পৃষ্ঠা:অনিমা গুহ.pdf/৩৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰে। ইমান পৰিশ্ৰম কৰা আমাৰো ভাল লগা নাছিল। সাতে-পাঁচে এৰি দিলে। তেৱোঁ দৰমহা লোৱা নাছিল।

 আমি এবাৰ তাত থাকোতে মনীষা সেইখন ইনষ্টিটিউটত কাম কৰি আছিল। আহিবৰ সময়ত প্ৰায়ে বাংলাদেশী দোকানৰ পৰা আনিছিল কাবাব আৰু চিকেন বা মাটন ৰোল। যাওক বাৰু খোৱাৰ কথা।

 ল’ৰাৰ পৰিয়ালটো নিউয়ৰ্ক মহানগৰীৰ উত্তৰে ওৱেষ্টচেষ্টাৰ কাউণ্টিত (কাউণ্টি আমাৰ মহকুমাৰ দৰে) চাপাকুৱা নামৰ চহৰত থাকে। ক্লিণ্টন দম্পতীৰ ঘৰো একেখন চহৰতে। জয়-মনীষা দুয়োৰে কৰ্মস্থল ঘৰৰ পৰা নাতিদূৰত। তাত ঘৰ কিনাৰ একমাত্ৰ উদ্দেশ্য আছিল ঠাইখনৰ প্ৰথম শ্ৰেণীৰ স্কুলবোৰ। সেইখন দেশত স্কুল ভাল হ’লে ঘৰৰ দাম বেছি হয়। গৃহস্থৰ ল’ৰা-ছোৱালী পঢ়ক বা নপঢ়ক নিৰ্দিষ্ট নিৰিখত নিজৰ ঘৰ থকা মানুহে স্কুল টেক্স দিবই লাগিব। পাব্লিক স্কুলবোৰ ঘাইকৈ টেক্সৰ টকাৰেই চলে। চাপাকুৱাৰ স্কুলবোৰৰ মান যে উন্নত মোৰ সৰু নাতিটোক প্ৰাইমাৰী স্কুলত ভৰ্তি কৰাবলৈ যাওঁতেই দেখিছিলো। প্ৰাইমাৰী স্কুলৰ লাইব্ৰেৰী, অডিটৰিয়াম, কম্পিউটাৰ কোঠা, গান-বাজনাৰ কোঠা, বাস্কেট বল কোৰ্ট ইত্যাদি চাওঁতে ভাবিছিলো কোনোবা বিশ্ববিদ্যালয়ৰ কেম্পাছতে সোমালো নেকি। আমেৰিকাত দ্বাদশ শ্ৰেণীলৈ পঢ়াশুনা বিনামূলীয়া; আনকি বাছেৰে অহা-যোৱাও বিনামূলীয়া। তেওঁলোকৰ নীতি হ’ল দেশৰ সকলোৱে উচ্চতৰ মাধ্যমিকলৈ পঢ়াটো আৱশ্যকীয়। তাৰ পিছত কলেজত পঢ়ক-নপঢ়ক নিজৰ কথা। গতিকে কলেজৰ শিক্ষা গ্ৰহণ অনেকে কৰে ঋণ লৈ। আজিকালি আমাৰ ইয়াতো ছাত্ৰ-ছাত্ৰীয়ে ঋণ লৈ শিক্ষা গ্ৰহণ কৰাটো সহজ হৈছে।আমাৰ ইয়াতো বিদেশৰ দৰে ঘৰ সাজিবলৈ বা গাড়ী কিনিবলৈ পইচা জমাব নালাগে।

 সংস্কৃতত এশাৰী বাক্য আছে— ‘ঋণং কৃত্বা ঘৃতং পিবেৎ যাবজ্জীৱন সুখং জীবেৎ।' ঋণ কৰি ঘিউ খাই ওৰে জীৱন সুখেৰে থাকা। বেংকৰ ঋণ অৱশ্যে ঘুৰাই দিব লাগে। যি কি নহওক, ঋণ লৈ নিজৰ ভৰিত থিয় দিব পাৰিলে পিছত পৰিশোধ কৰাত অসুবিধা ক’ত?

 আমেৰিকাত সৰু ল’ৰা-ছোৱালী হোৱাৰ দৰে সুখ নাই। প্ৰথম সুখ হ’ল কোনোবা এটা শ্ৰেণীলে পঢ়া-শুনাৰ চাপ নাই, পৰীক্ষাও নাই, এসোপামান হ’ম ৱৰ্কো নাই। আমাৰ ইয়াৰ শিশুৰ দৰে তেওঁলোকৰ শৈশৱ হ'ম ৱৰ্কৰ হেঁচাত পংগুত্ব প্ৰাপ্ত নহয়। হালধীয়া ৰঙৰ স্কুল বাছে ছাত্ৰ-ছাত্ৰীক নমাবলৈ বা উঠাবলৈ ধৰিলে দুয়োফালৰ

বাকীছোৱা জীৱন / ৩৫৩