অঞ্চলৰ মানুহে জাৰকালি উম লয়। ধোঁৱাখিনি বাহিৰলৈ ওলাই যাবলৈ এটা দীঘলীয়া চিমনী চুঙাটোত লগোৱা থাকে।
চীন-ভাৰত যুদ্ধত সঘনাই শুনা বমদিলা নামটোৱে মোৰ স্মৃতিত আকৌ এটা জোকাৰণি তুলিলে। মই উভতি গৈছিলো সেই দুৰ্যোগপূৰ্ণ দিনবোৰলৈ। গৃহস্থ কাৰাগাৰত, প্ৰথম সন্তানৰ আগমন উপলক্ষে এডোখৰ নিৰাপদ ঠাই বিচাৰি ঠায়ে ঠায়ে হাবাথুৰি খাই ঘূৰি ফুৰিছো মই। চীনৰ ভয়ত পেপুৱা লাগিছে অসমবাসী। চৰকাৰে ঢোলপিটি জনাই দিছে যে এই পৰিস্থিতিৰ বাবে কমিউনিষ্ট আদৰ্শত বিশ্বাসী আৰু অসমত বাস কৰা চীনাসকল দায়ী। গতিকে এই দুয়োটা দলকে জধে-মধে ধৰি কাৰাগাৰত নিক্ষেপ কৰিলে। ড° ৰীতা চৌধুৰীৰ ‘মাকাম’ নামৰ উপন্যাসখন এইসকল চীনাক কেন্দ্ৰ কৰি লিখা। ৰাইজেও পাৰিলে সেই সময়ত ‘দেশদ্ৰোহী’ কমিউনিষ্ট আৰু চীনাসকলক ফাঁচী দিয়ে। বন্দুকতকৈ কলমৰ জোৰ বেছি বুলি ভবা কবি-গায়ক-লেখকসকলে দিস্তাৰ পাছত দিস্তা কাগজ খৰচ কৰি দেশপ্ৰেমৰ চূড়ান্ত নিদৰ্শন দেখুৱাইছিল, দুখীয়া-নিচলায়ো দেশপ্ৰেমত গদ্গদ হৈ কাণৰ কেৰুযোৰ, হাতৰ খাৰুপাত চৰকাৰৰ দালালৰ হাতত তুলি দিছিল। সেই সোণ, সেই টকা কাৰ ভোগত যে লাগিল! বোধহয় প্ৰচণ্ড ঠাণ্ডাৰ সৈতে পুৰণি স্মৃতি লগ লাগি মোৰ শৰীৰত ছুনামীৰ সৃষ্টি কৰিছিল।
এনেতে ৰামে আহি ক’লে, ‘জেঠী, ইমান কঁপিছে কিয়? আপোনালোকৰ এই কোঠাতে আছিল মাধুৰী দীক্ষিত, ছাৰ থকাটোত শাহৰুখ খান। তেওঁলোকৰ দৰ্শন পাবলৈ সৰু এই চহৰখনত ছাৰ্কিট হাউছৰ সন্মুখত পোন্ধৰ হেজাৰ মানুহৰ ভিৰ হৈছিল।....’ ইত্যাদি।
সদ্যহতে আহি যোৱা দালাই লামা আৰু চিত্ৰতাৰকাহঁতৰ বাতৰিয়ে মোক বহু বছৰ আগতে হোৱা চীন যুদ্ধৰ কথা পাহৰাব নোৱাৰিলে। বিৰোধৰ প্ৰকৃত কাৰণ, পৰাজয়ৰ বাবে দায়ী কোন ইত্যাদি এটা এটাকৈ মনত পৰিল। এনেতে আৱৰ্ত ভৱনৰ কৰ্মী সত্যনাৰায়ণ ধাৰাই ভাত খাবলৈ মাতি মোৰ চিন্তাত আউল লগালে। সুদূৰ কলকাতাৰ পৰা আহি বমদিলা পাহাৰত কাম কৰি আছে এওঁ।
উৎকৃষ্ট সোৱাদৰ আঞ্জা খাই ৰান্ধনিজনক মাতি পঠালো। একেবাৰে মিলিটাৰী কায়দাত মাৰ্চ কৰি আহিল ৰান্ধনি বাবুলি ডেকা। ঠিকেই ধৰিছো তেওঁ সৈনিকে আছিল। হাবিলদাৰৰ লগত মনোমালিন্য হোৱাত কামত ইস্তাফা দিছে। বাবুলি আছিল সীমান্ত প্ৰহৰী। ঠেক নৈ এখনৰ ইপাৰে থকা ভাৰতীয় সৈনিকসকলৰ সিপাৰৰ চীনা