অ’ পৃথিৱী, শিল্পীক তই

ৱিকিউৎসৰ পৰা

অ’ পৃথিৱী, শিল্পীক তই

মৰমকে কৰা নাই

আদিৰ পৰা অনাদিলে’

শিল্পীদলেই

মনে প্ৰাণে

আশাশুধীয়া চেনেহৰে

তোক যে ভাল পায় ৷


নিজৰ তেজত বৰণ মাৰি

সাধনাৰে মন্ত্ৰ জাৰি

ভোক পিয়াহো কাতি কৰি

তোৰ মুখনি ধুনীয়া কৰি যায় ৷


আন আশা তাৰ কি আছে বাৰু

সি হৈ থাকে সৰুৰো সৰু

তোক, শুৱনী কৰাৰ আনন্দৰেই জীৱন

ওপচায় ৷


জীৱনাজীৱন মৰম বিচাৰি দুৱাৰে দুৱাৰে ফুৰে

অনীহা অৱহেলাকো নেউচি তোৰ মৰমতে মৰে ৷


মন্বন্তৰৰ মাজেদি আহিলোঁ

কত কথা কলো মোৰ

ভগা নাই কিয় বৰ্ব্বৰ তন্দ্ৰা তোৰ ?


অ’ পৃথীৱী তোৰ

ভুলৰে ওপৰে ভুল

সেইহে হৈয়ো ইমান শুৱনী

শান্তি বিচাৰি বলিয়া বিয়াকুল ৷


অতদিনে তই কতনাজনৰ

শুনিলি বতৰা, যেয়ে যি জানে


আজি শুন তই

হৃদয় মনৰে

কি কথা কয়

ঘোষে কাৰ জয়

নৱতম মোৰ শিল্পী প্ৰাণে ৷