এ ফাগু খেলায় কৰুণাময় এ নন্দ কুমাৰ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

<poem>

                            ।। ৰাগঃ ভাটিয়ালী।। ৰক্ততালঃ একতাল।।
                         ধ্ৰূং|| এ ফাগু খেলায় কৰুণাময় এ নন্দকুমাৰ|
                                 দেৱৰ দুৰ্লভ কেলি ফাগুৰ বিহাৰ||
                         পদ।। ফাগু পড়ি শ্যাম তনু কৰে তিৰিমিৰি|
                                 ৰবিৰ কিৰণে যেন মৰকত গিৰি||
                                 কৰ্পূৰে কুঙ্কুমে ফাগু অতি সুবাসিত|
                                গোপ গোপী সমে খেলে হুয়া আনন্দিত||
                                 আউৰে আউৰে ফাগু মাৰে আঞ্জলি ভৰিয়া|
                                 ফাগু ৰসে নাচে হাসে কীৰ্ত্তন কৰিয়া||
                                 ফাগুৰে চৌভিতি দেখি অৰুণ বৰণ|
                                 প্ৰভাত কালৰ যেন ৰবিৰ কিৰণ||
                                 আনন্দে আকুল লোক ফাগুৰ উত্‌সৱে| 
                                 চৌভিতি পূৰয় হৰি কীৰ্ত্তনৰ ৰৱে||
                                 ত্ৰিভুবন জিনি গোপ পুৰী পৰকাশে|
                                 কহয় মাধৱ দীন হৰি পদ দাসে||