উঠ উঠ বাপু চান্দবয়ন
।।ৰাগঃ অহিৰঃ তালযতি।।
ধ্ৰুং|| উঠ উঠ বাপু চান্দবয়ন|
যশোৱা মাৱে ডাকে ঘন ঘন||
পদ।। লহু লহু বহে মলয় বাৱ|
কোকিলে তেজে সুললিত ৰাৱ||
ৰবি পৰশন তিমিৰ নাশি|
সঙ্গহি সৱ মিলিল আসি||
দধি দুগ্ধ ঘৃত ব্যঞ্জন ভাতে|
পাঞ্চনী শিঙ্গা বেত বেণু হাতে||
গোবত্স পাল লেহু সঙ্গ কৰি|
উঠ গোষ্ঠে চল ঠাকুৰ মেৰি||
যশোৱাক বাণী শুনি হৃষীকেশ|
বালক সঙ্গে গোষ্ঠে পৰবেশ||
দীন মাধৱে কহয়ে পৰমান|
হৰি বিনে নাহি তাৰক আন||