আলোমাই গালি তুমি নাপাৰিবা মোৰে
।। ৰাগঃ ভাটিয়ালী।। একতাল।।
ধ্ৰুং।। আলো মাই গালি তুমি নাপাৰিবা মোৰে।
যত অপমান মোৰে দিয়া আছা বাৰে বাৰে
ভালে আমি সৈয়া আছোঁ তোৰে।।
পদ।। কোন চাৰ পুৰাতন সে কড় দুইৰ ধন
কলসী ভাঙ্গলো দেখি ৰাগে।
ইবাৰ নৰৈল মোৰ যেন পায়া খাটচোৰ
বান্ধিলা গৰুৰ লৈয়া পাগে।।
এই অপৰাধ খানি নসৈলা নন্দেৰ ৰাণী
আৱৰ সহিবা তুমি কি।
তোমাৰ লক্ষণ দেখি জগতে জানিলে তুমি
যেন বৰ মানুষৰ জী।।
তপ জপ যজ্ঞ যত নাহি দান পুণ্য ব্ৰত
আছিলা জনম আণ্ঠুকুৰি।
আমি পুত্ৰ হুয়া আসি সে দোষ কৰিলো দূৰ
আৱে কৰা আমাত চাতুৰী।।
অতি নিদাৰুণ জানি যুবাকালে নুপজিলো
বৃদ্ধকালে পুত্ৰ ভৈলো এথা।।
সামান্য নাৰীয়ো জানে বৃদ্ধ হয়া নাজানিলা
আপোন পুত্ৰেৰ দায়া ব্যথা।।
জগত ঢাকিয়া ঘোৰ দুৰ্যশ থাকিল মোৰ
নাকৈলা আমাৰ কোন কাম।
যত উপকাৰ গুণ সকলে ঢাকিয়া দিলা
আমাৰ লৱণু চোৰ নাম।।
ৰাজাৰ কুমাৰ হৈয়া গৰু চাৰি খাওঁ ভাত
দুৰ্গম সংকটময় বনে।
তথাপিতো আমি ভাল বোলাইবাক নপাৰিলো
আৰ ভাল বোলাইবো কোনে।।
সহিয়া থাকিলে ভাল সকল জগতে বোলে
উচিত কহিতে লাগে দ্বঙ্গ।
যত বোল মাত মানে সকলো শুনিলো আমি
ততাপিতো আমি ভৈলো মন্দ।।
অপমান সহিবাক নপাৰি পলায়া যাইবো
কংসৰ নগৰ মধুপুৰ।
আমাক নাপায়া লাগ কান্দিয়া মৰিবা পাচে
সকলো ভাৱনা হৈব চুৰ।।
যাহাৰ মায়াৰ অন্ত ব্ৰহ্মা হৰে নাপাৱন্ত
হেন হৰি চাতুৰী খেলাই।
কহয় মাধৱ প্ৰভু! আৰু কিছু নুবুলিয়ো
তোমাৰ জননী দুঃখ পায়।।