পৃষ্ঠা:অনিমা গুহ.pdf/২৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আলোচনা কৰে কোনে কিমান দিন ‘দেশ' লৈ যোৱা নাই বা কেতিয়া যাব ইত্যাদি। নিসংগবোধ আলোচনাৰ আন এটা বিষয়। বুঢ়া-বুঢ়ী দুয়ো জীয়াই থাকিলে পৰস্পৰক সংগদান কৰিব পাৰে। পৰিয়ালৰ আটায়ে যেতিয়া ৰাতিপুৱাতে নিজ নিজ কামত ওলাই যায় তেতিয়া জনমানৱহীন ঘৰখনত তিষ্ঠাই টান।

 গৃহস্থৰ তুলনাত ল’ৰাহঁতৰ তালৈ মই বেছি গৈছো। ল’ৰা-বোৱাৰী আৰু নাতি দুটা পুৱা ওলাই যাবৰ সময়ত সাৱধান কৰি দি যায় যেন বিজুলী চালিত ষ্টোভটো নজ্বলাওঁ। ল’ৰাৰ ভয় মাকে যদি নুমাবলৈ পাহৰি যায়, যদি মাকক শ্বক মাৰে, যদি আঞ্জাখন নমাওঁতে হাত পিছলি গৈ মাকৰ হাত-ভৰি পোৰে। চিঞৰিলেও ওচৰ-চুবুৰীয়া কাকো পাবলৈ নাই। নাতিহঁতে কয় তথাপিতো যদি কিবা বিপদ হয় ৯১১ ক মাতিবা। আচলতে মই নিঃসংগ নহওঁ। কিতাপেই মোৰ বন্ধু, কিতাপেই মোৰ সংগী। তদুপৰি লেখাৰ সমল গোটাওঁ। দুপৰীয়া কোনোমতে খাওঁ বাবে গধূলি বোৱাৰীৰ ধমকি খাওঁ।

 বহিৰাগতৰ প্ৰসংগলৈ উভতি যাওঁ। আফগানিস্তান আন এখন দেশ য’ৰ পৰা আহে বহিৰাগতসকল। এওঁলোকৰ ভিতৰত বিধৱাৰ সংখ্যাই বেছি। কেলিফ'ৰ্নিয়া ষ্টেট ইউনিভাৰ্চিটিৰ ছ'চিয়ল'জিৰ প্ৰফেচাৰ এগৰাকীয়ে কৰা এটা অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে নিজৰ দেশত দেখি অহা বিভীষিকাই আফগান মহিলাসকলক মানসিক আঘাতৰ বলি কৰে। জিয়ামুস্তাফা নামৰ আফগান মহিলাগৰাকীৰ স্বামীৰ আৰু ডাঙৰ ল’ৰাটোৰ কাবুলত মৃত্যু ঘটিছিল এটা ৰকেটৰ আঘাতত। আনটো চৌবিশ বছৰীয়া পুত্ৰ মাকৰ লগত আছে। তেওঁৰো এখন ভৰি ছিগি গৈছে। আফগানসকল এনে এখন দেশৰ পৰা আহিছে য'ত জীয়াই থকা এটা সমস্যা। এওঁলোকৰ মানসিক স্বাস্থ্য-পাতিৰ বুজ ল’বলৈ আমেৰিকাত আছে বিভিন্ন সংস্থা, মানসিক ৰোগৰ চিকিৎসক আদি। আফগান বয়োজ্যেষ্ঠ মহিলাসকলৰ সংগঠন এটাৰ প্ৰতিষ্ঠাতা নাজমা হামিদে ভাবিছিল আমেৰিকাৰ আধুনিক ঘৰত বাস কৰি, সুখাদ্য খাই, গাড়ীত উঠি আফগান বিধৱা মহিলাসকলে নিশ্চয় সুখেৰে কটাব। কিন্তু তেওঁলোকক নাজমাই সদায় কান্দি থকাহে দেখে।

 এইদৰেই সুখ-দুখৰ মাজেৰে কটায় নিজ নিজ দেশ ত্যাগ কৰি আমেৰিকাত খোপনি পোতা জ্যেষ্ঠ ভাৰতীয় বা আন আন মূলৰ বহিৰাগতসকলে। আমেৰিকাত ওপজা জ্যেষ্ঠ নাগৰিকৰ ১২ শতাংশই বাস কৰে দাৰিদ্ৰ্য সীমাৰেখাৰ তলত। ইয়াৰ বিপৰীতে বিদেশৰ পৰা অহাসকলৰ ভিতৰত এই হাৰ ১৬ শতাংশ। আন এটা ২৪

২৭৪/ বাকীছোৱা জীৱন