পৃষ্ঠা:অনিমা গুহ.pdf/৩৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ব্যৱহাৰ নকৰিলেও হয়।

 কলকাতাত অৱশ্যে মই নিজৰ নামটোৰেও চিনাকি হ’ব পাৰিছিলো শিক্ষামূলক বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে যুক্ত হৈ থকা বাবে। কিছুমান মহিলাক দেখিছো স্বামীৰ প্ৰতিফলিত গৌৰৱেৰে গৌৰৱান্বিত হ’বলৈ ভাল পায়। মই অমুকৰ মিচেছ, মই মিচেছ তমুক বুলি কোৱা মহিলাক মই পুতৌ কৰো। প্ৰত্যেকৰ এটা নিজস্ব চিনাকি থকা উচিত। মোক এবাৰ এজন পুৰুষ মানুহে বহুদিন আগতে কৈছিল মই হেনো অহংকাৰী, বিবাহিত মহিলাৰ ইমান ফুটনি ভাল নহয়। তদুপৰি তেওঁ ভৱিষ্যৎ বাণী কৰিছিল যে মই এদিন স্বামীৰ নামেৰেই চিনাকি হ’ম। কোনো দিনে নিজৰ নামেৰে চিনাকি হ’ব নোৱাৰিম। অলপ সময়ৰ বাবে চি ডি খন বন্ধ কৰি মানুহজনৰ কথা ভাবিলো।

 আকৌ ষ্টাৰ্ট।.....মনত পেলাই দিলে গুৱাহাটীলৈ অহাৰ পাছত ঘটা মজাৰ ঘটনাটো। কলকাতাত প্ৰায় কুৰি বছৰ আছিলো। পাচলিয়ে হওক, কাপোৰেই হওক বা যিকোনো বাণিজ্যিক সামগ্ৰীয়ে হওক বিক্ৰেতাবোৰে আখৈ ফুটা দি নিজৰ সামগ্ৰীৰ গুণগান গাই ক্ৰেতাক এনেকৈ মোহিত কৰে যে এটা বস্তু নিকিনি সাৰিব নোৱাৰি। ফেৰিয়ালাহঁতৰ কথা শুনিলে ধাৰণা হয় ক'ৰবাত যেন এড্ভাৰটাইজ কৰিবলৈ ট্ৰেইনিং লৈ আহিছে।

 গুৱাহাটীৰ ঘৰত এদিন কাপোৰৰ টোপোলা এটা লৈ আহিছিল এজন ফেৰিৱালা। সাধাৰণতে এওঁলোকৰ ফান্দত মই নপৰো। সিদিনা যে কি হ’ল মাতি তেওঁৰ কাপোৰবোৰ চালো। মানুহজনে যদিও নিজকে গুৱাহাটীৰ বাঙালী বুলি কৈছিল মই বিশ্বাস নকৰিলো। তেওঁৰ বিশুদ্ধ বাংলা আৰু কথা কোৱাৰ ঢং আছিল নিভাঁজ কলকতীয়াৰ দৰে। মই হেঁচা মাৰি ধৰাত আৰু আসৈ মাতিব নোৱাৰিলে। বাহিৰৰ পৰা বেপাৰ কৰিবলৈ অহা বুলি জানিলে স্থানীয় মানুহৰ হাতত নিৰ্যাতন ভোগ কৰিবলগীয়া হ'ব পাৰে বুলি মিছা মাতিছিল। কাপোৰ কিনাৰ চখ নাছিল, কিন্তু ডেকাই মাসীমা মাসীমা কৰি তেওঁৰ জালত মোক ইতিমধ্যে বন্দী কৰি পেলাইছে। তাৰ পৰা ওলায় কাৰ সাধ্য। তাৰ পাছত তেওঁ এটা পেকেজ আগবঢ়ালে, তিনিখন শাৰী দুহেজাৰ টকাত কিনিলে এখন ফ্ৰী। ফ্ৰী শুনি মই লৰি-চৰি বহিলো। ফ্ৰী শব্দটো বৰ মিঠা। এখন চিল্ক আৰু দুখন কপাহী পছন্দ কৰাৰ পাছত মিঠামুৱা কলকতীয়া চালু বেপাৰীজনে ক’লে, ‘মাসীমা, চাৰি নম্বৰ ফ্ৰীখন আপোনাৰ একান্ত সেৱক অধম এই ভাগিনজনে পছন্দ কৰি দিওঁ।' তেওঁ কৃত্ৰিম চিল্কৰ ৰঙা পাৰি থকা শাৰী এখন মোৰ

বাকীছোৱা জীৱন /৩৬৫