মোৰ চাৰ্জন। চুইচৰ প্ৰসংগটো উত্থাপন কৰিলো। বিছনাৰ কাষতে বেৰত আছিল হামনিয়মৰ ৰীডৰ দৰে এশাৰী চুইচ। ডাক্তৰে সেই চুইচ শাৰী মোৰ হতুৱাই দুৱাৰমান জ্বলোৱা-নুমোৱা কৰালে। শ্বক খাই মই নমৰিলো। যিটো ফালে পেছমেকাৰটো বহুওৱা হৈছে তাৰ বিপৰীত ফালৰ কাণেৰে ম'বাইল ব্যৱহাৰ কৰিবলৈ কোৱাত নিশ্চিন্ত হৈছিলো।
মোক সংগ দিবলৈ অহাসকলৰ ম'বাইলেৰে ঘৰত এৰি থৈ যোৱা মোৰ ম'বাইলত ফোন কৰিবলৈ ল’লে এটা দৈৱবাণী শুনিছিলো— not reachable. চৌবিশ ঘণ্টাই ফোনটো ধৰা ছোৱাৰ বাহিৰত কিয়, ভাবো। আমাৰ গৃহস্থৰ খা-খবৰ কৰিবলৈ প্ৰতিদিনেই আমাৰ ঘৰলৈ আহিছিল অংকুৰ তামুলী ফুকন। এদিন আমাৰ ঘৰৰ পৰা মোৰ তালৈ যাওঁতে অংকুৰক ফোনটোৰ কথা সুধিলো, উত্তৰ তেওঁৰ ওঁঠত লাগি আছিল। ফোনটো বেয়া হোৱা বাবে গৃহস্থই হেনো ৰিপেয়াৰ কৰিবলৈ দিছে। শুনি মোৰ মনত দুইধৰণৰ প্ৰতিক্ৰিয়া হৈছিল। ফোনটো যে বেয়া হৈছে তেওঁ জানিলে কেনেকৈ? তেওঁতো ম'বাইল ব্যৱহাৰ নকৰে। দ্বিতীয়তে ৰিপেয়াৰ কৰিবলৈ ইমান লৰাঢপৰা লাগিল কিয়? আঠ দিন হাস্পতালবাসৰ পাছত ছুটী পালো। মনটো বেয়া লাগি গৈছিল। Home sweet home বুলি কবিয়ে লিখিছে যদিও মই ভাবো ঘৰৰ বাহিৰখনহে মিঠা। চিন্তা নাই, ভাবনা নাই, বিশেষকৈ দায়িত্ব নাই। মুকলি মনেৰে যিফালে মন যায় ঘূৰি ফুৰা বোহেমিয়ানৰ দৰে। কি ৰান্ধিবা, কি খুৱাবা, চাউল আছে নে নাই, নিমখ-তেল, পাচলি, বিস্কুট, আটা, চাহপাত-চেনি আছে নে নাই ইত্যাদি চিন্তাৰ পৰা মুকলি হৈ সপ্তম স্বৰ্গত বিচৰণ কৰি ফুৰিবলৈ কি যে ভাল লাগে। ঘৰত সোমোৱা আৰু জে’লখানাত সোমোৱা একেই কথা। তদুপৰি বেছিভাগ বিবাহিতা তিৰোতা গৃহহীন। তেওঁলোকৰ স্বামীৰ ঘৰ আছে, শহুৰেকৰ ঘৰ আছে, দেউতাকৰ ঘৰ আছে, মোমায়েকৰ ঘৰ আছে, নাই নিজৰ ঘৰ। যিসকলে নিজে ঘৰ বান্ধে, নিজৰ মাটিত তেওঁলোকৰ কথা সুকীয়া।
মাজতে উত্তৰ-পূব ভাৰতৰ মানুহৰ ম'বাইল ফোনবোৰৰ ঠিকনা পুনৰীক্ষণ কৰোৱাৰ নিৰ্দেশ দিছিল। আমাৰ প্ৰতিবেশী মহিলা এগৰাকীৰ এয়াৰচেল কোম্পানীৰ ফোনটোৰ বাবে দাখিল কৰা ঠিকনাটো তেওঁলোকে মানি নল'লে। ঠিকনাৰ প্ৰমাণ হিচাপে দাখিল কৰিছিল ঘৰৰ ইলেকট্ৰিচিটিৰ বিলখন। বিলখন আহে তেওঁৰ স্বামীৰ নামত। মানুহজনৰ ঠিকনা তেওঁৰ হ'ব পাৰে তাৰ প্ৰমাণ কি? তেওঁলোকৰতো ৰেজেষ্ট্ৰি বিয়াও হোৱা নাছিল যে প্ৰমাণ-পত্ৰ দাখিল কৰিব পাৰিব। মানুহগৰাকী লাজে-অপমানে উভতি আহিছিল। এনে পৰিস্থিতিত একমাত্ৰ মান-অপমানহীন মহিলাইহে ভাবিব পাৰে হোম