পৃষ্ঠা:অনিমা গুহ.pdf/৩৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কোৱা হয় ফাল্টু শ্ৰমিক। স্থায়ী মহিলা শ্ৰমিকক আন্তৰ্জাতিক শ্ৰম সংস্থা আৰু ভাৰতীয় শ্ৰমিক সংগঠনৰ নীতি-নিয়ম উলংঘা কৰি পুৰুষতকৈ কম মজুৰি দিয়া হয়। ৰেছন দিয়া হয় নিকৃষ্টমানৰ। এওঁলোকৰ ভিতৰত সাক্ষৰতাৰ হাৰ দুখ লগাকৈ কম। পঢ়া-শুনাৰ পৰিবেশ নাই। স্বাস্থ্য, শিক্ষা, খোৱাপানী, বাসস্থান ইত্যাদি মানুহৰ দৰে বাস কৰিবলৈ প্ৰয়োজনীয় ন্যূনতম সা-সুবিধাৰ অভাৱ। এইদৰেই চলি আছে গণতান্ত্ৰিক ভাৰতৰ একাংশ নাগৰিকৰ জীৱনযাত্ৰা।


মোৰ পৰিয়াল

পৰিয়ালৰ যিটো সংজ্ঞা বা পৰিয়াল বুলিলে মানুহে যি বুজে তাৰ লগত মই কেতিয়াবা—একমত হ’ব নোৱাৰো। পিতৃপ্ৰধান সমাজৰ নিয়ম মতে একে পূৰ্বপুৰুষৰ পৰা নামি অহা উত্তৰ পুৰুষ সকল একেটা বংশৰ, গতিকে একেটা বৃহৎ পৰিয়ালৰ। পিছে একেজন পূৰ্বপুৰুষৰ বংশধৰ সকল কালক্ৰমে বাঢ়ি বাঢ়ি ইমান বিস্তৃত হয় যে এটা সময়ত কোনেও কাকো চিনি নোপোৱা হয়, সম্পৰ্কও নাথাকে। গতিকে সমাজেই নিৰূপণ কৰি দিয়ে পৰিয়ালৰ আকাৰ। যেনে, সাত বা পাঁচ পিৰি দূৰলৈ গ'লে সম্পৰ্ক ছিন্ন হয় কিছুমান পৰিয়ালত। প্ৰচলিত ধাৰণা মতে এহাল দম্পতী আৰু তেওঁৰ আটাইকেজন পুত্ৰ-বোৱাৰী, নাতি-নাতিনীৰে গঠিত ঘৰখনেই এটা পৰিয়াল, যাক যৌথ পৰিয়াল বুলি কোৱা হয়। আজিকালি যৌথ পৰিয়ালবোৰ ভাগি যাবলৈ ধৰিছে। পতি-পত্নী আৰু তেওঁলোকৰ ল'ৰা-ছোৱালীৰে গঠিত অণু (nuclear) পৰিয়ালবোৰেই আজিৰ সমাজত প্ৰাধান্য লাভ কৰি আছে। এটা কথা মন কৰিব লগা যে বংশৰ গতি নিৰ্ধাৰিত হয় পুৰুষৰ যোগেদি। তিৰোতা মানুহৰ ইয়াত কোনো স্থান নাই। পুৰুষৰ আটাইকেইজন ভায়েক ককায়েক একে পৰিয়ালৰ, কিন্তু মহিলাৰ বাই-ভনীসকলৰ বিয়া হৈ গ'লে মাক ভায়েক-ককায়েকৰ লগত সম্পৰ্ক ছিন্ন হৈ বেলেগ পৰিয়ালভুক্ত হয়।

 মই কিন্তু কোনো দিনে মানি লোৱা নাই সমাজে বান্ধি দিয়া এই বৈষম্যমূলক নিয়ম। মই কল্পনা কৰিব নোৱাৰো যে একে মাক-দেউতাকৰ জীয়ৰী বাইদেউ অনিতা, ভনী সবিতা, প্ৰতিমা, ৰীতা আৰু মই একে পৰিয়ালৰ নহওঁ। উপজিবৰ পাছৰে পৰা বহু বছৰলৈ একেখন ঘৰতে ডাঙৰ হৈছো, একেলগে খাইছো, শুইছো, পঢ়িছো, ফুৰিছো, সুখ-দুখ উপভোগ কৰিছো। ভায়েক-ককায়েক একেখন চালৰ তলত বাস

৩৫০/ বাকীছোৱা জীৱন