আনন্দে গোবিন্দে বায় বৃন্দাবনে বেণু
অৱয়ব
(আনন্দে গোবিনন্দে বায় বৃন্দাবনে বেণুৰ পৰা পুনঃনিৰ্দেশিত)
- ।।ৰাগঃ আশোৱাৰী।। তালঃ পৰি।।
- ধ্ৰু।। আনন্দে গোবিন্দে বায় বৃন্দবনে বেণু।
- ৰূপে ভুৱন ভুলে, ৰহিয়া কদম্ব মূলে,
- কালিন্দী তীৰে ৰাখে ধেনু।।
- ধ্ৰু।। আনন্দে গোবিন্দে বায় বৃন্দবনে বেণু।
- পদ।। গোপশিশু সঙ্গে চলে শিৰে শিখণ্ডক দুলে
- কৰ্ণে কুণ্ডল গণ্ড লোলে।
- কেয়ুৰ কঙ্কণ কৰে উৰে মনমালা লুলে
- মধুৰ মধুপ মধু ভুলে।।
- কটি কাঞ্চী কিঙ্কীণী বাজত ৰিণি ঝিণি
- শ্যামতনু শোভে পীতবাসে।
- বাম-কাষে শিঙা বেত অৰুণ পঙ্কজ নেত্ৰ
- কণ্ঠে কৌস্তুভ পৰকাশে।।
- ত্ৰিভঙ্গ ললিত হাস কৰু হৰি ভ্ৰূৱ ভাস
- দৰশিয়া লীলা বিলাসে।
- চৰণে মঞ্জীৰ ঝুৰে উচ্চায়া পঞ্চম পুৰে
- শঙ্কৰে কহ অভিলাষে।।
- পদ।। গোপশিশু সঙ্গে চলে শিৰে শিখণ্ডক দুলে