পৃষ্ঠা:অনিমা গুহ.pdf/৩৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰথম খণ্ড 'জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি'ত লিখিছো। তাৱাং নামটো শুনাৰ লগে লগে অশান্ত সেই দিনবোৰৰ ইতিহাস যেন মূৰ্ত হৈ উঠিল। যিবোৰ অঞ্চলৰ ঘটনাই মোৰ জীৱনৰ ভেটি কঁপাই তুলিছিল সেইবোৰ ঠাই নিজ চকুৰে চাবলৈ এটা সুযোগ আহিল। যাওঁ নে নাযাওঁ?

 অৰুণাচল প্ৰদেশৰ পশ্চিম সীমামূৰীয়া জিলা পশ্চিম কামেং আৰু তাৱাং। গুৱাহাটীৰ পৰা ভৌগোলিক দূৰত্ব বেছি নহ'লেও দুৰ্গম পাৰ্বত্য অঞ্চল হোৱা হেতুকে তালৈ যোৱা সহজ নহয়। তথাপিতো যিটো পথেৰে ১৯৫৯ চনত দালাই লামা পলাই আহিছিল, ১৯৬২ চনত চীনাসকল যিটো পথেৰে আহিছিল, যিটো পথ ভাৰতীয় জোৱানৰ তেজেৰে ৰাঙলী হৈছিল সেই পথেৰে মেক মোহন লাইনৰ ওচৰলৈ যাবলৈ মনস্থিৰ কৰিলো।

বমডিলালৈ  : ১৯৯৭ চনৰ ২৭ অক্টোবৰ। দোকমোকালিতে দুখন গাড়ীত আমাৰ সাতজনীয়া দলটো তেজপুৰৰ পৰা ৰাওনা হ’লো। ৰসিক ডেকা সুৰেন বড়ো চালিত গাড়ীত আছিলো ভনী প্ৰতিমা, ডাঃ দাসৰ অফিচ পিয়ন ৰাম আৰু মই। ৰাম তেওঁলোকৰ ঘৰত সৰুৰে পৰা ডাঙৰ হোৱা বাবে সি আমাৰ পুত্ৰসম। সিও সুৰেনৰ দৰেই ৰসিক। সিখন গাড়ীৰ চালক অবনী বনিক অৰুণাচল গড়কাপ্তানি বিভাগৰ কৰ্মচাৰী। তেওঁ আমাৰ গাইডো আছিল। ডাঃ দাসৰ লগত থকা বিনোদ নামৰ ডেকাজন বৌদ্ধধৰ্মাৱলম্বী। অৰুণাচলতে তেওঁৰ ঘৰ।

 তেজপুৰ এৰাৰ পাছতে উত্তৰে দেখিছিলো এলানি বৰফেৰে ঢাকি থোৱা পাহাৰ। অলপ পাছতে সিহঁতে এবাৰ সোঁৱে এবাৰ বাঁৱে গৈ আমাৰ লগত লুকাভাকু খেলি আছিল। ৬০ কিলোমিটাৰ যোৱাৰ পাছত অসম-অৰুণাচল সীমাত ভালুকপুঙৰ ওখ টিলা এটাত সজা আৱৰ্ত ভৱনটোৰ চৌহদত সোমাই ধাৰণা হ’ল কোনোবা শিল্পীয়ে অঁকা ছবি এখনৰ মাজত থিয় দি আছো। এফালে ডাঠ সেউজীয়া অৰণ্য, আন ফালেদি বৈ গৈছে কামেং নৈ। পাৰৰ প্ৰশস্ত বালিচৰক সমুদ্ৰ সৈকত যেন লাগিছিল। গভীৰ অৰণ্যৰ এক নিজা শব্দৰ বাহিৰে নাছিল তাত আন কোনো কোলাহল। গুৱাহাটীত চৌবিশ ঘণ্টাই ষ্ট্ৰেছ আৰু ষ্ট্ৰেইনৰ মাজত থকা নাৰ্ভবোৰৰ ওপৰত যেন শান্তিৰ প্ৰলেপ পৰিল। মনত পৰিছিল গৃহস্থই লিখা কবিতা এফাঁকি—

বৰষুণ নাই, আজি জিলমিল
ৰ’দহে আছে।

বাকীছোৱা জীৱন /৩৩১