পোৱা নাই যদিও অভিজ্ঞসকলৰ মুখে শুনিয়ে মোৰ উশাহ বন্ধ হোৱা যেন পাইছিলো। চুঙা এটাত ভৰাই তীব্ৰ শব্দৰ মাজত ৰোগীক হেনো আধাঘণ্টা ৰাখি থোৱা হয়। ৰোগীয়ে ত্ৰাহি মধুসুধন দেখিলেও ওলাই অহা অসম্ভৱ।
এবাৰ জি এন আৰ চি লৈ অসুস্থ হৈ গৈছিলো। ড° নোমল বৰাই ভৰি-হাতৰ তলুৱা আৰু গাঁঠিবোৰ হাতুৰীৰে কোবাই কোবাই চাই সুধিছিল মোৰ ভয় লাগিছে নেকি? মই টপৰাই ক'লো ইমান পৰে ভয় লগা নাছিল এম আৰ আই কৰিব লাগে বুলি ভয় লাগিছে। তেওঁ তাৰ সলনি চি টি স্কেন কৰাইছিল।
আমাৰ গৃহস্থহঁতৰ পৰিয়ালৰ মানুহৰ এটা এলাৰ্জি আছে, তেজ দেখিলে তেওঁলোকৰ মূৰ ঘূৰায়। এইটো তেওঁলোকৰ বংশগত এটা খুঁত। বেজী দিয়া দেখিলেও তেওঁলোক নাৰ্ভছ হয়। মোৰ শৰীৰত দুবাৰ চাৰ্জনে কেঁচি চলাইছিল। প্ৰথমবাৰ কলকাতাত, দ্বিতীয়বাৰ গুৱাহাটীত। মনত নাই কি কাৰণে নাৰ্ছি হোমলৈ যোৱাৰ কেইদিনমান আগৰে পৰা কঁকালত বেজী ল’বলগীয়া হৈছিলো। মই উবুৰি হ’বৰ সময়ত দেখিছিলো গৃহস্থ আৰু পুত্ৰ দুয়ো ওচৰতে আছে। বেজী দিয়াৰ পাছত উঠি চাওঁ বাপেক-পুতেক দুয়ো অন্তৰ্ধান। আনটো কোঠালৈ আহি দেখিলো এজনে বিছনাত দীঘল দি আছে, আনজনে বিছনাৰ চাৰিওফালে তেলপেৰা গৰুৰ দৰে ঘূৰিবলৈ ধৰিছে। বেজী দিওঁতেই এই অৱস্থা, অস্ত্ৰোপচাৰৰ দিনা তেওঁলোককো হাস্পতালত ভৰ্তি কৰাব লাগিব। মই বিছনাত পৰি থকা ৰোগী নাছিলো বাবে নাৰ্ছিং হোমৰ লগত কথাবতৰা নিজেই কৈছিলো। তেওঁলোক আচৰিত হৈছিল ময়েই পেচেণ্ট বুলি শুনি।
একেধৰণে আচৰিত হৈছিল গুৱাহাটীৰ দিছপুৰ পলিক্লিনিকৰ ৰিছেপচন কাউণ্টাৰত কৰ্মৰতসকল, যেতিয়া শুনিলে ময়েই পেচেণ্ট।আচলতে অৱস্থাই মানুহক তৈয়াৰ কৰে। দেউতাৰ অকাল মৃত্যুৱে কম বয়সতে মোক Rough and tough কৰিছিল। গৃহস্থ বেমাৰ-আজাৰত নাৰ্ভাৰ্ছ হোৱা মানুহ। দিছপুৰ পলিক্লিনিকত পেছমেকাৰ সংস্থাপন কৰিবৰ দিনা তেওঁক ঘৰতে বহি থাকিবলৈ কৈছিলো। আবেগ প্ৰৱণ হৈ পৰিছিলো যেতিয়া শুনিছিলো মই অ' টিত থকাৰ সময়ত খবৰ ল'বলৈ আত্মীয়-বন্ধু অনেকে আহিছিল। এওঁলোকৰ মাজত আছিল যতীন্দ্ৰ কুমাৰ বৰগোহাঞি, কুমাৰ ভাস্কৰজ্যোতি, ৰিপুঞ্জয় গগৈ, খাইৰুল আলম, নৰেন বৰা, গিৰীন্দ্ৰ নাথ কাৰ্জি প্ৰমুখ্যে বন্ধু-বান্ধুৱকে লৈ ভনীজোঁৱাই ডাঃ চি দাস, ভাগিন-ভাগিনজোঁৱাই বৰ্ণালী-নৱ কলিতা, নাতিনী জোঁৱাই-নাতিনী ডাঃ দেবব্ৰত বৰ্মন-দেবাঞ্জনা, ভাই হৰ্ষ দাস, ভতিজা শুভেন্দু গুহ, বাইদেউ অনিতা আৰু তেওঁৰ ল'ৰা-ছোৱালী অসীম-অৰূপ-অমিত-আল্পনা আৰু অনেক