আমি কৰিব লাগিব পৃথিৱী

ৱিকিউৎসৰ পৰা

আমি কৰিব লাগিব পৃথিৱী আলোকময়....


    জ্ঞান-বিজ্ঞানৰ

        সকলো ধৰ্ম্মৰ


নানা আদৰ্শৰ        নানা বিভেদৰ

     কৰিব লাগিব মহান সমন্বয়,


মহামহত্বৰ বিৰোধী আসুৰী

    সকলো শত্ৰু কৰিব লাগিব জয় ৷


এই পৃথিৱীলৈ আনিব লাগিব

    মহত্বৰ মহাজয়,

কৰিব লাগিব গোটেই জগত

    অমৃত, আনন্দময় ৷


মানুহ ফুলিব লাগিব বিকশি

    কৰিব লাগিব বিশ্বখনকে

        স্বৰগী সুৰভিময় ৷


জয় হওক পোহৰৰ জয়

    জয় হওক মানৱৰ মহত্বৰ আদৰ্শৰ জয়


চিৰমঙ্গলৰ, চিৰকল্যানৰ

জগতৰ এই মহাবিকাশৰ

        হওক যুগে যুগে জয়

        চিৰসুন্দৰৰ জয় ৷৷