পৃষ্ঠা:অনিমা গুহ.pdf/৩৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁলোকেও নাজানে। ক'ৰবাত পঢ়িছিলো ল'ৰা-ছোৱালীৰ বাবে তেওঁলোকে কোনো সম্পত্তি এৰি থৈ নাযায়, দি যাব জনহিতার্থে। প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টন তেওঁৰ দৰে চহকী নহয়, কিন্তু জনপ্রিয়। তেওঁ নানা উপায়েৰে দান-বৰঙণি সংগ্ৰহ কৰি আৰ্তৰ্জনৰ সেৱাত খটুৱায়। এসময়ত ছুনামী বিধ্বস্ত দক্ষিণ ভাৰতলৈ সহায়ৰ হাত আগবঢ়াবলৈ বিল ক্লিণ্টন অসুস্থ দেহাৰেই আহিছিল। কোনোবা এগৰাকী অষ্ট্রেলিয়ান ক্রিকেট খেলুৱৈয়েও ভাৰতত জনহিতকৰ কাম কৰি আছে।

 ভাৰততো জনহিতকৰ কামত ব্যয় কৰা মানুহ আছে। কিন্তু যিটো হাৰত চহকীৰ সংখ্যা বাঢ়িছে সেই হাৰত দাতাৰ সংখ্যা বঢ়া নাই। আমাৰ অসমতে কোটিপতিৰ সংখ্যা ইমান আছে বুলি জনা নাছিলো। নির্বাচন খেলিবলৈ অহাসকলৰ সম্পত্তিৰ তালিকা প্রকাশ কৰাৰ পাছতহে গম পালো অসমীয়া দুখীয়া নহয়। সাধাৰণতে ভাৰতীয় মানুহে মন্দিৰত দান কৰে পুণ্য অৰ্জন কৰিবলৈ। আম্বানী পৰিয়ালে প্ৰায়ে তিৰুপতি মন্দিৰলৈ গৈ সোণৰূপেৰে উপচাই দিয়ে মন্দিৰৰ ভঁৰাল। দক্ষিণ ভাৰতত আছে অসংখ্য চহকী মানুহ। তেওঁলোকেও ঘাইকৈ দান দিয়ে মন্দিৰত। আমাৰ মন্দিৰবোৰত কোটি কোটি টকা মূল্যৰ সোণ নিষ্ক্ৰিয় হৈ পৰি আছে। ভগৱানেনো এইবোৰেৰে কি কৰিব। জনমংগলৰ বাবে উলিয়াই দিলে দেশৰ শ্ৰীবৃদ্ধি কৰাত কামত লাগিলহেঁতেন। কিছুমান মন্দিৰে হেনো দিয়েও।

 নাতিহঁতৰ কথা উলিয়াইছিলো। চাওঁতে চাওঁতে সিহঁত ডাঙৰ হ'ল। উচ্চতৰ মাধ্যমিকৰ হেঙাৰ পাৰ হৈ ডাঙৰ নাতি ঋষভ এই বছৰ অৰ্থাৎ ২০১১ চনত নিউয়র্কস্থিত কলম্বিয়া বিশ্ববিদ্যালয়ত নাম লগালে গণিত আৰু অর্থনীতি বিষয় লৈ। ইঞ্জিনিয়াৰিং বা ডাক্তৰী পঢ়াৰ যোগ্যতা অৰ্জন কৰাৰ পাছতো সি অৰ্থনীতিৰ ফালেহে ঢাল খালে। দেউতাক-মাক দুয়ো বিজ্ঞানী কিন্তু হেজাৰ হেজাৰ মাইল আঁতৰত ভাৰতত থকা ককাকৰ বিষয়টোৰ প্ৰতিহে সি বেছি আকর্ষণ বোধ কৰিছে। সি সৰুৰে পৰা কিতাপৰ পোক। ককাকে তাক কেইখনমান কিতাপ দিছিল ডাঙৰ হ’লে পঢ়িবলৈ। সৰুতেই সেইবোৰ পাগুলি খাই নিজৰ লক্ষ্য স্থিৰ কৰিছে সি। ল’ৰাটো বৰ একাডেমিক। জোৰ কৰি তাক খেলিবলৈ পঠোৱা হয়। সিহঁতৰ স্কুলত তলৰ ক্লাছৰে পৰা সংগীতো এটা বিষয়। ঋষভৰ মনটো থাকে সদায় কিতাপত। উপায়হীন হৈ সি বেহেলা বজাবলৈ লৈছিল। নাজানো কলেজতো সংগীত বাধ্যতামূলক নে কি। কলেজত নাম লগোৱাৰ পাছতে শুনিলো ক্লাছ আৰম্ভ হোৱাৰ আগত ছাত্ৰসকলক দুদিনত ১৫০ মাইল চাইকেল চলাবলৈ দিয়া হৈছিল। চাইকেল চলোৱা ক্লাছেৰে

বাকীছোৱা জীৱন /৩৫৫