আলো ম‍ই কি কহবো দুঃখ

ৱিকিউৎসৰ পৰা


ৰাগ : ভাটিয়ালী

ধ্ৰুং ॥ আলো ম‍ই কি কহবো দুঃখ ।

পৰাণ নিগৰে নেদেখিয়া চান্দ-মুখ ॥


পদ ॥ কত পুণ্যে লভিলো গুণেৰ নিধি শ্যাম ‌।

বঞ্চিয়া নিলেক নিকৰুণ বিধি বাম ॥

শ্যাম কানু বিনে মোৰ ন ৰহে জীৱন ।

হাঁ শ্যাম বুলিতে আকুল কৰে মন ॥

দিৱস ন যাই সুখে ন যাই ৰয়নী ‌।

চান্দ চন্দন মন্দ পৱন বৈৰিণী ॥

কোথা যাওঁ কোথা থাকোঁ কিবা কৰে মন ‌।

কানাইৰ নেওছনি দিও সবে বন্ধু জন ॥

শ্যাম বন্ধু বিনে জীৱনত কিবা কাজ ।

বিৰহ-অনল জ্বলে হৃদয়ৰ মাজ ॥

নজানো দাৰুণ বিধি কি কৰে বিপত্তি ।

কহয় মাধৱ ৰাঙ্গা পদে মোৰ গতি ॥