পৃষ্ঠা:অনিমা গুহ.pdf/২৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জীৱন কটাবলৈ ভাল নালাগে। চাকৰি-বাকৰি কৰা অবিবাহিত ডেকা-গাভৰুৰো নিসংগ লাগে। ইংৰাজী নুবুজা মাক-দেউতাকবোৰৰ হয় চৰম অসুবিধা। এওঁলোকৰ বহুতে চৰম হতাশাত ভুগি মনস্তাত্বিক সমস্যাৰ বলি হ'বলগীয়া হৈছে। এওঁলোকৰ নিজা কোনো সমাজ নাই, আমেৰিকান সংস্কৃতিৰ লগত হয় সংঘাত। নিজৰ নাতি-নাতিনী আৰু ল'ৰা-ছোৱালীকো কেতিয়াবা তেওঁলোকৰ বিদেশী যেন লাগে। ফ্ৰিমণ্ট চহৰৰ একেটা অঞ্চলত বাস কৰা বয়োজ্যেষ্ঠসকলে নিঃসংগতা দূৰ কৰিবলৈ সপ্তাহৰ পাঁচোটা দিন ম্যল এখনৰ সন্মুখত হাতত ডিচপ’জেব্ ল কাপত চাহ একোকাপ লৈ সুখ-দুখৰ কথা পাতে, এইখন অদ্ভুত দেশৰ অদ্ভূত সংস্কৃতিৰ বিষয়ে আলোচনা কৰে, বোৱাৰীৰ নিন্দা কৰে ইত্যাদি।

 বিদেশৰ পৰা অহা এই বয়োজ্যেষ্ঠসকল সাম্প্ৰতিক কালত আমেৰিকালৈ অহা বহিৰাগতসকলৰ সংখ্যাৰ ১১ শতাংশ। ১৯৯০ চনত ৬৫ বছৰৰ ওপৰৰ বহিৰাগতৰ সংখ্যা ২.৭ নিযুতৰ পৰা বাঢ়ি ২০০৯ চনত ৪.৩ নিযুত হৈছে। ধাৰণা কৰা হৈছে ২০৫০ চনত ১৬ নিযুত হ’বগৈ। কেলিফ’ৰ্নিয়াৰ প্ৰতি তিনিজন জ্যেষ্ঠ নাগৰিকৰ এজন বহিৰাগত।

 নিউয়ৰ্ক মহানগৰীৰ উত্তৰে চহৰতলী এখনৰ জে চি ম্যলত প্ৰায়ে ধুতি পিন্ধা বয়সীয়া মানুহ এজনক যেতিয়াই তালৈ গৈছো দেখা পাইছিলো। মাজে মাজে তেওঁৰ লগত দেখিছিলো শকত-আৱত শাৰী পিন্ধা তেওঁৰ পত্নীক। গুজৰাটী মানুহজনৰ উপাধি আছিল পানঢ্যে। গুজৰাটী দম্পতীহালক আমেৰিকাবাসী পুতেকসকলে বৰোদাৰ পৰা উঠাই আনিছে। দেখা হ’লে কথা পাতিছিলো। আমেৰিকালৈ আহি নিজৰ সমাজখনক হেৰুৱাই মনোকষ্টত ভুগিছে হেনো।

 মই নিজে কেইবাবাৰো গৈ উপলব্ধি কৰিছো নিজৰ ঘৰ এৰি, চিনাকি পৰিবেশ এৰি ওৰে জীৱনটো কটোৱা কষ্টকৰ। কিন্তু তাৰ লাইব্ৰেৰী আৰু কিতাপৰ দোকানবোৰৰ তুলনা নাই। কিতাপেই নিঃসংগতা দূৰ কৰিব পাৰে। কিন্তু সকলোৱেতো আৰু কিতাপ ভাল নাপায়।

 ফ্ৰিমণ্টবাসী ৭৯ বছৰীয়া দেবেন্দ্ৰ সিং নামৰ বিপত্নীক মানুহ এজনৰ কথা কাগজত পঢ়িছিলো। নিজৰ দেশত তেওঁ জাকৰুৱা ঘৰ এখনত চৈধ্যজন সদস্যৰে সৈতে বাস কৰিছিল। তাৰ পৰা পুতেকৰ লগত থাকিবলৈ আমেৰিকালৈ আহিল তেওঁ। আহি নাতিহঁতক চোৱা-মেলা কৰাত ব্যস্ত হৈ পৰিল। সিহঁতক স্কুললৈ অনা-নিয়া, খেলিবলৈ লৈ যোৱা ইত্যাদি কামত ব্যস্ত হৈ থাকিলেও নিজা সমাজখনক হেৰুৱাই মনোকষ্ট

২৭০/ বাকীছোৱা জীৱন