অৱশেষ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
অৱশেষ
লেখক লক্ষ্মীনাথ বেজবৰুৱা
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.

ফুলিল মালতী, ফুলি সৰি পৰি গল,
বিলোৱা সৌৰভ মাত্ৰ জগতত ৰল।
ভাগি গল বীণখনি, ছিগি গল তাঁৰ,
ৰই গল অৱশেষ অমিয়া জোকাৰ।

পঞ্চত্বত লীন হল তৰুণী সুন্দৰী,
মধুৰ হাঁহিটি মাথোঁ থাকি গল পৰি।
মাৰ গল দ্বিতীয়াৰ জোনৰ জীৱন,
থাকি গল মধুৰতা কিৰিশ কিৰণ।

সন্ধিয়াৰ ধীৰ বায়ু ধীৰে গল বলি,
মৃদুল হিল্লোল ৰল হৃদয় আকুলি।
আকাংখাৰ অধীৰতা, উদ্বেগ হিয়াৰ
বাসনাৰ অতৃপ্ততা, আশাৰ নিকাৰ।

লাহে লাহে আঁতৰিল, ৰ'ল প্ৰতিধ্বনি
সুৱাগ সমল গল, থাকিল বিননি।
ধন গল, জন গল, গল কায়ক্লেশ,
সুখ্যাতি অখ্যাতি ৰল, আত্মা অৱশেষ