ইন্দ্ৰযজ্ঞ ভঙ্গ আৰু গোযজ্ঞ প্ৰৱৰ্তন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
ইন্দ্ৰযজ্ঞ ভঙ্গ আৰু গোযজ্ঞ প্ৰৱৰ্তন
লেখক পদ্মনাথ গোহাঞিবৰুৱা

<poem> বাৰিষাৰ অৱসান আৰু শৰতৰ আৰম্ভণ। এই জুৰ্‌ বতৰীয়া ঋতু সলনিৰ দোমোজাত প্ৰকৃতিয়ে সাজ সলাই নিৰ্মল ৰূপ ধাৰণ কৰিছে। জীৱ-জন্তুবোৰৰ গাত স্বভাৱতে উলাহৰ ৰাগি লাগিছে। সদৌ নৰ-নাৰীয়ে নিজঞ্জলীয়া ভাবত বছৰৰ গধুৰ কৰ্তব্য কামলৈ মন মেলিছে। পৰিশ্ৰমৰ পাছত বিশ্ৰাম, আৰু বিশ্ৰামৰ পাচত পুণ্য মনস্কামৰ সাধনাৰ আয়োজনে কৰ্মক্ষেত্ৰ আৱৰি ধৰিছে। তাৰ নিদৰ্শন স্বৰূপে ওপৰত মেঘশূন্য নিৰ্মল আকাশমণ্ডল তৰাফুলেৰে জক্‌মক্‌ ; তলত প্ৰফুল্ল পদ্মফুলেৰে সুশোভিত সৰোবৰ সুস্থিৰ আৰু গম্ভীৰ। তত্ত্বজ্ঞানী যোগীৰ গভীৰ অন্তৰ তথ্যভেদী ভাবে স্পৰ্শ কৰাৰ দৰে, সুবিমল হৃদ-বিলৰ পানীয়ে যেন পাৰৰপৰা চাপ খাই গৈ কৰ্তব্য সাধনাৰ ডাঠ ভাবেৰে কুমুদক মুদাই ধৰিছে। বংশৰ মাজৰ সাধুজন গৌৰৱ বঢ়াবৰ অৰ্থে যিৰূপে আত্মীয় স্বজনে সেই গুৰিয়ালক আগুৰি ধৰে, জোনাক ৰাতিৰ জেউতি চৰাবৰ অৰ্থেও যেন সেইৰূপে তৰামণ্ডলীয়ে চন্দ্ৰক আগুৰি ধৰিছে। যোগভ্ৰষ্ট যোগীয়ে পুনৰায় যোগত তন্ময় হোৱাৰ দৰে, আৰু পাৰত উঠি জিৰোৱা ৰাজহংসই পুনঃ পানীত নামি গহীন হোৱাৰ গতেৰে, সাগৰেও যেন আত্ম-তনু ক্ষয় কৰি, বাষ্পৰূপে আকাশলৈ উঠি, তাতে মেঘ হৈ পুনঃ বৃষ্টিৰূপে পৃথিৱীলৈ নামি, আপুনি আপোনাতে মিলি প্ৰশান্ত মূৰ্তি ধাৰণ কৰিছে। যোগীয়ে যোগাগ্নিৰ সৈতে ক্লেশ দাহন কৰি যিৰূপে আপোনাৰ মন নিৰ্মল কৰে, শৰতৰ আকাশেও সেইৰূপে আপোন ৰেশ ভাৰ জেউতিৰে মেঘৰ ঢাকনি আঁতৰাই থৈ নিৰ্মল ৰূপ ধাৰণ কৰিছে। এনে সুখ-শান্তি-জিৰণিৰ পুণ্যপয়োভৰ শীতল শৰৎ ঋতুৰ আৰম্ভণত ব্ৰজৰ গোপ-গোপিনীয়ে পূৰ্বাপৰ প্ৰচলিত ৰীতি অনুসাৰে ইন্দ্ৰযজ্ঞৰ মহানু্‌ষ্ঠানলৈ বিশেষ মনোযোগেৰে আগ বাঢ়িছে। এনে ছেগতে লগৰীয়া গৰখীয়াবৃন্দৰে সৈতে পৰিবৃত হৈ ৰাম-কৃষ্ণ বয়সীয়া ব্ৰজগোপসকলৰ সেই বিষয়ক সামাজিক আলোচনা আৰু আয়োজনৰ মাজত সোমালহি।

শ্ৰীকৃষ্ণই অতি সৰলভাৱে পোন-প্ৰথমে গোপপতি নন্দৰাজত এই বুলি সুধিলে, “পিতাদেৱ ! আপোনাসকলে নো আজি এইবোৰ কিহৰ নিমিত্তে আয়োজন কৰিছে?” নন্দৰাজে এটি আনন্দৰ হাঁহি মাৰি এই বুলি সমিধান দিলে, “বোপা ! এইবোৰ আয়োজন ইন্দ্ৰযজ্ঞৰ নিমিত্তে হৈছে।” কৃষ্ণই পুনৰপি প্ৰশ্ন কৰিলে, “পিতা, ইয়াৰ নো উদ্দেশ্য কি?” সেই প্ৰশ্নৰ উত্তৰত নন্দৰাজ আৰু অন্যান্য মুখিয়াল বয়সীয়া গোপসকলে এই বুলি চমুকৈ ব্যাখ্যা দিলে, “ইন্দ্ৰদেৱতা মেঘৰ গৰাকী ; তেওঁৰ ইচ্ছানুসৰি মেঘে বৰষুণ দিয়ে ; সেই বৰষুণে ঘাঁহ বন আৰু শস্যাদিক জীপ দিয়ে ; সেই ঘাঁহ-বন খাই আমাৰ গাইবিলাকে বল-শক্তি পায় ; সেই গাইৰ গাখীৰেৰে যুগুত কৰা ক্ষীৰ, দৈ, নৱনি, মাখন, ঘিঁউ আদি সোৱাদ আৰু পুষ্টিকৰ আহাৰ খাই আমি শক্তিবান হওঁ। এতেকে, মানুহ আৰু জীৱ-জন্তু আদিৰ পৰম উপকাৰী ইন্দ্ৰ আমাৰ পৰম পূজনীয় দেৱতা। সেই কাৰণে, আমি বছৰি এই আজৰি বতৰত সেই দেৱৰাজক এভাগি ৰাজহুৱা পূজা দিওঁ। এতিয়া তাৰ নিমিত্তেই এই আয়োজন কৰা হৈছে।” সেই উত্তৰৰ প্ৰত্যুত্তৰত শ্ৰীকৃষ্ণই উপস্থিত গোপসকলক কথাৰ ছলতে এই বুলি বুজনি দিলে, “আপোনাসকলৰ এই ধাৰণাত বিশেষ ভুল ভ্ৰান্তি আছে যেন লাগে। আমি খেতিয়কো নহওঁ, বেপাৰীও নহওঁ ; আমি হাবিয়ে-বনে বসতি সলাই ফুৰা এবিধ অঘৰী জাতীয় পমুৱা মানুহ। গতিকে, খেতিৰ উপযোগী বৰষুণৰ আমাৰ বিশেষ প্ৰয়োজন নাই। এতেকে, সেই বৰষুণ দিওঁতা মেঘ আৰু তাৰ গৰাকী ইন্দ্ৰক পূজিবৰো আমাৰ বিশেষ সকাম নাই। প্ৰকৃতপক্ষে হাবি, বন, পৰ্বত, আৰু ঘাইকৈ গো-ধনহে আমাৰ পৰম উপকাৰী; আমি এইবোৰক হে পূজা কৰা উচিত। বিশেষতঃ যাৰপৰা প্ৰত্যক্ষ উপকাৰ পোৱা যায়, তাক পূজা কৰি যিমান লাভ কৰা যায়, আন কোনো নেদেখাজনক উপকাৰী ভাবি পূজিলে সিমান লাভ কৰিব পৰা নাযায়। আৰু আমাৰ পূজাৰ উপকৰণাদি যি দেখাদেখিকৈ, ভোগ কৰিব, সিহে তাৰ প্ৰকৃত গৰাকী। এতেকে, আপোনাসকলে ইন্দ্ৰযজ্ঞৰ সলনি বৃন্দাবনৰ বন-ৰজাস্বৰূপ গোবৰ্দ্ধনগিৰিক পূজা কৰক, গৰু-গাই আদিক ভালকৈ খুৱাওক-ধুৱাওক, দুখী-দৰিদ্ৰক অন্ন-বস্ত্ৰাদি বিলাওক। এই হে বিশিষ্ট পূজা। ইয়াৰপৰাহে ইহ-পৰকালত প্ৰকৃত উপকাৰ পোৱা যাব। এই জীৱলোক কৰ্মৰ দ্বাৰাই উৎপন্ন আৰু কৰ্মৰ দ্বাৰাই ঘটিব লাগিছে। কৰ্মৰ ফলদাতা যদি কোনোবা থাকে, তেওঁৱো কৰ্তাৰ অনুগামী হৈ হে কৰ্মফল প্ৰদান কৰিব পাৰে। নিজ কৰ্মানুসাৰেই যিস্থলত ফলপ্ৰাপ্তি ঘটে আৰু পুনৰাই পূৰ্বৰ সংস্কাৰ অনুসাৰেই জীৱই কৰ্ম কৰি থাকে, সেই স্থলত তাৰ অন্যথা কৰিবলৈ ইন্দ্ৰৰো ক্ষমতা নাই, আন কাৰো সামৰ্থ্য নাই। এতেকে, নেদেখা-ক্ষমতা ইন্দ্ৰৰ দ্বাৰাই মানুহৰ উপকাৰ সাধিত হব বুলি সঠিককৈ কোনোৱে ক'ব নোৱাৰে। প্ৰাণী মাত্ৰেই স্বভাৱৰ অধীন হৈ স্বভাৱানুসাৰেই কৰ্ম কৰে ; আন কি, দেৱতা আৰু অসুৰগণো স্বভাৱৰ অধীন।”

প্ৰকৃতিপ্ৰাণ নাবালক পুৰুষ শ্ৰীকৃষ্ণৰ শ্ৰীমুখৰপৰা এই জ্ঞানগৰ্ভ উপদেশ শুনি নন্দৰাজ আৰু গোপবৰ্গ স্তম্ভিত আৰু মোহিত হ'ল। এই উপদেশ বাক্যে প্ৰত্যেক গোপ-হিয়া স্পৰ্শ কৰিলে; প্ৰত্যেকেই হাতৰ কাম-বন এৰি মৌনভাৱ ধৰি তেওঁৰ প্ৰস্তাৱত সন্মতি জ্ঞাপন কৰিলে। বাস্তৱতে, শ্ৰীকৃষ্ণৰ প্ৰতি গোপবৰ্গৰ প্ৰেম, ভক্তি আৰু বিশ্বাস ইমান গভীৰ আৰু প্ৰবল যে, তেওঁৰ সেই একেষাৰ উপদেশ-বাক্যেই গোপসকলৰ আন্তৰিক ধৰ্মভাৱ আৰু পূৰ্বপুৰুষৰ পৰা চলি অহা ৰীতি-নীতি লুটিয়াই পেলালে ; সিবিলাকে মহোল্লাসেৰে হাতত লোৱা ইন্দ্ৰযজ্ঞৰ আয়োজন ততালিকে সলাই তাক গোৱৰ্দ্ধন-গিৰি-পূজালৈ আগ কৰিলে আৰু সেই অনুসৰি মহা আড়ম্বৰেৰে গোৱৰ্দ্ধনগিৰিত 'গোযজ্ঞ' নামে প্ৰকৃতি-পূজা আৰম্ভ হ'ল। তাৰ পাচৰপৰা সেই উদ্দেশ্যে গৰু-গাই আৰু দুখী-দৰিদ্ৰ আদিক পাৰ্য্যমানে খুউৱা-ধুউৱা সাধু-শুশ্ৰূষা, পশু-সেৱা আদি ৰীতি পালন কৰা হ'ল। সেই অনুসৰি, একেৰাহে তিনিদিন-তিনিৰাতি গোপ-গোপিনী আৰু সিবিলাকৰ ল'ৰা-ছোৱালী সমন্বিতে সদৌ ব্ৰজবাসী বিচক্ষণীয়া গিৰি-গোবৰ্দ্ধনৰ পদত সমবেত হৈ আনন্দ-উৎসৱত আপোন-পাহৰা হ'ল। শ-শকৈ ছাগ-বলি, মেৰা-বলি, চেঁউৰি-গাই-বলি আৰু ম'হ-বলি মাখন, ঘিঁউ, ক্ষীৰ, ননী, মিঠৈ আদি যুগুত কৰা হ'ল ; সেই তিনিও দিনত যাৰ যি ইচ্ছা মনৰ জোখাই ভোজন কৰি পৰিতুষ্ট হ'ল। লালীকৈ তিনি ৰাতি বিবিধ নাচ-গীত আৰু নানা তৰহৰ ৰং-ধেমালিত সদৌ ব্ৰজবাসী আপোন-পাহৰা হ'ল। ৰাশি ৰাশি পূজাৰ নৈবেদ্য গোৱৰ্দ্ধনৰ পদত অৰ্পণ কৰা হ'ল ; প্ৰকৃতি নন্দন গোৱৰ্দ্ধনৰ বক্ষত অযাচিতে প্ৰতিপালিত প্ৰকৃতিসন্তান বান্দৰ, ভালুক, হৰিণা ম'হ মেঠোন, ম'ৰা-মৈৰা বগ-বগলী, চাকৈ-চকোৱা, কৰ্চ্চন প্ৰভৃতি বিবিধ পশু-পক্ষীয়ে এই নৈবেদ্য পাৰ্যমানে ভোগ কৰি প্ৰত্যক্ষৰূপে প্ৰকৃতিৰ উদৰ পৰিপূৰ্ণ কৰিলে। ইফালে, ভোজন সমাপন কৰি আনন্দ-উৎসৱত উৰুলীকৃত হৈ ল'ৰা-ছোৱালীবিলাকে হাতে-হাতে ধৰা-ধৰি কৰি মণ্ডলাকাৰ হৈ নাচোন ধৰিছে; বোৱাৰী-জীয়াৰী গৃহিণী-গোপিনীবৰ্গে জাঁত-জাঁতকৈ নাম-কীৰ্তনৰ সুৰত গছৰ পাত খিলি-খিলিকৈ নচুৱাইছে; গোপবিলাকৰ ঐক্যতানৰ হৰি-সংকীৰ্তনৰ হৃদয়গ্ৰাহী ৰাগ-ৰাগিনী গগন ভেদি উধাইছে; ঢোল-খোল মৃদঙ্গাদি বাদ্য আৰু হিয়াভেদী শঙ্খ-ধ্বনিয়ে গোৱৰ্দ্ধনগিৰিৰ গাত প্ৰতিধ্বনি তুলিছে; ধূপ-দীপৰ গোন্ধেৰে পৰিমাৰ্জিত হৈ পূজা মন্ত্ৰোচ্ছাৰণৰ মোহিনী সুৰত বিমুগ্ধ মানৱাত্মা তন্ময় হৈছে! এনে আনন্দৰ উলাহত ভাঁহি গীতিকণ্ঠ বংশীবদন শ্ৰীকৃষ্ণই মোহন-মুৰুলী বাদনেৰে সমৱেত মানৱ মণ্ডলীৰ হিয়াত আত্ম-মন-প্ৰাণ নচুৱাবলৈ ধৰিলে ; সেই পূজা-প্ৰসঙ্গীয়া আনন্দৰ সাগৰত উলাহৰ ঢৌ তুলি কৃষ্ণবেণু কেন্দ্ৰৰূপে বাজিবলৈ ধৰিলে। — মৰ্ত্যৰ বৃন্দাবন স্বৰ্গৰ অমৰাৱতী যেন বোধ হ'ল!

শেহদিনা, পূজা-সামৰণত, জগন্মোহন শোভাযাত্ৰা হ'ল। গোপ-গৰখীয়াবৃন্দে নিজ নিজ গৰু-গাই মাহ-হালধীৰে সৈতে নোৱাই-ধুৱাই কপালত ৰজিতা খোৱা মাহৰ ফোঁট দি, শিঙ্গত হালধীৰ ৰহণ সানি, ডিঙ্গিত মাখিয়তীৰ মালা পিন্ধাই, হাতেপতি একোডালি দিগ্‌লতিৰ এছাৰি লৈ গোৱৰ্দ্ধন-যাত্ৰাৰ অৰ্থে সাজু হ'লহি; গোপ-গোপিনীবিলাকে সাঁচতীয়া সাজ-পাৰ পিন্ধি-উৰি উলাহেৰে ওলাই আহি উপস্থিত হ'লহি ; গৰখীয়া-বাহিনীয়ে কৃষ্ণবেণুৰ চেৱে-চেৱে ঠেও ধৰি নাচোন ধৰিলেহি। এনেতে, গুৰি-ধৰা হলধৰৰ ৰামশিঙা বাজি উঠিল— শ্ৰীকৃষ্ণ-পদ অনুসৰণ কৰি সুসজ্জিত গৰু-গাইৰে সৈতে সমবেত ব্ৰজবাসীয়ে গোবৰ্দ্ধনগিৰি প্ৰদক্ষিণ কৰি বিৰাট শোভাযাত্ৰা আৰম্ভ কৰিলে। কি যে চকুজুৰোৱা হৃদয়গ্ৰাহী দৃশ্য ! — দহ বছৰীয়া এটি নাবালক নেতাৰ অনুগামী শত সহস্ৰ আবালবৃদ্ধ বনিতা নৰ-নাৰীৰ উলাহিত শোভাযাত্ৰা! শ্ৰীকৃষ্ণ আজন্ম সমাজ নীতিজ্ঞ আদৰ্শ পুৰুষ। শিশু কৃষ্ণৰ স্বাভাৱিক ভোজন-প্ৰণালীয়ে ব্ৰজৰ গোপীনিক দেহ-গঠনৰ শিক্ষা দিছিল। চালুকীয়া কৃষ্ণৰ চলন-ফুৰণ অনুসৰণ কৰি সিবিলাক পৰিচালিত হৈছিল। চেঙ্গেৰা কৃষ্ণৰ নেতৃত্ব মানি গৰখীয়া-বাহিনী গঠিত হৈছিল। চেমনীয়া কৃষ্ণৰ উপদেশ মানি সদৌ বৃন্দাবনবাসী ধৰ্ম-অনুষ্ঠানাদিত একাগ্ৰচিতীয়া হৈ চলিছিল। শ্ৰীকৃষ্ণৰ যৌৱন আৰু আদহীয়া বয়সত সমস্ত ভাৰতে তেওঁক জগত-গুৰু নেতাৰূপে মানি ৰাজনৈতিক ক্ষেত্ৰত অৱতীৰ্ণ হৈছিল।