পৃষ্ঠা:অনিমা গুহ.pdf/৩৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মানৱ বা মানৱী পোন হৈ থাকিব বাৰু? স্নানৰতা সিক্ত বসনা নায়িকাক দৰ্শকৰ সন্মুখলৈ অনাৰ পাছতো ‘কয়লা’ নামৰ ছবিখনে ফ্লপ কৰিলে যদিও অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কথা ভূ-ভাৰতত জনাজাত হৈ পৰিল।

তাৱাং গুম্ফা : অঞ্চলটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ দ্ৰষ্টব্য ঠাই হ’ল ৩৫০ বছৰ আগতে নিৰ্মিত তাৱাং গুম্ফা অৰ্থাৎ মঠ। ই কেৱল দেৱস্থানেই নহয়, বহু আঁতৰৰ পৰা শত্ৰুক নিৰীক্ষণ কৰিবলৈ আৰু সিহঁতৰ আক্ৰমণৰ পৰা তাৱাং উপত্যকাক ৰক্ষা কৰিবলৈ সজা এটা দুৰ্গও। দহ হেজাৰ ফুট উচ্চতাত প্ৰতিষ্ঠিত গুম্ফাটোৰ অৱস্থিতি ৰণকৌশলৰ ফালৰ পৰা অতি শক্তিশালী।

 দুৰ্গম হ’লেও এই অঞ্চলৰ সৈতে তিব্বতৰ ঘনিষ্ঠ যোগাযোগ প্ৰাচীন কালৰে পৰা আছিল। তিব্বতত বৌদ্ধধৰ্ম বিকাশৰ সময়ত সৃষ্টি হোৱা চাৰিটা ধৰ্মীয় সম্প্ৰদায়ৰ ভিতৰত গেলুগ্পা দলৰ অনুগামী তাৱাং কামেঙৰ মনপা আৰু চেৰদুকপানসকল। তিব্বতৰ প্ৰথম দালাই লামাৰ (১৩৯১-১৪৭৫)— যাক তিব্বতীসকলে বুদ্ধৰ অৱতাৰ বুলি ভাবে— সময়ত তেওঁৰ শিষ্য এজনে মনপাসকলৰ মাজত বৌদ্ধধৰ্ম প্ৰচাৰ কৰে। সন্ন্যাসী হৈও তেওঁ আছিল এজন পাকৈত অভিযন্তা। ছাংপো নৈৰ ওপৰত তেওঁ বন্ধা আঠখন লোৰ ওলোমা দলঙৰ কেইবাখন এতিয়াও আছে। তেওঁৰ আশীৰ্বাদধন্য মনপা পৰিয়ালৰ বংশধৰ এজনে তিব্বতৰ ৰাজধানী লাছাত ধৰ্মশিক্ষা লাভ কৰিবলৈ যায়। ভূটানৰ দুক্পাসকলৰ আক্ৰমণৰ পৰা তাৱাং ভূমিৰ মঠবোৰ ৰক্ষা কৰাৰ উপায় বিচাৰি তেওঁ পঞ্চমজনা দালাই লামাৰ (১৬১৭-১৬৮২) ওচৰ চাপে। তেওঁৰ পৰামৰ্শ মতে মেৰা লামা নামেৰে খ্যাত বৌদ্ধ ভিক্ষুজনে সোতৰ শতিকাৰ মাজভাগত শ্বোসমত (তাৱাঙৰ পুৰণি নাম) বিখ্যাত গুম্ফাটো নিৰ্মাণ কৰে।

 কথিত আছে স্থান নিৰ্বাচন কৰাৰ আগতে গুহা এটাত সোমাই ধ্যানমগ্ন হয় তেওঁ। তাৰ পৰা ওলাই দেখে ঘোঁৰাটো নাই। খুৰাৰ চিন অনুসৰণ কৰি আহি আহি দেখিলে এঠাইত ই থিয় হৈ আছে। ভগৱানৰ নিৰ্দেশ বুলি বুজি পাই মেৰা লামাই সেইডোখৰ ঠাইতে গুম্ফাটো সাজিবলৈ সিদ্ধান্ত লয়। তেতিয়াৰে পৰা ঠাইডোখৰৰ নাম হয় তাৱাং। ‘তা’ৰ অৰ্থ ঘোঁৰা আৰু ‘ৱাঙ’ৰ অৰ্থ নিৰ্বাচন। ঘোঁৰাৰ দ্বাৰা নিৰ্বাচিত ঠাই। গাঁৱৰ মানুহে গুম্ফাৰ একো একোটা অংশ নিৰ্মাণ কৰাৰ ভাৰ লয়। আজিও সেইবোৰ অংশৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব বৰ্তি আছে সেইবোৰ গাঁৱৰ ওপৰত। লাছাৰ প'টালা ৰাজকাৰেঙৰ পৰা পঞ্চম দালাই লামাই মন্ত্ৰোচ্চাৰণ কৰি তাৱাং গুম্ফাটো

বাকীছোৱা জীৱন /৩৪১