আমালৈ নেপাহৰিব

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
আমালৈ নেপাহৰিব
লেখক লক্ষ্মীনাথ বেজবৰুৱা
সাধুকথাৰ কুঁকিৰ গল্প
প্ৰথম আধ্যা


"আগলি কলাপাত লৰে কি চৰে।
চিলনী আই মোৰ আগতে পৰে।।"


বিনাই-গোৱা এই গীতটি বহুত দূৰৰ পৰা বতাহৰ বোকোচাত উঠি আহি মোৰ কাণত পৰিল, মই চমকি উঠিলো। চমকি উঠিবৰ কথাই; অসমত হলে একো কথাই নহয়, কিন্তু কলিকতাৰ গঙ্গাৰ পাৰৰ পৰা নিজন দুপৰীয়া অসমীয়া ভাষাৰে, অসমীয়া বিনোৱা সুৰেৰে কোমল অসমীয়া মাতেৰে এনে নাম, গঙ্গাৰ বুকুত নাৱৰ ওপৰত আকাশলৈ চাই উটি যোৱা ক্ষুদ্ৰাতিক্ষুদ্ৰ অসমীয়া প্ৰাণী এটিৰ কাণত পৰি মনত কেনে ব্যাকুলতা বিষাদ হৰ্ষ আৰু অনুসন্ধিত্সাৰ ঢৌ তুলি দিয়ে, তাক আনে সতকাই সম্পূৰ্ণৰূপে অনুভৱ কৰাটো টান। যাবলৈ আহিছিলো শিবপুৰৰ বটানিকেল গাৰ্ডেনলৈ; কিন্তু সম্প্ৰতি সেই ফালে যোৱা স্থগিত ৰাখি নাৱৰীয়াহঁতক বেগাই সেই মাতৰ ফালে নাও বাই নিবলৈ আদেশ কৰিলো। চিটাগাঞা কলিকতীয়া নাৱৰীয়াই মোৰ অদ্ভুত আদেশ শুনি বেবেৰিবাং বৰ শাস্ত্ৰ মেলিবলৈ ধৰোতেই মই মহাবীৰ কৰ্ণৰ নিচিনাকৈ সময়ৰ শৰ নেপাহৰি বাকব্যয় নকৰি ছয় অনাৰ ওপৰত আৰু ছয় অনা নাৱৰ কেৰেয়া বঢ়াই দি চুঙা চাই সোপা দিলো; নাও সেই নাৱৰ বাটত বটীয়া ধৰি কাঁড় যোৱাদি যাবলৈ ধৰিলে।

দ্বিতীয় আধ্যা


এটা আওহতীয়া ঘাটত নাও লাগিলহি। হাঠাত্ কৰবাৰ পৰা নাও এখন আহি চপা দেখি, সেই ঘাটতে বহি পানীৰ সোঁত চাই বিনাই ওপৰত কোৱা নাম গোৱা চৈধ্য পোন্ধৰ বছৰীয়া বগী শুৱনী মাৰ্কিন কাপোৰৰ মৰুৱা শাড়ী পিন্ধা ছোৱালী এজনী অপ্ৰস্তুত হৈ উঠি লৰ মাৰিবলৈ ধৰোঁতেই মই অসমীয়া মাতেৰে মাত লগালো--"আইটি ৰবা অলপমান নপালাবা!" অকস্মাত্ আকাশীবাণীৰ নিচিনা অসমীয়া মাতেৰে কথা শুনি ছোৱালীজনী টভক্ মাৰি ৰল! ওচৰ চাপি গলো।

মইঃ আইটি তুমি কৰ পৰা আহিছা?
ছোৱালী নিৰুত্তৰ।
মইঃ আইটি কোৱাঁ, ভয় নেখাবা। তুমি অসমীয়া মানুহনে কি?
ছোৱালীঃ ওঁ।
মইঃ তুমি অসমীয়া! তুমি কেনেকৈ এইখিনি পালাহি? তোমাৰ লগত আৰু কোন আছে?
ছোৱলীঃ"এৰা মই অসমীয়া। মোৰ লগত কোনো নাই। আপুনিনো কোন? আপুনিও আমাৰ দেশৰে মানুহ নে কি"

তৃতীয় আধ্যা


ছোৱালীঃ মোৰ দুখৰ বাতৰি দেউতা, কি শুনিব কি কম। আমাৰ ঘৰ শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ গাঁৱত। মোৰ আই বাঁৰী। মই বাঁৰী আইৰ একেজনী ছোৱালী। বোপাই সৰুতে মৰিল। মোৰ বোপাইক দেখা মনত নপৰে। সৰুৰে পৰা আয়ে মোক বুকুত বান্ধি লৈ চৰাই পোৱালিক টোপ খুওৱাদি খুৱাই ডাঙৰ দীঘল কৰিলে। যোৱা বহাগ মাহত মোক আয়ে বিয়াদি জোঁৱায়েকক পো বুলি ঘৰতে ৰাখিছিল। দুমাহ এইদৰে আমি আইৰ পাখিৰ তলতে আছিলো। পাছে "তেওঁ" শহুৰ শাহুক এবাৰ চাব লাগে বুলি আইক কৈ মোক লৈ কিছুমান দিনৰ মূৰত পানীয়ে বামে আহি এইখিনি পালেহি। এতিয়া শুনিছোঁ বোলে এইখন বঙ্গালৰ দেশ, কিবা হেনো কলিকতা। "তেওঁৰ" ঘৰ ইয়াৰ ওচৰতে হেনো কেনিবা। আগেয়ে "তেওঁৰ" ঘৰ বঙ্গালৰ দেশৰ ওচৰতে বুলি জনাহেঁতেন আয়ে মোক নপঠিয়ায়। "তেওঁ" ওচৰতে বুলি কৈছিল। ইয়াতো তিনি চাৰি দিন মান থাকি "তেওঁ" মোক এদিন ক'লে বোলে "মই নগৰৰ পৰা কিবা অলপমান বস্তু কিনি লৈ আহোঁ, আই-বোপাইৰ ওচৰলৈ শুদাহাতে যোৱাটো বেয়া; তুমি ইয়াতে থাকাঁ, মই গধূলিলৈ আহি তোমাক আমাৰ ঘৰলৈ লৈ যামহি।" মোক অকলে ইয়াতে এৰি থৈ যাব শুনি মই ভয়ত কান্দিবলৈ ধৰিলো। মোৰ কান্দোন শুনি এই ঘৰৰ বাবু এজন আহি মোক ভয় নাখাবলৈ কৈ ভালেমান বাং-বাং-বিং-বিং কৈ কিবা-কিবি বুলিলে। তেওঁ গুচি গ'ল। যাবৰ সময়ত তেওঁৰ ভৰিত দীঘল দি পৰি ক'লো, "সোনকালে উভতি আহিবা, মোৰ অকলে থাকিবলৈ বৰ ভয় লাগে।"- কিন্তু আজি পোন্ধৰ দিন হ'ল, "তেওঁ" আৰু উভতি নাহিল। নিতৌ বাটলৈ চাই থাকোঁ, "তেওঁক" আৰু দেখা নাপাওঁ। গোঁসায়ে জানে তেওঁৰ কি অথান্তৰ মিলিল। নহ'লে "তেওঁ" কেতিয়াও নহাকৈ নেথাকিলহেঁতেনে। তেওঁ যোৱাৰ দিনৰে পৰা এই ঘৰৰ বাবুজনে আৰু আন আন মানুহে নানা বেয়া কথা কৈ মোক অপমান কৰিছে। আজি শুনিছোঁ বোলে মোক হেনো অলপতে ধেঙৰ কুলি কৰি কোনোবা সাত সাগৰৰ পাৰলৈ পঠিয়াব। মই আৰু "তেওঁক" দেখিবলৈ নাপাওঁ। মোৰ আইক দেখিবলৈ নাপাওঁ! মোৰ অবিহনে মোৰ আইৰ কি গতি হ'ব। তাহানি আইৰ মুখে সাধু-কথাত শুনিছিলো বোলে চিলনী-জীয়েকে দুখ পালে মাকক আগলি কলাপাত লৰে কি চৰে, চিলনী আই মোৰ আগতে পৰে, এই বুলি বিনাই মাতিলে মাক ক্ষন্তেকতে আগতে পৰেহি। কথাটো শুনি মই মোৰ আইক সুধিছিলো, "আই, আগলৈ মই দুখত পৰিলে তোক এইদৰে মাতিলে তই মোৰ আগতে আহি পৰিবিহিনে?" আয়ে কৈছিল, "পৰিম তো মোৰ আইকণ তোৰ আগতে, তই দুখত পৰি মাতিলে।" আজি সেই দেখি চিলনী-জীয়েকৰ দৰে ময়ো বিনাই আইক মাতিছিলো এই দুখৰ কালত। আইৰ বদলি আপুনি মোৰ আগতে পৰিলহি, আপুনি মোৰ ঈশ্বৰ। নিশ্চয় আপোনাক মোৰ আয়ে মোৰ বিননি শুনি মোৰ ওচৰলৈ পঠিয়াই দিছে। দেউতা ঈশ্বৰ মোক উদ্ধাৰ কৰক। মোক মোৰ আইৰ হাতত পাৰে যদি পেলাই দিয়ক মোৰ দেউতা।
এই কেষাৰ কথা কৈয়ে ছোৱালীজনীয়ে উচুপি উচুপি কান্দিবলৈ ধৰিলে। মোৰও শুকান চকুত ঢল আহিল।

চতুৰ্থ আধ্যা


ইয়াৰ পাছত কি হ'ল, কি কৰা গ'ল, কবলৈ গ'লে আত্মশ্লাঘা কৰা হয়; সেই গুণে সেইবিলাক বিবৰি নকৈ মুঠতে কওঁ যে মহাৰাণীৰ নিৰপেক্ষ আইনৰ সাহায্য লৈ নিঃসহায় অভাগিনীক গাৰ্ডেনৰিচৰ কুলি ডিপোৰ পৰা অতি কষ্টে উদ্ধাৰ কৰি স্বদেশলৈ পঠিয়াই দিয়া হ'ল। মাকে হেৰোৱা-ধন আকৌ পাই আনন্দত ঈশ্বৰৰ চৰণত কৃতজ্ঞতা-ফুল আজলিয়ে আজলিয়ে দিবলৈ ধৰিলে। জীয়েকেও মাকৰ স্নেহ-ৰসেৰে ভৰপূৰ বুকুত মূৰ সুমাই সুখেৰে আকৌ শুবলৈ পাই হাতেৰে স্বৰ্গ ঢুকি পালে। কিন্তু তুঁহ-জুইৰ নিচিনা একুৰা শোকৰ জুই সদাই তেওঁৰ মনত জ্বলিবলৈ ধৰিলে যে "মোৰ স্বামী নাহিল! তেওঁৰ নাজানো কি দশা হ'ল।"

কিছুদিনৰ মূৰত এদিন হাঠাতে স্বামী মহাশয়ক হাতত শিকলি লগাই পুলিচে মাক-জীয়েকৰ আগত হাজিৰ কৰিলে। মেকুৰী জোলোঙাৰ পৰা ওলাল, সবিশেষ বৃত্তান্তও তাৰ লগে লগে ওলাই পৰিল। "তেওঁ" মহাশয় এজন উৰিষ্যা দেশৰ ব্ৰাহ্মণ পাণ্ডা। জঁগন্নাথৰ গদাধৰ পাণ্ডাৰ গোমস্তা বুলি কৈ তেওঁ গাঁৱত সোমাই অসমীয়া গাঁৱলীয়া মানুহৰ লুটি-পুটি খাই সৰ্ব্বস্বান্ত কৰি ফুৰিছিল। এইদৰে ফুৰি তেওঁ অসমীয়া কবলৈ শিকিলে। পাহ-কটা তিনি-খলপীয়া চুলি আৰু এমোকোৰা তামোলৰ মুখেৰে অসমীয়াৰ লগত অসমীয়া হৈ যাবলৈ আমাৰ উড়িয়া ভাইহঁতৰ পক্ষে যে কিমান উজু ব্যাপাৰ তাক সকলোৱে অপ্ৰয়াসে বোধগম্য কৰিব পাৰে। আমাৰ গাঁৱে গাঁৱে সোমাই অসমীয়া বুলি পৰিচয় দি মোৰ অমুকত ঘৰ অমুকত বাৰী, এইদৰে কৈ, কোনো কোনো ভোদা অসমীয়া মানুহক ভুৰুকিয়াই ঘৰ জোঁৱাই চাপি আজলী অসমীয়া ছোৱালী ফুচুলাই লৈ আহি কলিকতাৰ ডিপোত বেচি থৈ গুচি যোৱা ব্যৱসায় আমাৰ এই বহুৰূপী পাণ্ডা মহাশয়ে ধৰিছিল। এইবাৰো এই বাঁৰীৰ জীয়েকক এনে ফান্দি কৰি কলিকতাত এৰি থৈ গৈ ৰং মনে আকৌ অসমত নতুন পহু ধৰিবলৈ নতুন জাল পাতিবৰ চেষ্টাত থাকোঁতেই ঈশ্বৰৰ ইচ্ছাত কলিকতাৰ পুলিচে লুটিয়াই তেওঁক ডাঙৰ জালত পেলাই অনুগ্ৰহ কৰি ধৰি বৰফাটেকত সুমাই থ'লে।

সামৰণি


এই ঘটনাৰ কিছু দিনৰ পাছত এদিন, বাট পাহৰিয়েইনে কি, কোঁৱৰপুৰৰ সেই বাঁৰীৰ বহাত ওলাইছিলোগৈ। নানা কথা বাৰ্তাৰ পিছত বিদায় লৈ উঠি আহিবৰ সময়ত সেই ছোৱালীজনীয়ে চকুৰ লো টুকি মোৰ মুখলৈ চাই ক'লে, "আমালৈ নেপাহৰিব!" ইমান দূৰত ইমান সময় আৰু স্থানৰ ব্যৱধানত আছোঁ, তথাপি আজিও থাকি থাকি মোৰ কাণৰ বিন্ধাত বাজি উঠে "আমালৈ নেপাহৰিব।"


(লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পৰ দ্বিতীয় সংকলন, সম্পাদনা আৰু সংকলন-হৃদয়ানন্দ গগৈ, প্ৰকাশক-নগেন শৰ্মা,প্ৰথম প্ৰকাশ-১৯১০ চন, জ্যোতি প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-১)