পৃষ্ঠা:অনিমা গুহ.pdf/৩৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কাচিৎহে খেলিছিল।

 সাত-আঠ বছৰ বয়সত পুতলা খেলিবলৈ ভাল পোৱা ছোৱালীজনীৰ চিকাৰী হ’বৰ মন গ'ল। দুপৰীয়া সকলোৱে যেতিয়া দিবানিদ্ৰাত মগ্ন ছোৱালীজনীয়ে তেতিয়া হাতত সাৰে ভৰিত সাৰে ঘৰৰ পৰা ওলাই যায়। বাৰীৰ পাছফালে হাবিত তাইৰ এড্ভেঞ্চাৰ আৰম্ভ হয়। এদিন দুটামান পখিলা আৰু কেইটামান ফৰিং ধৰাৰ পাছত হঠাতে উজুতি খাই পৰি গ'ল মামৰে ধৰা ভগা টিন এটাৰ ওপৰত। কোমল হাতখন কাটি বৈ আহিল তেজৰ নৈ আৰু চকুৰ পানী। বাধ্য হ’ল ঘৰত ক’বলৈ। সিদিনাৰে পৰা চিকাৰ পৰ্বৰ সমাপ্তি ঘটিল। সমাপ্তি ঘটিল শৈশৱৰ সোণালী দিনবোৰৰো।

 ..শৈশৱ পাৰ হৈ কিশোৰী হ'লো, কৈশোৰ পাৰ হৈ যুৱতী হ’লো। যৌৱন জোৱাৰত নাও মেলি দি বঠাখন টানকৈ ধৰিলো, হাত পিছলি যাতে মহাসমুদ্ৰলৈ গৈ নাওখন বুৰ নাযায়। নাওখনে টুলুং ভুটুং কৰা নাই বুলি নকওঁ, কিন্তু সেইয়াতো যৌৱনৰে ধৰ্ম। ভৰ যৌৱনৰ স্থায়িত্ব কম। এই সময়ছোৱাই গাত ডেউকা লগাই আহে। আমাৰ যুগত ছোৱালী কুৰিতে বুঢ়ী। মোৰ ক্ষেত্ৰত এক কাল ধুমুহাই যৌৱনৰ দিনবোৰ আৰু চমুৱাই আনিলে। বীজাণুৰ ভয়ত কঁপি থকা দেউতাক পঞ্চাশৰ ডেওনা পাৰ হোৱাৰ চাৰি বছৰ পাছতে কালৰোগ কেন্সাৰে হৰণ কৰি নিলে। তাৰ পাছতে জীৱনটো ফ্লপ। ফ্লপ নাটক চায় কোনে? গতিকে চি ডিখন ফাষ্ট ফৰোৱাৰ্ড কৰি দিলো। য’তে ষ্টাৰ্ট কৰো ত’তেই এন্ধাৰ... ফ্লপ.....।

 এটা কথা মন কৰিছো বছৰবোৰ ঘূৰি ঘূৰি নতুন বছৰ হৈ আহে যদিও আমাৰ জীৱনবোৰ কিন্তু নতুন নহয়। পুৰণিহে হয়। বয়সৰ লগে লগে পদমৰ্যাদা সলনি হৈ গৈ থাকে। শৈশৱৰ মাজনী, সোণ মইনাজনীক কৈশোৰত কোনেও আৰু মৰমসনা শব্দবোৰেৰে নামাতে। মোৰ কপালতো সেয়েই হ’ল। মই তেতিয়া এজনী সাধাৰণ ছোৱালী যাক সকলোৱে ‘বুলু’ বুলি মাতে। ‘বুলু’ মোৰ ঘৰত মতা নাম। সৰুবোৰৰ মই হ'লো বুলু বাইদেউ। ঘৰৰ পৰা ওলাই বাহিৰা জগতত বিচৰণ কৰিবলৈ ধৰাৰ পাছত হ’লো অনিমা দাস বা অনিমা বাইদেউ বা কেৱল অনিমা।

 জীৱন নাটৰ বাকীছোৱা চাবলৈ বন্ধ কৰি থোৱা চি ডিখন আকৌ ষ্টাৰ্ট কৰিলো। মই দেখোন নিজৰ ঘৰখনৰ পৰা ওলাই সোমাইছো বেলেগ এখন ঘৰত – অচিনাকি এখন ঘৰত। সমাজৰ ৰীতিমতে সিদিনাৰে পৰা সেইখনেই হেনো মোৰ ঘৰ। সেইখন ঘৰৰ হেনো গৃহিণী মই। মই পিছে আগৰ অনিমা দাস নহওঁ দেই। মোৰ নাম- গোত্ৰ সকলো সলনি হ'ল। অৰ্থাৎ মোৰ আইডেনটিটি হেৰাই গ'ল। এইখন ঘৰৰ

৩৬২/ বাকীছোৱা জীৱন