অৰ সখি কহ কহৰে
অৱয়ব
।। ৰাগঃ শ্ৰী।। একতাল।।
ধ্ৰুং|| অৰ সখি কহ কহৰে, হামাৰ জীৱন ধন, কোন
পন্থে গেল মধাই| মদন বিৰহ আগি, শৰীৰ দহয়
ৰে তিলেক নাদেখি জীৱ যাই||
পদ ।। চান্দ বয়নে হৰি মুৰুৰী বজাৱে ৰে
মধুৰ সুস্বৰ ৰস গায়||
সুন্দৰ নয়ন হেৰি নন্দসুত চলেৰে
হামাৰ জীৱন লেহি যায়||
কামে চঞ্চল তনু মদন জিনিয়াৰে
পঞ্চম পূৰিয়া ৰস ভোলে|
প্ৰেমে ব্যাকুল সৱ ব্ৰজৰ ৰমণী ৰে
দীন মাধৱ দাসে বোলে||