পৃষ্ঠা:অনিমা গুহ.pdf/২৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

থিয় দি আছে সেউজীয়া পাহাৰ। হাডছনো ভালেমান ঠাইত বৈ গৈছে পাহাৰী অঞ্চলৰ মাজেৰে। দুয়োখন নৈৰ উপত্যকাৰ মাটি সাৰুৱা। এসময়ত হাডছন উপত্যকাক কোৱা হৈছিল Bread basket of Newyork. ১৯৭৬ চনৰে পৰা নিউয়ৰ্ক মহানগৰীত খেতিয়কৰ বজাৰবোৰে প্ৰাধান্য লাভ কৰি আছে। নৈপৰীয়া অন্যান্য মহকুমাবোৰেও পাইছে একেই সুবিধা। আমাৰ ইয়াৰ দৰে ‘লোকেল’ৰ আদৰ তাতো বেছি।

 পিছে কেৱল পাচলিয়ে নহয়, হাডছনৰ পাৰৰ ফলৰ বাগিচায়ো দৃষ্টি কাঢ়ি নিয়ে। দুই-একৰ বাহিৰে এই অঞ্চলৰ বাসিন্দাই সাধাৰণতে ব্যৱসায়-বাণিজ্য কৰিব পৰাকৈ উৎপাদন নকৰে। মাছ-পুঠিৰ খেতি কৰে জলাশয়ত আৰু গৰু-গাহৰি পোহে ফাৰ্মত।

 আমাৰ ল'ৰাহঁতো থাকে হাডছন উপত্যকাত। প্ৰতি শনিবাৰে আগবেলা খেতিয়কৰ বজাৰলৈ যোৱাটো মোৰ এটা নিচাৰ দৰে হৈছিল। বাটৰ কাষত আহল বহল ঠাই এডোখৰত তম্বুৰ তলত বজাৰখন বহে, ঠিক যেনিবা আমাৰ এইফালৰ হাট। পাৰ্থক্য হ'ল আমাৰ খেতিয়কসকলৰ সাজপোছাক আচাৰ-আচৰণ, কথা-বতৰাত যিটো গ্ৰাম্য ভাব দেখিবলৈ পাওঁ চাহাব খেতিয়কৰ ক্ষেত্ৰত সেই গ্ৰাম্যতা অনুপস্থিত। তদুপৰি আমাৰ হাট-বজাৰ তেওঁলোকৰ দৰে পৰিষ্কাৰ-পৰিচ্ছন্ন নহয়।

 ৰাতিপুৱাৰে পৰা ফাৰ্মাছ মাৰ্কেটত দেখিছিলো লানি নিছিগা ভিৰ। একো একোজনৰ হাতত পাঁচ-ছটাকৈ মোনা। বুঢ়া-বুঢ়ীসকলে লাখুটিত ভৰ দি টুকটুককৈ খোজ কাঢ়ি বয়-বস্তু কিনিছে। কেঁচুৱাৰ মাকবোৰে শিশুক ষ্ট্ৰলাৰত বহুৱাই, খোজকাঢ়িব পৰা কেইটাক খোজ কঢ়াই বজাৰ কৰিছে। খেতিয়ক গৃহিণীসকলে ঘৰতে কৰা কেক, বিস্কুট, চকলেট আৰু নাম নজনা মিঠা বস্তু কিনি ফুটপাথতে বহুৱাই শিশুবোৰক খুৱাইছে। চাৰিওফালে উৎসৱমুখৰ পৰিবেশ। কফিও পোৱা যায়। চিনাকি মানুহৰ লগত দেখা-সাক্ষাৎ হয়। হাতত কফিৰ ডিচপ’জেৱল পাত্ৰটো লৈ বজাৰো কৰে আড্ডাও মাৰে ক্ৰেতাসকলে।

 মই কাকো চিনি নাপাওঁ, গতিকে আড্ডাৰ প্ৰশ্ন নুঠে। বজাৰখনৰ ইমূৰৰ পৰা সিমূৰলৈ পাক মাৰি খাদ্য সামগ্ৰীবোৰ চাওঁ। পাচলিৰ বৈচিত্ৰ্যই মন কাঢ়ি নিয়ে। ইমান দিনে বীট ৰঙা বুলিয়ে জানিছিলো, পিছে এওঁলোকে সোণোৱালী বীটো উৎপাদন কৰিছে। আলুৰ আকাৰ আৰু ৰঙৰো যে কিমান বৈচিত্ৰ্য। কিছুমানৰ বাকলিখনেই নহয় ভিতৰখনো ৰঙা বা গুলপীয়া বা নীলা। কিছুমান আলু শকত-আৱত মানুহৰ আঙুলিৰ আকাৰৰ। এইবিধ আলুক কোৱা হয় ফিংগাৰ লিং। এই আলুবিধ পুৰি খাবলৈ ভাল। পুৰিবলৈ আধুনিক সা-সৰঞ্জাম থাকিলেও কাঠৰ জুইত আলু পুৰি

২৭৬/ বাকীছোৱা জীৱন