কামেং জিলাত বাস কৰে চেৰদুকপেন আৰু তাৱাঙত মনপাসকল। তেওঁলোক বৌদ্ধ ধৰ্মাৱলম্বী, গতিকে বৌদ্ধ গুম্ফা থকাটো স্বাভাৱিক। কিন্তু ওৰে বাটটোত চকুত পৰিছিল দেৱ-দেৱীৰ মন্দিৰো। গীর্জা আৰু মছজিদো চকুত পৰিছিল। সম্ভৱতঃ মন্দিৰবোৰ হিন্দু সৈনিকসকলে সাজিছে। যি দুর্গম পার্বত্য পৰিবেশত তেওঁলোকে সদা জাগ্ৰত হৈ সীমান্ত পহৰা দিছে ঘৰ-সংসাৰ এৰি, তাত এক ঐশ্বৰিক শক্তি অবিহনে বাস কৰা টান।
বেঁকা-বেঁকি, অকোৱা-পকোৱা ঠেক বাটটোৰ এফালে সুউচ্চ প্রাচীৰ, আনটো ফালে গভীৰ খাদ। গাড়ীৰ চালক অলপ অন্যমনস্ক হ’লে অতল গহ্বৰত নিশ্চিত পতন। আলিবাটটো কিন্তু অতি সুন্দৰভাৱে ৰক্ষণাবেক্ষণ কৰি আছে চীন-ভাৰত সংঘৰ্ষৰ পাছৰে পৰা। চালকক সজাগ হৈ থাকিবলৈ বাটৰ কাষে কাষে পাহাৰৰ গাত বা ফলকত লিখি থোৱা দেখিলো— 'Married or unmarried Divorce speed, It is risky after whisky, It is fine without wine' ইত্যাদি। বাটৰ কেঁকুৰিবোৰত কাব্যিক ভাষাত লিখিত— 'Be gentle with my curve'.
সচেতন হৈ গাড়ী চলাবলৈ প্ৰতিমাই চালক সুৰেন বড়োক তামোল-পাণৰ যোগান ধৰি আছিল। আমাক অভয় দি তেওঁ কৈছিল, ‘ভয় নাখাবিৰে মেডামবিলাক। পিছে লাখ টকা দৰমহা দিলেও ইয়াত চাকৰি নকৰিম ৰে মই।'
সুৰেনৰ কথা শেষ হ’ল কি নহল এনেতে থিয়ৈ থিয়ৈ গাড়ী পাতাল অভিমুখে গতি কৰিবলৈ ধৰিলে। ব্রেক ফেইল কৰা বুলি শুনি ঈশ্বৰক মাতিবলৈ ধৰিলো। সিখন গাড়ীৰ চালক বনিকে পাছত কৈছিল গাড়ী কেইবাশ মিটাৰ তললৈ হঠাতে নামি যায় হেনো এইডোখৰ ঠাইত। সমীপৱৰ্তী নাগ মন্দিৰটোৰ আগত গাড়ীখনক অলপ জিৰণি দিয়া হৈছিল। দুয়ো ফালৰ পৰা অহা-যোৱা গাড়ী ইয়াত ৰখাই আৰোহীসকলে মন্দিৰ দৰ্শন কৰে। আমি অৱশ্যে সাপ-বেং-হনুমান, গছ, শিল আদিক ভগৱান বুলি নাভাবো। গতিকে মন্দিৰলৈ নগৈ প্ৰকৃতি বন্দনাতে লাগিছিলো।
ভালুকপুং এৰাৰ চাৰি ঘণ্টামান পাছত আঠ হেজাৰ ফুট উচ্চতাত পালোগৈ বমডিলা। অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ অতিথি হিচাপে ডাঃ দাস কামেং আৰু তাৱাং ভ্ৰমণলৈ আহিছিল, গতিকে তেওঁৰ লগতে আমিও ভি আই পি সন্মান লাভ কৰিছিলো। থাকিলো আৱৰ্ত ভৱনত।
বুখাৰিত জ্বলোৱা জুইৰ উত্তাপত গৰম হোৱা কোঠা এটাত বহিও মই কঁপিবলৈ ধৰিছিলো। বুখাৰি হ’ল এটা আহল বহল টিনৰ চুঙা। তাৰ ভিতৰত খৰি জ্বলাই এই