আলো ভাই গোকুলে আনন্দ জয় জয়
।।ৰাগঃ ভাটিয়ালী ।। ৰক্ততাল।।
ধ্ৰুং|| আলো ভাই গোকুলে আনন্দ জয় জয়|
মিলিছে পৰম মহোদয়||
পদ।। যিটো নিগমেৰ গুপ্ত বিত্ত|
হেন হৰি গোকুলে বিদিত||
শুনিতে কৌতুক অনুপাম|
ব্ৰক্ষ্মেৰ বৰণ ঘনশ্যাম|
পৰমাত্মা যিটো লক্ষ্মীপতি|
হুয়া আছে গোপেৰ সঙ্গতি||
মিলিছে বৈকুণ্ঠ মহোত্সৱ|
সদায়ে আনন্দ হৰি ৰব||
গোকুলেৰ ভাগ্যেৰ মহিমা|
কেবা কহি কৰিবেক সীমা||
কহয় মাধৱ মুঢ় মতি|
হৰি পাদপদ্মে মোৰ গতি||