গুৱাহাটীৰ মহিলা সাংবাদিক টেৰেছা ৰহমান এবাৰ কৰ্মসূত্ৰে তাৰ্কিলৈ গৈ দেখিছিল সকলো মানুহেই তাত আধুনিকমনস্ক। সাধাৰণতে মছজিদত মহিলাৰ প্ৰৱেশ নিষেধ, তাৰ্কিত সেই বাধা নাই। টেৰেছাই নিজে মছজিদত সোমাই নামাজ পঢ়ি আহিছে।
আমাৰ দেশতো সকলো মানুহ আধুনিক হোৱা হ'লে অন্ধবিশ্বাস তথা ডাইনী হত্যাৰ দৰে কুপ্ৰথাৰ অৱসান ঘটিলহেঁতেন। আমাৰো প্ৰয়োজন এজন কামাল আতাতুৰ্কৰ।
শেষ অধ্যায়ৰ শেষৰ পৃষ্ঠাবোৰ
জীৱনৰ শেষ পৃষ্ঠাত উপনীত হৈ পিছলৈ উভতি চাইছো। মহাকালৰ এটা সামান্য অংশৰ সৈতে একোজন মানুহৰ সম্পৰ্ক। এই সম্পৰ্কৰ স্থায়িত্ব এখন এঘণ্টীয়া নাটকৰ দৰে। মোৰ জীৱন নাটকখন প্ৰথম পৃষ্ঠাৰ পৰা লুটিয়াই চাবৰ মন গ'ল একান্ত নিৰলে। আজিৰ এই বিশ্বখনত নিৰ্জনতা বিচাৰি পোৱা টান। সেয়েহে এদিন গভীৰ নিশা সেই নাটকৰ আলফুলে সাঁচি থোৱা কমপেক্ট ডিস্ক বা চি ডিখন মনৰ ডি ভি ডিত সুমুৱাই চুইচ অন্ কৰি দিলো।
....মাৰ কোলাত ফ্ৰক পিন্ধা ঘূৰণীয়ামুৱা নোদোকা শিশুটি কোন? ময়েই নে, নিজৰ শোটৰা-শোটৰ হাত দুখনলৈ চাই ভাবো। দেউতাই সৌৱা ভয় কৰিছে কেঁচুৱাটিক তুলি ল’বলৈ কিজানিবা তেওঁৰ হাতৰ পৰা পিছলি পৰি যায়। মাহী-পেহীহঁতে কোলাত লৈ মাজনী, সোণা-মইনাজনী কৈ কৈ মৰম কৰিছে। কোনোবা এজনে চুমা খাম বুলি মুখখন ওচৰলৈ অনাৰ লগে লগে দেউতাই সতৰ্ক কৰিলে— চুমা-টুমা নেখাবি, ইনফেকশ্যন হ’ব। আমাৰ দেউতাৰ যে আৰু বেমাৰলৈ ইমান ভয়! ওৰে জীৱন বীজাণুৰ ভয়তে কটালে। পিছে বীজাণুৰ ভয়ে তেওঁক ৰক্ষা কৰিব নোৱাৰিলে।
ইতিমধ্যে নোদোকা শিশুটি স্কুললৈ যাব পৰা হ’ল। কোনো চিন্তা-ভাবনা নাই। খায়-বয়, খেলে-শোৱে। পুতলা খেলিবলৈ বৰ ভাল পায় তাই। পুতলাৰ বিৰাট সংসাৰ। পুতলাৰ বিয়া পাতে। মাহীয়েকহঁতে পুতলা সাজি দিয়ে, সিহঁতৰ বাবে কাপোৰ চিলাই দিয়ে, মণিৰে সিহঁতলৈ কেৰু-খাৰু বনায়। কোহিনুৰ মাহীয়ে পুতলাৰ আচবাব-পত্ৰ, আ-অলংকাৰ আদি তৈয়াৰ কৰিবলৈ ইটো-সিটো বুটলি ফুৰে। সেই সাধাৰণ বস্তু অসাধাৰণ হৈ উঠে শিল্পী মাহীজনীৰ হাতত পৰি। তেতিয়া আছিল ব্ৰিটিছৰ যুগ। বিলাতী পুতলাবোৰ কিন্তু সজাই ৰাখিছিল কাঁচৰ আলমাৰীত। সেইবোৰেৰে