পৃষ্ঠা:অনিমা গুহ.pdf/৩২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁলোকৰ বহুতকে ব্ৰিটিছৰ চকুৰ আঁৰত প্ৰিয়সখীৰ দেউতাকে নিজৰ ঘৰৰ পিছফালে বাৰীত কবৰ দিছিল।

 ময়ৰাঙৰ নাতিদূৰত অৱস্থিত বিৰাট লোগতাগ সৰোবৰ। ইয়াৰ পানীৰ মাজত অৱস্থিত ছান্দ্ৰা দ্বীপলৈ এতিয়া আৰু নাৱেৰে যাব নালাগে। তালৈ পাৰৰ পৰা গাড়ী যোৱা বাট এটা বন্ধা হৈছে। ছান্দ্ৰা দ্বীপৰ টুৰিষ্ট বাংলাৰ চৌহদত থিয় হৈ সৰোবৰৰ বিশাল বিস্তৃতি দেখি তবধ মানিছিলো। চাৰিওফালে দেখিলো অসংখ্য সৰু সৰু দ্বীপত মাছমৰীয়াসকলৰ পঁজা ঘৰ। প্ৰিয়সখীয়ে কৈছিল এইবোৰ প্ৰাকৃতিক দ্বীপ নহয়। পুনি আৰু আন জলজ উদ্ভিদৰ ওপৰত ধূলি-বালি জমি দ্বীপ যেন লগা একো একো ডোখৰ ভাসমান চাপৰি। মাছমৰীয়াসকলে তাত খেতিবাতিও কৰে। শ্ৰীনগৰৰ ডাললেকৰ ওপৰতো এনেকুৱা ভাসমান খেতি দেখিছিলো। বতাহত লৰি ফুৰা পঁজাবোৰ দেখি ভাবো মানুহে কিমান প্ৰতিকুল অৱস্থাত বাস কৰিব পাৰে। কৃত্ৰিম আলিবাটটো নবন্ধা হ’লে নাৱেৰে ছান্দ্ৰা দ্বীপলৈ আহিব নোৱাৰিলোহেঁতেন। পানীলৈ যে মোৰ অসম্ভৱ ভয়। ছান্দ্ৰালৈ নগ'লে লোকতাগৰ সৌন্দৰ্য উপভোগ কৰিব নোৱাৰি।

 পানীত ডুবি প্ৰাণ হেৰুৱাবৰ ভয়তে হওক বা বাহিৰা মানুহৰ চকুৰ আগত শিকিব লাগিব বুলিয়ে হওক দেউতাই আমাক সাঁতোৰ নিশিকালে। বহু বছৰ পাছত পুনেত জয়ক সাঁতোৰ শিকাবলৈ চুইমিং পুললৈ যাওঁতে ভাবিছিলো ময়ো শিকো। মাকে ইমান মানুহৰ আগত পানীত নামিব— এনে এটা দৃশ্য দেখিবলৈ মোৰ পুত্ৰ নাৰাজ। সিদিনা উপলব্ধি কৰিলো যে কম বয়সত পিতাৰ আৰু বেছি বয়সত পাঁচ বছৰীয়া পুত্ৰৰ অধীনস্থ মই এক দুৰ্ভগীয়া নাৰী। ইয়াৰ বহু বছৰ পাছত ওপজা মোৰ চাৰি বছৰীয়া নাতিক প্ৰগতিশীল বুলি মানিবই লাগিব৷ মই সাঁতোৰ নজনা বাবে তাৰ বৰ চিন্তা। যদি পানীত পৰো বাচিম কেনেকৈ। গতিকে দেউতাকক কৈছিল মোলৈ সাঁতোৰৰ পোছাক এসাজ আনি দিবলৈ। নাতিৰ ইচ্ছা অৱশ্যে পূৰণ কৰা সম্ভৱ নহ'ল।

 ময়ৰাঙৰ পৰা উভতি আহোতে দ্বিতীয় বিশ্বযুদ্ধত মৃত ব্ৰিটিছ সৈনিকসকলৰ সমাধিক্ষেত্ৰখনত সোমাইছিলো। ভাৰতীয় মৃত সৈনিকসকলৰ বাবে আছে এখন সুকীয়া সমাধিক্ষেত্ৰ। কমনৱেল্থ ওৱাৰ গ্ৰেভছ কমিশ্যনে সমাধি ক্ষেত্ৰবোৰৰ ৰক্ষণাবেক্ষণ কৰে।

 মোৰ ধাৰণা মাজে-সময়ে সমাধিক্ষেত্ৰ বা শ্মশান দৰ্শন কৰিলে মানুহৰ মনবোৰ

বাকীছোৱা জীৱন /৩২৭