৰি।
কৰতু মুকুতি নিত্য         সোহি মুৰাৰি॥
জোহি সুৰাসুৰ         নৰক বিদাৰি।
কৰু লীলা খিতি         ভাৰ উদ্ধাৰি॥
ৰিপু জুথপ জোহি         কৰু নিৰজান।
সোহি কৰতু নিত্য        মুকুতি বিধান॥
ৰুক্মিনী-ৰমন         পৃয় ৰমন ৰাম।
গোপ ৰমনিজন         পুৰণ কাম॥
জাকেৰি নামে         পাপ কেৰি নাস।
সোহি কৰতু         মুকুতি পৰকাস॥
সাল্ব শিশুপাল         জো কৰু সাতি।
মুখিন বান          জড়াসন্ধ-ঘাতি॥
পৃথিৱীক ভাৰ         কয়লি নিৰজান।
সোহি কৰতু নিত্য         মুকুতি বিধান॥
নৰহৰি মত্স্য         কুৰ্ম্ম হলিৰাম।
সিতাপতি বোধ         বৰাহক নাম।
সোহি কৰতু নিত্য         মুকুতি পৰচাৰ॥
ভো ভো সাধু         সভাসদ লোই।
কৰ সাৱধান           বচনেকু মোই॥
হৰি বিনে দেৱ         নাহি নাহি আন।
সাস্ত্ৰ বিচাৰি        দেখু পৰমান॥
ভাৰত বৰিসে         জনম নৰ কাই।
জাকেৰি বিহিবৰ        বাঞ্চি নাপাই॥
বিফলহি ঐচন         জনম গোৱাই।
বিসয় কাচক মুলে         মানিক বিকাই॥
কলি কল মস ঘোৰ         পয়োধি উতাৰ।
ভয়ো হৰি ভকতি         ধৰম পৰচাৰ॥
সকল ধৰম কহো         ৰাজা জানি।
সব কাম চোড়ি         জপহু ৰাম বাণী॥
হৰিগুণ নাম          ভকতি অনুপাম।
জাকেৰি থিক         স্বৰ্গত মন কাম॥
কয় মন থিৰ          জপহু ৰাম নাম।
মাধৱ কহ ডাকি         বোলহু ৰাম ৰাম॥