অসম আই

ৱিকিউৎসৰ পৰা

শ্যাম বৰণীয়া অসম আই ধুনীয়া
ভাৰতৰ নুমলি জী
বীৰ সন্তানকে কোলাত লৈ তুলিলে
আজি তোৰ বিলাই কি?
গছৰে ডালতে কুলি কেতেকীয়ে
আজিও আৰতি গায়;
তোৰে পো-জীয়াৰী কানীয়া-ভঙুৱা
তোকে যে নোবোলে আই।
সোণালী পথাৰত ধানে যে হাঁহিছে
ভৰিৰ পৰৰে ঘৰ;
তোৰে যে সন্তান নিছলা হজুৱা
হাড়ে ছালে কলেৱৰ।
পৰ পদাঘাত কতনো সহিবি
ৰাঙলী লৱনু গাৱ;
তোৰ যে দুখতে হিয়া মোৰ ৰাঙলী
হেৰ মোৰ হাৰলী মাৱ।
ইননি বিননি শোকতে কান্দিলি
হিয়া মোৰ সুলকি গ’ল,
হিয়াতলি ভদি তপত শোণিত
বই বই শেষ হ’ল।
কৰুণা মূৰতি এৰি ভাগৱতী
শকতি ৰূপকে ধৰ;
হাজাৰ বিজাৰ তোৰে সন্তান
লভোক হেৰোৱা বল।
ধনে ধানে তোৰ উপচি পৰোক
বীৰ সন্তানৰ দল
হিয়াৰ তেজেৰে বাজোক সদায়
তোৰে চৰণৰ তল।