বিশ্লেষণ কৰিবলৈ ধৰিলে কিয় তেনেকৈ ক'লে গৃহস্থই। হয়তো ভাগিন কেইজনৰ বাবে তেওঁ যথেষ্ট চিন্তিত আছিল। তেওঁ বোধকৰো ভাবিছিল বাংলাদেশ চৰকাৰে টকাখিনি এনেয়ে পঠাই দিব।
যি কি নহওক বৰজনাহঁতক জনালো ঘটনাটো। তেওঁলোকে বুজালে ভায়েকে ভাবি একো কোৱা নাই। ‘সি তেনেকুৱাই’। তদুপৰি মই কষ্ট কৰি সম্পত্তিৰ মূল্য উলিয়াব পাৰিলে মোক পাৰিশ্ৰমিক কিয় দিয়া নহ'ব। এই কথাৰ উত্তৰত কৈছিলো যে নিজৰ শাহুৰ সম্পত্তি উদ্ধাৰ কৰাৰ বিনিময়ত পাৰিশ্ৰমিক পোৱাৰ প্ৰশ্নই নাই। পিছে জোতা তিনিযোৰৰ মূল্য পালেই সন্তুষ্ট হ’লোহেঁতেন। তদুপৰি মই নিঃস্বাৰ্থও নাছিলো। গৃহস্থই এটা ভাগ পালে তেতিয়াও পঢ়ি থকা পুত্ৰৰ কামত লাগিব পাৰে, এনেধৰণৰ চিন্তাও নিশ্চয় কৰিছিলো। আজিও মোৰ ভাবি দুখ লাগে এই পৰিয়ালটোত কেইবাজনো উপযুক্ত ব্যক্তি থকা সত্ত্বেও কামটো কৰিবলৈ কোনো আগবাঢ়ি নাহিল। দলিলবোৰ ক’ত আছে নাজানো। মই ঘূৰাই দিছো। মই প্ৰয়োজনত ফুলৰ দৰে কোমল, প্ৰয়োজনত বজ্ৰৰ দৰে কঠিন। মোৰ সিদ্ধান্তক কোনেও টলাব নোৱাৰে।
গৃহস্থ স্বল্পবাক, কিন্তু মাজে মাজে ঘপহকৈ কিছুমান কথা নভবা-নিচিন্তাকৈ কয়। আৰু কিছুমান কাম নভবা-নিচিন্তাকৈ কৰে। কেতিয়াবা তাৰ বাবে মই পৰো শ’লঠেকত। এওঁ হেনো ল’ৰালিকালত আগজাননী নিদিয়াকৈ স্কুলৰ পৰা বন্ধু-বান্ধৱক লৈ আহি মাকক প্ৰায়ে কৈছিল সকলোকে ভাত খুৱাবলৈ। তেওঁ আকৌ ৰান্ধিবলগীয়া হয় ইটো-সিটো। শাহু আছিল ৰন্ধন পটিয়সী। তদুপৰি মানুহক বিবিধ ব্যঞ্জনেৰে খুৱাই ভাল পাইছিল। মোক অৱশ্যে সেইফালৰ পৰা বিপদত পেলোৱা নাই। কিন্তু তাতোকৈ ডাঙৰ এটা অৱস্থাই মোৰ লগত আপোন মানুহ এঘৰৰ সম্পৰ্কত ফাট এটা মেলাইছিল। তেতিয়া আমি কলকাতা আহি পাইছো মাত্ৰ। কলকাতালৈ আহি মোৰ কি অৱস্থা হৈছিল এই কিতাপখনৰ প্ৰথমফালে লিখিছো। এদিন এওঁ আপোন মানুহ এঘৰৰ পৰা আহি মোক ক'লে তেওঁলোকে এওঁক হেনো কৈছে কলকাতাত পঢ়িবলৈ অহা আন এজন আত্মীয়ৰ পুতেকক আমাৰ ঘৰত ৰাখিবলৈ। টালি-টোপোলা লৈ তেওঁ দুদিন পাছত আহিব। মোৰ টিঙিচকৈ খং উঠিল যদিও প্ৰকাশ নকৰিলো। এওঁতো জানেই, আনকি আত্মীয় স্বজন সকলোৱে জানে কলকাতাত বহু সমস্যাৰ মাজত থাকিবলগীয়া হৈছো। গেছ নাই, কেৰাচিনো নাই, কয়লাৰ চৌকা জীৱনত জ্বলাই পোৱা নাই। জয়ক পাব্লিক বাছত স্কুললৈ লৈ যাওঁ, লৈ আহো ইত্যাদি হেজাৰটা অসুবিধাত তেতিয়া মোৰ বলিয়া হোৱাৰ অৱস্থা। তথাপিতো কিয় মোৰ ওপৰত আটায়ে এই