এৰে গোপীনাথ গোহাৰি কৰোহো তুৱা পাৱে
অৱয়ব
।। ৰাগঃ সুহাই ।। তালঃ যতি।।
ধ্ৰুং।। এৰে গোপীনাথ গোহাৰি কৰোহো তুৱা পাৱে।
প্ৰাণনাত সেৱক বুলিয়া কৰু দায়ে।।
পদ।। মৰি এ বিষয় বিষ পানে।
ভকতি অমিয়া মাগো দানে।।
অজ্ঞান তিমিৰে ভৈলোহো অন্ধ।
ছোৰ প্ৰভু ওহি মোহ বন্ধ।।
কহয় মাধৱ দাস দীনে।
প্ৰেম ভকতি ৰতি হীনে।।